ওভতনি যাত্ৰা আৰু অন্যান্য গল্প

ৱিকিউৎসৰ পৰা

ওভতনি যাত্ৰা আৰু অন্যান্য গল্প


অতনু ভট্টাচাৰ্য

[ প্ৰথম পৃষ্ঠা ]
 

ওভতনি যাত্ৰা
আৰু অন্যান্য গল্প

 

অতনু ভট্টাচাৰ্য

 

কেমব্ৰিজ ইণ্ডিয়া

 

[ প্ৰকাশন ]

ওভতনি যাত্ৰা আৰু অন্যান্য গল্প
অতনু ভট্টাচাৰ্যৰ গল্প সংগ্ৰহ
 প্ৰথম প্ৰকাশ : ২০০৪ চন  পুনঃ মুদ্ৰণঃ অক্টোবর ২০০৮
 দ্বিতীয় প্ৰকাশ : ২০০৬ চন  পুনঃ মুদ্ৰণঃ আগষ্ট ২০১১
 ©: লেখক

 প্ৰকাশকঃ কেমব্ৰিজ ইণ্ডিয়া
 এফ ৪৬, দক্ষিণাপন
 কলকাতা-৭০০ ০৬৮
 ফোন- ২৪২৩৭২৪৬

 শাখা কাৰ্যালয়ঃ মতিলাল নেহৰু ৰোড, পাণবজাৰ
 গুৱাহাটী-১
 ফোন- ২৬০০০১৬, ২৫৪৭৩৯০

 মুদ্ৰণঃ কেমব্ৰিজ লেজাৰ প্ৰিণ্ট
 এফ ৫৫ দক্ষিণাপন
 ২ গৰিয়াহাট ৰোড (এছ)
 কলকাতা-৭০০ ০৬৮
 ফোন- ২৪২৩-৭৩৭১

 মূল্যঃ ১৪০ টকা
 প্ৰচ্ছদঃ ৰবীন বৰুৱা

Obhatani Jatra Aru Anyaanya Galpa
A collection of short stories by Atanu Bhattacharyya and Published by CAMBRIDGE INDIA, Kolkata

Price: ₨140/-

[ উছৰ্গা ]
 

ড. ভবেন্দ্ৰ নাথ শইকীয়াৰ
পবিত্ৰ স্মৃতিত
যাৰ সাহিত্য আৰু সততাই
আমাক মুগ্ধ কৰে, বিস্মিত কৰে।
অতনু ভট্টাচাৰ্য

 

[ আগকথা ]

 

আগকথা

 অতনু ভট্টাচাৰ্যৰ ‘ওভতনি যাত্ৰা আৰু অন্যান্য গল্প’নামৰ গল্প সংগ্ৰহৰ গল্পবোৰ পঢ়ি আৰু এজন প্ৰতিশ্ৰুতিসম্পন্ন অসমীয়া গল্পকাৰৰ সন্ধান পালো। গল্পকাৰে গল্পৰ প্ৰচলিত সংজ্ঞাৰ বেষ্টনীৰ মাজতেই নিজকে আবদ্ধ কৰি ৰখা নাই। তেওঁ নতুন যুগৰ নতুন পৰিস্থিতি আৰু মানুহৰ চিত্ৰ অংকন কৰাৰ চেষ্টা কৰিছে আৰু কিছুমান গল্পত যথেষ্ট সফলতা লাভ কৰিছে।

 ‘এটা ভাগ্য সম্পৰ্কীয় গল্প’, ‘শুভাকাংক্ষী’, ‘এখন ফেমিলি ফটোগ্ৰাফ’, ‘যেতিয়ালৈকে আপুনি ৰৈ থাকে উৎকঠিত হৈ’, ‘এটা ভুল, এটা শুধৰণি’, ‘ওভতনি যাত্ৰা’, ‘এদিন দুৰ্দিন’, — প্ৰত্যেকটোৱেই একো একোটা ভাল গল্প। ‘সুহুৰি’ গল্পটোত লেখকে এটা বিশেষ ধৰণৰ মড ধুনীয়াকৈ প্ৰকাশ কৰিছে। লেখকৰ প্ৰকাশভংগী জটিল নহয়। ভাষা সাৱলীল আৰু এইধৰণৰ গল্প ৰচনাৰ উপযুক্ত মাধ্যম।

 মই আশা কৰিছোঁ যে অতনুৱে আগলৈ যেন অসাৱধান হৈ নপৰে আৰু ৰচনাৰ মান ৰক্ষা কৰাৰ ক্ষেত্ৰত সচেতন থাকে। ইংৰাজীত যাক 'A flash in the pan' বুলি কোৱা হয়, সেইটো যেন হ’বলৈ নিদিয়ে।

অতনু ভট্টাচাৰ্যক মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

[ ভূমিকা ]

 

গল্প, মোৰ কবিতাৰ বিকল্প

 ঘৰতে পিন্ধা, তেনেই সাধাৰণ কামিজ এযোৰ পিন্ধি মই যেন পদূলিমুখত থিয় হ’ব খুজিছিলো, তেনেকুৱাতে সমুখৰ ৰাস্তাটোত পায়চাৰী কৰি থাকিবলৈ মন গ’ল, তেনেকৈ থাকোঁতে থাকোঁতে ক’ব নোৱৰাকৈ এবাৰ যেনিবা কিছু আঁতৰলৈ গুচি গ’লো, আমাৰ চুবুৰিটো পাৰ হৈ, বজাৰখন পাৰ হৈ, পেট্ৰল পাম্পটো অতিক্ৰম কৰি মই যেন অৱলীলাক্ৰমে সোমাই পৰিলো কোনো এক প্ৰাচীন আড্ডাৰ অভ্যন্তৰত। একাপ চাহ, অলপ কথোপকথন, কিছু সুখ আৰু দুখৰ বিনিময়।

 ইমানেই সাধাৰণ মোৰ গল্পৰ আয়োজন। যেতিয়া আৰম্ভ কৰোঁ, তেতিয়া ভাব নহয় যে শেষ পৰ্যন্ত ই এটা গল্প হৈ উঠিব। এয়া যেন নিজৰ লগত কথা পতাৰ দৰে এটা একান্ত নিজস্ব আৰু নিবিড় আৰম্ভণি। অথচ মই ক’ব নোৱৰাকৈ ই গতি কৰে পৰিচিত দৃশ্যপটৰ মাজেৰে, পৰিচিত চৰিত্ৰবোৰৰ কাষেৰে,— আপোনাৰ ওচৰলৈ।

[ ভূমিকা ]  ইমানদিনে কবিতা লিখি আছিলো। এদিন অকস্মাতে সোমাই পৰিলোঁ গল্পৰ জগতত। মোৰ কবিতা ভাল পোৱা কিছুসংখ্যক পাঠকে শংকা প্ৰকাশ কৰিছিল। কিন্তু বেটছমেন এজনৰ জানো দুই অ’ভাৰ বলিং কৰিবলৈ মন নাযায়? সৌভাগ্যৰ কথা, মই অনুভৱ কৰিবলৈ ধৰিলো যে মোৰ গল্পও অনেকৰ দ্বাৰা চৰ্চিত আৰু প্ৰশংসিত হ’ল। দুটামান ইংৰাজীলৈ অনূদিত হ’ল আৰু সাহিত্য একাডেমিৰ মঞ্জুৰিপ্ৰাপ্ত মোৰ কেৰালা ভ্ৰমণৰ সময়ছোৱাত বিভিন্ন মঞ্চত মই গল্প পাঠ কৰিলো।

 কোনো সাহিত্য-সমালোচকে এদিন এই গল্পবোৰ নিজাববীয়াকৈ সংগ্ৰহ কৰিব অথবা জেপৰ ধন ভাঙি পঢ়ি আপোনাক ইয়াৰ যথাযথ ধাৰণা দিব, স্বাৰ্থহীনভাৱে আপোনাক পঢ়িবলৈ বা নপঢ়িবলৈ ক’ব,— তেনেকুৱা দুৰ্দান্ত আশা মইতো কৰিব নোৱাৰোঁ! গতিকে মই ভাবিলো যে মোৰ গল্প সম্বন্ধে অন্ততঃ এটা পৰিচয়মূলক টোকা লিখি থোৱাটো নিতান্ত আৱশ্যক।

 এবটল দৰবৰ লেবেলৰ ওপৰত আৰোপিত বাধা-নিষেধ আৰু পৰামৰ্শাৱলীৰ দৰে মই বৰ স্পষ্টভাৱে অথচ বিনয়েৰে ক’ব পাৰোঁ যে এই গল্পবোৰ তেওঁলোকৰ বাবে নহয় যিসকলে সাহিত্যৰ মাজত দৈনন্দিন জীৱনৰ সৰু-সৰু আনন্দ আৰু সুখৰ পৰিৱৰ্তে কৰিব খোজে কোনো ছিৰিয়াছ তত্ত্ব বা ism-অৰ সন্ধান। এই গল্পবোৰত বিপ্লৱৰ কোনো ফিৰিঙতি নাই, পথ দেখুওৱাৰ ধৃষ্টতা নাই। অথচ এয়া মোৰ ভাববিলাসো নহয়, বৰং আপোনাক কিবা এটা কোৱাৰ প্ৰচণ্ড তাড়না।

 এই পোন্ধৰটা গল্পৰ দহোটাই প্ৰান্তিকত প্ৰকাশিত, দুটা সাদিন কাকতৰ বিহু সংখ্যা, এটা দৈনিক জনসাধাৰণৰ শাৰদীয় সংখ্যা, এটা প্ৰান্তশ্ৰীত আৰু আন এটা অধুনালুপ্ত আধাৰশিলা আলোচনীত প্ৰকাশিত। এই আটাইকেইটা গল্প একত্ৰে সংকলিত কৰি পাঠকৰ হাতত তুলি দিবলৈ যত্ন কৰা বাবে অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান কেমব্ৰিজ ইণ্ডিয়াৰ ধীৰাজ গোস্বামীক ধন্যবাদ জনালো।

গোৱালপাৰা
১৪ নৱেম্বৰ, ২০০৩

অতনু ভট্টাচাৰ্য

[ কৃতজ্ঞতা ]

 

কৃতজ্ঞতা

শীলভদ্ৰ প্ৰদীপ বৰুৱা ইমৰান হুছেইন সৌৰভ কুমাৰ ক্ষত্ৰিয় কুমুদ গোস্বামী উৎপল দত্ত ৰূপাঞ্জলি বৰুৱা দিগন্ত ওজা দিনকৰ কুমাৰ ৰবীন বৰুৱা অনুৰাধা শৰ্মা পূজাৰী পংকজ বৰমুদৈ কমল কুমাৰ মেধি ধীৰাজ গোস্বামী দিলীপ কুমাৰ শৰ্মা যতীন ভাগৱতী

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।