সমললৈ যাওক

পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

গল্প, মোৰ কবিতাৰ বিকল্প

 ঘৰতে পিন্ধা, তেনেই সাধাৰণ কামিজ এযোৰ পিন্ধি মই যেন পদূলিমুখত থিয় হ’ব খুজিছিলো, তেনেকুৱাতে সমুখৰ ৰাস্তাটোত পায়চাৰী কৰি থাকিবলৈ মন গ’ল, তেনেকৈ থাকোঁতে থাকোঁতে ক’ব নোৱৰাকৈ এবাৰ যেনিবা কিছু আঁতৰলৈ গুচি গ’লো, আমাৰ চুবুৰিটো পাৰ হৈ, বজাৰখন পাৰ হৈ, পেট্ৰল পাম্পটো অতিক্ৰম কৰি মই যেন অৱলীলাক্ৰমে সোমাই পৰিলো কোনো এক প্ৰাচীন আড্ডাৰ অভ্যন্তৰত। একাপ চাহ, অলপ কথোপকথন, কিছু সুখ আৰু দুখৰ বিনিময়।

 ইমানেই সাধাৰণ মোৰ গল্পৰ আয়োজন। যেতিয়া আৰম্ভ কৰোঁ, তেতিয়া ভাব নহয় যে শেষ পৰ্যন্ত ই এটা গল্প হৈ উঠিব। এয়া যেন নিজৰ লগত কথা পতাৰ দৰে এটা একান্ত নিজস্ব আৰু নিবিড় আৰম্ভণি। অথচ মই ক’ব নোৱৰাকৈ ই গতি কৰে পৰিচিত দৃশ্যপটৰ মাজেৰে, পৰিচিত চৰিত্ৰবোৰৰ কাষেৰে,— আপোনাৰ ওচৰলৈ।