পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইমানদিনে কবিতা লিখি আছিলো। এদিন অকস্মাতে সোমাই পৰিলোঁ গল্পৰ জগতত। মোৰ কবিতা ভাল পোৱা কিছুসংখ্যক পাঠকে শংকা প্ৰকাশ কৰিছিল। কিন্তু বেটছমেন এজনৰ জানো দুই অ’ভাৰ বলিং কৰিবলৈ মন নাযায়? সৌভাগ্যৰ কথা, মই অনুভৱ কৰিবলৈ ধৰিলো যে মোৰ গল্পও অনেকৰ দ্বাৰা চৰ্চিত আৰু প্ৰশংসিত হ’ল। দুটামান ইংৰাজীলৈ অনূদিত হ’ল আৰু সাহিত্য একাডেমিৰ মঞ্জুৰিপ্ৰাপ্ত মোৰ কেৰালা ভ্ৰমণৰ সময়ছোৱাত বিভিন্ন মঞ্চত মই গল্প পাঠ কৰিলো।

 কোনো সাহিত্য-সমালোচকে এদিন এই গল্পবোৰ নিজাববীয়াকৈ সংগ্ৰহ কৰিব অথবা জেপৰ ধন ভাঙি পঢ়ি আপোনাক ইয়াৰ যথাযথ ধাৰণা দিব, স্বাৰ্থহীনভাৱে আপোনাক পঢ়িবলৈ বা নপঢ়িবলৈ ক’ব,— তেনেকুৱা দুৰ্দান্ত আশা মইতো কৰিব নোৱাৰোঁ! গতিকে মই ভাবিলো যে মোৰ গল্প সম্বন্ধে অন্ততঃ এটা পৰিচয়মূলক টোকা লিখি থোৱাটো নিতান্ত আৱশ্যক।

 এবটল দৰবৰ লেবেলৰ ওপৰত আৰোপিত বাধা-নিষেধ আৰু পৰামৰ্শাৱলীৰ দৰে মই বৰ স্পষ্টভাৱে অথচ বিনয়েৰে ক’ব পাৰোঁ যে এই গল্পবোৰ তেওঁলোকৰ বাবে নহয় যিসকলে সাহিত্যৰ মাজত দৈনন্দিন জীৱনৰ সৰু-সৰু আনন্দ আৰু সুখৰ পৰিৱৰ্তে কৰিব খোজে কোনো ছিৰিয়াছ তত্ত্ব বা ism-অৰ সন্ধান। এই গল্পবোৰত বিপ্লৱৰ কোনো ফিৰিঙতি নাই, পথ দেখুওৱাৰ ধৃষ্টতা নাই। অথচ এয়া মোৰ ভাববিলাসো নহয়, বৰং আপোনাক কিবা এটা কোৱাৰ প্ৰচণ্ড তাড়না।

 এই পোন্ধৰটা গল্পৰ দহোটাই প্ৰান্তিকত প্ৰকাশিত, দুটা সাদিন কাকতৰ বিহু সংখ্যা, এটা দৈনিক জনসাধাৰণৰ শাৰদীয় সংখ্যা, এটা প্ৰান্তশ্ৰীত আৰু আন এটা অধুনালুপ্ত আধাৰশিলা আলোচনীত প্ৰকাশিত। এই আটাইকেইটা গল্প একত্ৰে সংকলিত কৰি পাঠকৰ হাতত তুলি দিবলৈ যত্ন কৰা বাবে অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান কেমব্ৰিজ ইণ্ডিয়াৰ ধীৰাজ গোস্বামীক ধন্যবাদ জনালো।

গোৱালপাৰা
১৪ নৱেম্বৰ, ২০০৩

অতনু ভট্টাচাৰ্য