ওভতনি যাত্ৰা আৰু অন্যান্য/এখন ফেমিলি ফটোগ্ৰাফ

ৱিকিউৎসৰ পৰা

[ ৩৮ ]


এখন ফেমিলি ফটোগ্ৰাফ

 এখন ফেমিলি ফটোগ্ৰাফ থাকিব লাগে। কথাটো প্ৰথমতে ভনৰ মনত খেলাল। তাই ছাগৈ ভাবিয়েই থৈছিল। কিন্তু প্ৰস্তাৱটো উত্থাপন কৰোঁতে যিমান কৰ্তৃত্বসুলভ মাত এষাৰ তাইৰ মুখেৰে ওলাই আহিব লাগিছিল, সিমানটো নহ’ল। লাজ আৰু সংকোচৰ সুৰ এটাও সেই মাতৰ লগত মিহলি হৈ ওলাল। আচলতে এইকেইদিন ভনক সঘনাই অন্যমনস্ক হৈ পৰা দেখা গৈছে। আৰু তেনেকুৱা হ’বৰেই কথা। ল’ৰাটো তাইৰ যিমানেই চিনাকি নহওক কিয়, নতুন ঘৰ এখনত থিতাপি লাগিবলৈ যোৱাটো সঁচাই এটা অদ্ভুত কাৰবাৰ।

 আজি এই আঠমঙলা নামৰ বিবাহ-সংলগ্ন অনুষ্ঠানটিৰ শেষ পৰ্যায় পাইছেহি। অনুগত ভৃত্যৰ দৰে মাখন বৰণীয়া গাড়ী এখন পদূলিত ৰৈ আছে। আৰু মাথোন এঘণ্টামান পাছতেই ভনহঁতক লৈ ই ধোঁৱা আৰু ধূলি উৰুৱাই গুচি যাবলৈ উদ্যত হ’ব। কিমান দূৰলৈ নো যাব! এইখন নগৰৰে আন এটা পদূলিত ৰ’বগৈ!

 ভনীয়েকজনী ওচৰত থাকিব বুলিয়েই হ’বলা ফেমিলি ফটোৰ কথাটো দেৱাশীষৰ মনলৈ অহা নাছিল। অলপ আগলৈকে অৱশ্যে তেনেকুৱা কিবা এটা ভাবিবলৈ তেওঁৰ আহৰিও নাছিল। কিন্তু এতিয়া হঠাৎ তেওঁ আৱিষ্কাৰ কৰিলে,—সদ্যহতে তেওঁৰ কৰিবলগীয়া একো নাই। তথাপি দুবাৰমান এনেয়ে পাছ চোতালৰপৰা আগ বাৰাণ্ডালৈ তেওঁ অহা-যোৱা কৰি চালে; নাই, —একো কাম নাই।

 শোভনাক এবাৰ ষ্টোৰৰুমৰ গধুৰ বাকচ এটা চোঁচোৰাই থকা দেখা গৈছিল। এতিয়া তেওঁ ডিভানখনৰ এচুকত আঁউজি বহিছে। তেওঁৰ ভাগৰ লাগিছে। বোৱাৰী হিচাপে তেওঁ কৰিবলগীয়াখিনি কৰিছে,— তেওঁৰ মুখখনত এতিয়া তেনেকুৱা এটা ভাব।

 বিয়াৰ দিনা পাহৰা দুই-এপদ লাগতিয়াল সামগ্ৰীৰ কথা তুলিৰ,— মানে ইন্দ্ৰ দত্তৰ দ্বিতীয়জনী জীয়ৰীৰ মনত পৰিছিল; মনত পৰোঁতেই তেওঁ মৌৰ,— অৰ্থাৎ তেওঁৰ ঠিক তলৰজনীৰ কাণ ছোৱাই থ'লে। মৌ আৰু ভনৰ মিলটো বেছি। কাগজৰ পেকেটবোৰত কিবাকিবিবোৰ সুমুৱাই থাকোঁতে মৌৱে মাজে মাজে উচুপি থাকিল।

 এনেকুৱা একোটা বিহ্বল, আৱেগজৰ্জৰ, নাটকীয় মুহূৰ্তত দেৱাশীষৰ চিন্তা হয় দেউতাকক লৈ। বয়সৰ লগে লগে ইন্দ্ৰ দত্তৰ টুক-টাক অসুখ-বিসুখ লাগিয়েই থকা হৈছে। ৰিউমেটিক পেইন, হাই ব্লাডপ্ৰেছাৰ— এজন বাসত্তৰ বছৰ বয়সৰ বুঢ়া মানুহে যিবিলাক ৰোগৰ প্ৰতিনিধিত্ব কৰে, সেই সকলোবোৰ তেওঁৰ আছে।

[ ৩৯ ]  মামু, তুলি আৰু মৌৰ একাদিক্ৰমে বিবাহ হৈ যোৱাৰ পাছত ইন্দ্ৰ দত্তৰ যোৱা চাৰিটা বছৰৰ স্বাস্থ্যৰ খবৰ ৰাখি থকা প্ৰাণীকেইটা হ'ল দেৱাশীষ আৰু ভন। এই চাৰিটা বছৰৰ শেহৰ দুটাত অংশগ্ৰহণ কৰি শোভনায়ো অৱশ্যে যথেষ্ট পৰিচৰ্যা কৰিছে।

 দেৱাশীষে শোভনাক কৈয়েই থৈছিল,—“কন্দা-কটা অলপ-অচৰপতো হ’বই, দেউতাৰ অৱস্থাটো ভন আৰু তুমিহে দেখি আছা, গতিকে সেইমতে চম্ভালিবা।”

 কিন্তু চকু, ওঁঠ আৰু নাকৰ পাহিৰে মৌৱে যি আয়োজন চলাইছে তালৈ চাই দেৱাশীষৰ আজিৰ অনুষ্ঠানটোৰ এই শেষ সময়কণ সুখকৰ নহ’ব যেনেই লাগিল। আঁৰ চকুৰে তেওঁ মন কৰিলে ভাইৰাচৰ দৰে মৌৰ চকুৰ পানী তুলিৰ চকুলৈ সংক্ৰমিত হৈছেই। পিনু জেঠাই, জেঠাইৰ ছোৱালী নিতা, ভনৰ লগৰ দুজনীমান, আনকি শোভনায়ো—বিভিন্ন ভংগীত নিজৰ নিজৰ ভাগৰ চকুপানীখিনি টুকি ল'লে।

 বাহিৰৰ এটা কোঠাৰ পৰা ৰাজনৰ বন্ধু দুজনৰ উচ্ছ্বসিত অথচ চেপা মাত একোষাৰি ভাহি আহিছে। সাংকেতিক ভাষাৰে তেওঁলোকে ৰাজনক জুলুম কৰিছে। চেপা মাতেৰে সিও প্ৰত্যাক্ৰমণ কৰিছে–তহঁতৰো পাল পৰিব এদিন বাছাহঁত, গম পাবি!

 খোৱা-বোৱা কৰিবলৈ কোনোবা ৰৈ গ’ল নেকি— ইন্দ্ৰ দত্তই তাৰে খবৰ লৈ ফুৰিছিল। আৰু অলপ আগতে কৰুণাৰ পৰা নিশ্চিত হৈ লৈছে—আৰু কোনো বাকী নাই। তাৰ পাছত? আলহী-দুলহীক মাত লগোৱাৰ বাহিৰে আৰু কি কৰা যায়? এনেকুৱা সময়ত ইন্দ্ৰ দত্তৰ ছাগৈ মানুহজনীলৈ মনত পৰে।

 এইখন চোতালত ইয়াৰ আগতেও চাৰিটাকৈ বিবাহ অনুষ্ঠান পাৰ হৈ গৈছে। দেৱাশীষৰ কথাটো যেনিবা বেলেগ; কিন্তু তেওঁৰ বায়েককেইজনীৰ ক্ষেত্ৰত প্ৰতিবাৰতেই এনে একোটা দিন, এনেকুৱা একোটি মুহূৰ্ত আহিছে। অথচ এই মুহূৰ্তত ইন্দ্ৰ দত্তক দেখি এনে লাগিল যেন এইখন চোতালত এইটো প্ৰথম বিবাহ অনুষ্ঠান!

 আন এটা কোঠাত দত্তৰ দুৰ্দান্ত নাতি-নাতিনীকেইটাই চিঞৰ-বাখৰ, দবৰা-দবৰি কৰি আছিল। দত্তই ভাবিলে, সিহঁতক কণ্ট্ৰোল কৰাটোও এটা কাম। স্কুলৰ ওপৰ শ্ৰেণী পোৱা দুটামানক বাদ দি দত্তৰ নাতি-নাতিনী সম্পৰ্কে প্ৰকৃততে, আৰু সংক্ষেপে, ইমানেই ক’ব পাৰি যে সিহঁতক চম্ভালিবলৈ যোৱাটো একপ্ৰকাৰৰ প্ৰত্যাহ্বান। সিহঁত গোটেইকেইটা লগলাগি এইকেইদিন সিহঁতৰ অফুৰন্ত প্ৰাণশক্তি যিদৰে উজাৰ কৰি দিছে তালৈ চাই কৰুণাৰ দৰে অলপধতুৱাটোৰ কথাতো বাদেই, মোমায়েক দেৱাশীষৰেই সাহসে কুলোৱা নাই।

 কিন্তু সিহঁতৰ চিঞৰ-বাখৰৰ শব্দবোৰ বন্ধ হৈ যোৱাটোও এই মুহূৰ্তত ভাল কথা নহ'ব। দেৱাশীষে ভাবিলে, এনেকুৱা পৰিবেশত কিবা এক ধৰণৰ হুলস্থূল হৈ থাকিবহে লাগে।

 অথচ অৱলীলাক্ৰমে সেই কোৰ্হালো বন্ধ হ’ল। যেন কাৰখানাৰ মেছিন এটা ঘৰ্ ঘৰ্ [ ৪০ ] শব্দ কৰি চলি আছিল আৰু হঠাৎ বিদ্যুৎ প্ৰবাহ বন্ধ হৈ গ'ল আৰু লগে লগে সেই শব্দটো নোহোৱা হ’ল। ইমানবোৰ মানুহেৰে ভৰি থকা ঘৰখন যেন হঠাৎ নিজম পৰিল।

 ইন্দ্ৰ দত্ত এইবাৰ ভন, মৌ, শোভনাহঁত সোমাই থকা কোঠাটোত সোমাল। কইনাৰ সাজেৰে গধুৰ হৈ থকা ভনৰ চকুৱে চকুৱে পৰোঁতে তেওঁক বিবুধিত পৰা যেন দেখা গ'ল।

 ঠিক তেনেকুৱাতে ভনে ক'লে, “পৰিয়ালৰ সকলো সদস্য থকাকৈ একপি ফটো উঠিব লাগে। দেউতাক মাজত লৈ আমি যেয়ে য’ত থিয় হ’ব লাগে হৈ এখন গ্ৰুপ ফটো উঠিম।”

 একপি গ্ৰুপ ফটো। এখন ফেমিলি ফটোগ্ৰাফ। এটা তেনেই সাধাৰণ কথা। অথচ ভনৰ মুখেৰে কথাষাৰ ওলোৱাৰ লগে লগে গোটেই পৰিবেশটো সলনি হৈ গ'ল।

 মামুহঁতৰ কেমেৰাটো মিতিলৰ হাতত আছিল। তেওঁ চিঞৰিলে, –– মিতিল।

 ফটোৰ প্ৰস্তাৱটো ৰাজনৰ কাণত পৰাৰ লগে লগে সিহঁতে অনা কেমেৰাটোৰে সিও সাজু হ'ল।

 দেৱাশীষে ক’লে, “তহঁতেই উঠচোন। লেতেৰাকৈ আছোঁ যেতিয়া ফটোকপি ময়েই তুলি দিওঁ।”

 কোনোবাই ক’লে, “নাই নাই, সেইটো কেনেকৈ হ’ব? আমি ইমানবোৰ বাহিৰা মানুহ থাকোঁতে আপুনি—”

 তুলি আৰু মৌৰ এতিয়াহে যেন মনত পৰিল, তাহাঁতৰ মানুহ দুটাক বহু সময় দেখা নাই। মৌহঁতৰো এটা কেমেৰা আছে; কিন্তু দৰকাৰৰ সময়ত কেমেৰাটো মানুহটোৱে ক’ত যে সুমুৱাই থয়, সেইটোহে বৰ বিৰক্তিৰ কথা।

 ইন্দ্ৰ দত্তই অৱশ্যে প্ৰথমতে অলপ লাজ কৰিলে। মামুৱে ক’লে, “একেলগে ফটো একপি উঠো দে পিতাই। মইনো ক’ত সঘনাই আহি থাকিব পাৰোঁ!”

 কথাষাৰ মিছা নহয় মামুৰ গৃহস্থ জলন্ধৰলৈ বদলি হোৱাৰ পাছত চাৰি বছৰৰ মূৰত তেওঁ ঘৰলৈ আহিছে। তাকো ল'ৰা-ছোৱালীহালক লৈ—একপ্ৰকাৰ অকলেই।

 তুলিহঁত থাকে গুৱাহাটীত। দেখাত তেনেই ওচৰ। কিন্তু ল’ৰাদুটাৰ পঢ়া-শুনা, টিউছন, চুইমিং ক্লাছ আদিৰ পাকত পৰি তেওঁৰো অহাটো কমিছে।

 আৰু যদিহে মেকডুৱেল কোম্পানীৰ কৰ্তৃপক্ষই মৌহঁতক কোম্পানীৰ ডুবাইৰ অফিছলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্তটো চূড়ান্ত কৰে তেন্তে অহা কেইটামান বছৰলৈ,—কোনে জানে কিমানদিনলৈ, —পৰিয়ালটোৰ সান্নিধ্যৰ পৰা তেওঁলোকো বঞ্চিত হ’ব।

 গতিকে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, এটা নিতান্তই পাৰিবাৰিক স্বাৰ্থত, একধৰণৰ আৱেগিক প্ৰয়োজনত দত্ত পৰিয়ালৰ সদস্যসকল এখন ফেমিলি ফটোৰ বাবে উদগ্ৰীৱ হৈ উঠিল। আৰু এই সুন্দৰ পৰিকল্পনাটোক ৰূপায়িত কৰিবলৈ অন্ততঃ দুটা কেমেৰা [ ৪১ ] তৎমুহূৰ্ততে সাজু হ’ল।

 কিন্তু ঘৰৰ ফটোগ্ৰাফাৰত ভনৰ অকণো ভাৰসা নাই। কোনে কাৰ হাত-মূৰ কাটে তাৰ নিশ্চয়তা নাই। গতিকে ষ্টুডিঅ'ৰ পৰা নাৰায়ণক মতাই আনিব লাগে।

 ঠিক কথা। তুলিয়ে শলাগিলে। তেওঁৰ মতে, ঘৰলৈ কেমেৰামেন আহিবই যেতিয়া, তিনিকপিমান ফটো তোলাব পৰা যাব।

 তিনিকপি কেলেই? তুলিয়ে বুজাই দিলে, —প্ৰথমতে ঘৰখনৰ অৰিজিনেল মেম্বাৰকেইটাক লৈ একপি, তাৰপাছত দ্বিতীয় পৰ্যায়ত যিসকল লগ লাগিল, অৰ্থাৎ জোঁৱাই-বোৱাৰীহঁতক লৈ একপি, আৰু একেবাৰে শেহত, — মিতিল, বুবলি, মিকু, ডন আৰু লাংখা-লিংখি যিমান আছে—চবকে সাঙুৰি একপি।

 আৰু কৰুণা? অস্তিত্ব বিপন্ন যেন দেখি সি চিঞৰি উঠিল।

 “তই আটাইকেইখনতে থাকিবি যা।”— দত্তই কৰুণাক আশ্বস্ত কৰি কৰি ক'লে, – “বেগেতে যা, নাৰায়ণক মাতি আনগৈ।”

 উলাহত কৰুণা দৌৰি গৈছে। সাজ-পোছাক, চাদৰ-মেখেলা সলাবলগীয়া নাই হোৱা যদিও মহিলা সদস্যসকলে সেইখিনিকে ঠিক-ঠাক কৰাত লাগিছে। তামোল চোবাই চোবাই মূল বাটলৈ ওলাই যোৱা দত্ত পৰিয়ালৰ জোঁৱাই দুজনো ঠিক সময়ত আহি ওলাইছেহি। ৰাজনৰ বন্ধুহঁতে টিপ্পনী দিছে,—“এইটো একদম ফেমিলি মেটাৰ। ৰাজনক থৈ আমিকেইটাই পাক এটা মাৰি আহোঁগৈ ব’ল।”

 আচলতে ইমানপৰে সিহঁতে ছিগাৰেটৰ সুবিধাকণ কৰিব পৰা নাছিল। এতিয়া যেনিবা এটা সুযোগহে ওলাল!

 ভনৰ লগৰকেইজনীয়ে অলপ সেমেনা সেমেনি কৰিছিল; মৃদু ধমক এটাৰে তাই সিহঁতক তাইৰ কাষতে বহুৱাই থ’লে।

 তেলৰ টিং এটা কঢ়িয়াওঁতে দেৱশীষৰ পেণ্টটোত কেনেবাকৈ তেলৰ দাগ এটা লাগিছিল। দেৱশীষে ভাবিলে, চলি যাব। মতলবটো বুজিব পাৰি শোভনাই তেওঁলৈ চকু ঘোপা কৰি চালে। অগত্যা পেণ্টটো সলাবলগীয়া হ'ল।

 মৌৱে উচ্ছ্বসিত হৈ ক'লে, “ফটোখন এন্লাৰ্জ কৰি বন্ধাই থ'ব লাগিব।”

 “বন্ধাই থোৱা মানে আজিকালি যে লেমিনেছন কৰাই থয়, তেনেকৈ”— তুলিয়ে ক’লৈ।

 বুব্‌লি, মিকুহঁতে ফটোখনৰ গুৰত্বটো তেনেকৈ উপলব্ধি কৰিব নোৱাৰিলেও আয়োজনটোৰ উত্তাপ অনুভৱ কৰিব ধৰিছে। আৰু সেয়া কৰুণা আহিছে। হাতত কেমেৰা লৈ কৰুণাৰ পিছে পিছে নাৰায়ণ। আহিয়েই সি ওস্তাদী আৰম্ভ কৰি দিছে। কোঠাৰ ভিতৰতনো কেলেই, – ৰ’দকণ আছেই যেতিয়া গুলঞ্চজোপাক বেকগ্ৰাউণ্ডত লৈ বাহিৰত বেছি ভাল হ’ব।

[ ৪২ ]  কিন্তু ইন্দ্ৰ দত্ত কোনখন চকীত বহিব?

 কৰুণাই বিয়ালৈ বুলি ভাৰালৈ অনা প্লাষ্টিকৰ চকী এখন আগবঢ়াই দিছিল; নাৰায়ণে প্ৰবল আপত্তি কৰিছে। “কাঠৰ ভাল চকী নাই?”— নাৰায়ণে সুধিছে। ভাল চকী কিয়নো নাথাকিব! অৱশ্যে ভাল চকী বোলোতে যি ধৰণৰ চকীৰ কথা নাৰায়ণে বুজাব খুজিছে তেনেকুৱা এখন চকী দত্তহঁতৰ ঘৰত সঁচাকৈয়ে নাই। ওচৰৰ বৰদলৈহঁতৰ ঘৰৰ বাৰাণ্ডাত তেনেকুৱা সিংহাসনৰ নিচিনা এখন চকী আছে। কৰুণাই অনুমতি পালে দৌৰ মাৰি সেইখন আনিবই খুজিছিল। কিন্তু ফটো উঠিবলৈ অইনৰ ঘৰৰ পৰা চকী খোজাটো সমীচীন নে? দত্তই কৰুণাক ক’লৈ, “কোনো দৰকাৰ নাই। এনেও বৰদলৈ মানুহজন একাচেকা বিধৰ। তাতকৈ—"

 নাৰায়ণে কথাৰ মাজতে বাধা দি কৈছে, “অলপ সোনকাল কৰক। নহ'লে যিকণ ৰ’দ আছে তাৰো মুদা মৰিব।”

 শীতৰ আবেলি। বেলি সোনকালে লুকায়। ড্ৰয়িং ৰুমৰ পৰা এজনীয়া চোফা এখন কোনোমতে দাঙি আনি কৰুণাই সিংহাসনৰ অভাৱটো সাময়িকভাৱে পূৰণ কৰিলে। তাৰ পাছত এডাল সৰলৰেখাত পৰিয়ালটোৰ মূলবিন্দুবোৰ স্থাপন কৰি সি নাৰায়ণৰ পাছফালে থিয় হ'ল।

 নাৰায়ণে কেমেৰাৰ লেন্‌ছখন অগা-পিছা কৰি ফ'কাছ দৈৰ্ঘটো মিলাই লৈছে। ইন্দ্ৰ দত্তই সৰলৰেখাডালৰ সোঁমাজত বহি পৰম তৃপ্তি অনুভৱ কৰিছে। সাংঘাতিক একো কৰিব নোৱাৰিলেও তেওঁ ল'ৰা-ছোৱালীকেইটিৰ অন্ততঃ এটা গতি লগাব পাৰিছে। এইকণ সুখ প্ৰবলভাৱে উপভোগ কৰিবলৈ তেওঁৰ মন গৈছে। আনকি এইযে ল’ৰা- ছোৱালী, নাতি-নাতিনীৰে পৰিবেষ্টিত হৈ একপি ফটো উঠাৰ আমেজ, এই আমেজটো ধৰি ৰাখিবলৈ তেওঁৰ মন গ'ল। তেওঁ মনে মনে ভাবিলে, নাৰায়ণক ছমাহৰ মূৰে মূৰে খবৰ দিয়াব লাগিব। এক বুজাব নোৱৰা আনন্দত তৃপ্ত হৈ তেওঁ কৰুণাক কৈছে, “ গুদাম ঘৰটোত কাঠৰ তক্তা কেইখনমান এনেয়ে পৰি আছে। বৰদলৈহঁতৰ নিচিনা চকী এখন ঘৰতেই বনাই ল’ব পৰা যাব। তই নহলে কাইলৈকে মিস্ত্ৰী এটাক লৈ আহিবিচোন।”

 কৰণাই বোধহয় কেমেৰাটোলৈহে চাই আছিল। দত্তৰ কথাত সি হাঁ-না একো নকৰালৈ চাই তেওঁ ডবিয়াই সুধিলে, “শুনিছ?”

 কৰুণা খপজপকৈ উত্তৰ দিলে, “শুনিছোঁ ছাৰ।”

 নাৰায়ণে সকলোকে এবাৰ হাঁহিবলৈ কৈছে। তাৰপাছত ৰেডি, ওৱান-টু-থ্ৰী, ক্লিক্‌।

 তিনিবাৰৰ ঠাইত নাৰায়ণৰ কেমেৰাটোৱে ছয়-সাতবাৰ চকু পিৰিকিয়ালে। তাৰপাছত এটা অৰ্ধবৃত্তত থূপ খাই থকা দত্ত পৰিয়ালৰ সদস্যসকল বিচ্ছুৰিত হ'বলৈ আৰম্ভ কৰিছে।

 এনেকুৱা সময়তে ভনৰ বায়েকজনীক আৱেগিক হৈ পৰা দেখা গৈছে! মামুৱে তুলিক কৈছে, “মিতিলটোৱে ক্লাছ নাইন পালে দুবছৰমানলৈ মোৰ ঘৰলৈ অহাই নহ’ব ছাগৈ।”

[ ৪৩ ]  তুলি মনে মনে আছে। কিন্তু মৌৱে কৈছে,—“আমাৰ বা আকৌ কি হয়! এবাৰ ডুবাইলৈ গ’লে মোৰো এইফালে আধ্যা পৰিব।”

 প্ৰকৃততে আৱেগৰ এই চৰম মুহূৰ্তটোৰ উম লৈ মামু, তুলি, মৌ, দেৱাশীষ আৰু ভন —দত্ত পৰিয়ালৰ এই পাঁচোটি ভায়েক-ভনীয়েকেই উপলব্ধি কৰিছে যে আজিৰ এই অনুষ্ঠানটোৰ পাছত আটাইকেইজন একগোট হোৱাৰ সম্ভাৱনা কম। মামুৱে অনুচ্চ কণ্ঠেৰে ক’লে, “ভগৱানে নকৰক, ঘৰত কিবা এটা অঘটন ঘটিলেহে ছাগৈ আমি আকৌ লগালগি হ'ম।”

 অঘটন? তেনেই সৰুকৈ উচ্চাৰণ কৰা শব্দটো ক'ৰবাত ঠেকা-খুন্দা খাই কেনেবাকৈ ইন্দ্ৰ দত্তৰ কাণত সোমাল। আৰু এই সামান্য শব্দ তৰংগটো দত্তৰ বুকুৰ ভিতৰত সোমাই এটা নিনাদৰ সৃষ্টি হ’ল। এক অব্যক্ত শোকৰ হেঁচাত তেওঁৰ দুচকুৰে ওলাই আহিল চকুপানী দুটোপাল। ইন্দ্ৰ দত্তই কাতৰ, বিহ্বল আৰু অসহায় দৃষ্টিৰে সন্তানহঁতলৈ চালে। নাই, কোনেও তেওঁলৈ মন কৰা নাই।

 ইতিমধ্যে ভনৰ বিদায় পৰ্ব আৰম্ভ হৈছে। এটা নতুন, যুগ্ম জীৱনৰ আশীৰ্বাদ বিচাৰি তাই,— আৰু ৰাজনেও—দেউতাক, ককায়েক, বায়েকহঁতৰ ভৰি চুই সেৱা কৰিছে। শোভনাই তাইৰ দুবাহুত ধৰি পদূলিত ৰৈ থকা গাড়ীখনলৈ আগবঢ়াই নিছে। আৰু তাৰ কেইটামান মুহূৰ্তৰ পাছত ভন ৰাজনৰ কাষত বহি আন এখন ঘৰৰ ফেমিলি ফটোগ্ৰাফ শুৱনি কৰিবলৈ গুচি গৈছে।

 হঠাৎ সকলো শূন্য যেন লগাৰ মুহূৰ্তত, এতিয়াই কৰিবলগীয়া একো নাই যেন অনুভৱ কৰাৰ ক্ষণত কৰুণাই পৰম আগ্ৰহেৰে ইন্দ্ৰ দত্তক সুধিলে, “অথনি যে আপুনি কাঠমিস্ত্ৰীৰ কথাটো কৈছিল, আজিয়েই ৰকিবুলক কৈ আহোগৈ নেকি ছাৰ?”

 আগলৈ আকৌ কেতিয়াবা পৰিয়ালটোৰ সদস্যসকল লগ লাগিব, লগ লাগিলে এনেকৈ আকৌ এখন ফেমিলি ফটোগ্ৰাফ তোলাব লাগিব, ফটোৰ ঠিক সোঁমাজত পৰিয়ালটোৰ মুৰব্বীজন বহিব পৰাকৈ সিংহাসনৰ দৰে দেখনিয়াৰ চকী এখন থাকিব, সগৌৰৱে তাত বহিব ইন্দ্ৰ দত্ত, দত্তৰ দুয়োকাষে জীয়েক-জোঁৱায়েক, পুতেক-বোৱাৰীয়েক, দুষ্ট অথচ তীখৰ নাতি-নাতিনী এজাক—

 ওহোঁ, কিবা এটা অঘটন নঘটিলে এই পৰিয়ালটোৰ সদস্যসকল এনেদৰে গোট খোৱাৰ কোনো আশা নাই। বিমৰ্ষ মনেৰে ইন্দ্ৰ দত্তই উত্তৰ দিলে, “নালাগে দে। গুদামৰ কাঠখিনি অইন এটা কামত লাগিব।”


সাদিন বসন্ত সম্ভাৰ, ২০০২