ওভতনি যাত্ৰা আৰু অন্যান্য/এটা ভুল, এটা শুধৰণি

ৱিকিউৎসৰ পৰা

[ ৫০ ]


এটা ভুল, এটা শুধৰণি

 চিঠি এখনৰ কথাৰে গল্পটো আৰম্ভ কৰিব পৰা যায়।

 মাক-দেউতাকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি, বায়েকজনীৰ প্ৰতিও অন্যায় কৰা বুলি স্বীকাৰ কৰি, কঁপা কঁপা হাতৰ আখৰেৰে লিখা চিঠিখন কিংকিৰ। চিঠিখন পঢ়ি অনুমান কৰিব পাৰি,— তাই অনুতপ্ত; কিন্তু তাইৰ আন কোনো উপায় নাছিল।

 প্ৰিয় পাঠক, এই আৰম্ভণিটোৱে যদি এনে এটা ধাৰণা দিবলৈ আৰম্ভ কৰিছে যে মই এজনী অষ্টাদশী গাভৰুৰ অভিসাৰৰ কাহিনী ক’বলৈ ওলাইছো, তেন্তে এতিয়াই কৈ থোৱাটো যুগুত যে মোৰ তেনে কোনো অভিপ্ৰায় নাই। আপুনি যদি গল্পটো কেনেবাকৈ শেহলৈকে পঢ়াৰ ধৈৰ্যকণ গোটাব পাৰে, তেন্তে মন কৰিব যে চিঠিৰ প্ৰসংগটোও তেনেই এটা অজুহাতহে। প্ৰকৃততে ছিজিল লগাই গল্প এটা ক’ব নজনা অপৰিপক্ক গল্পলেখক এজনৰ এয়া যেন এটা বুদ্ধিহীন কৌশল! আৰু ক'বলৈনো কিটো লাজ, নিজৰ ভাষাটোকো মই যে শুৱলাকৈ ক’ব নাজানো, লিখোতে মই যে বাৰেপাচি ভুল কৰোঁ, সেইফেৰা জ্ঞান হ’বৰ সৰহ দিন হোৱাই নাই।

 এই সৰু নগৰখনলৈ বদলি হৈ আহি মই যিটো ঘৰত,—গৃহস্থৰ ঘৰৰ গাতে লাগি থকা কোঠা এটা ভাৰালৈ লৈ থাকিবলৈ লৈছো, তাত প্ৰৱেশ নঘটা হ’লে মই কাহানিও এই দুঃসাহস দেখুৱাব নোৱাৰিলোহেঁতেন। অথচ ভাগ্যৰ কি খেল, — অথবা বিড়ম্বনা,— মই আহি সোমালোহি প্ৰুফৰিডাৰ সত্য চৌধুৰীৰ ঘৰত। আৰু এই চৰিত্ৰটোকহে এই গল্পটোৰ বাবে বহু পৰিমাণে জগৰীয়া কৰিব পাৰি।

 নিন্দুকসকলে কয়, মানুহটোৱে লোকৰ ভুলটোহে দেখে। অথচ চাবলৈ গ'লে সেইটোৱেই তেওঁৰ পৰিয়ালটোৰ জীৱন-ধাৰণৰ বাবে অপৰিহাৰ্য আৰু একমাত্ৰ কাম। ছপাশালৰ আৰ্হিকাকত চোৱাৰ দৰে খ্যাতিহীন আৰু তেনেই কম দৰমহাৰ চাকৰি ৰিণি, কিংকিহঁত স্কুল এৰি কলেজ পোৱাৰ লগে লগেই যে খৰচ নামৰ দৈত্যকায় প্ৰাণীটোৰ দপদপনি অসহনীয়ভাৱে বাঢ়ি গৈছে, সেই কথাটো লৈএটা অস্বস্তিকৰ চিন্তাৰ চেলেকনি আছেই; কিন্তু এটা প্ৰাণনাশী কামোৰ মাৰিবলৈ যে সি দাঁত দুপাৰি ধৰাবলৈ আৰম্ভ কৰিছে, সেই আশংকা সত্য চৌধুৰীৰ সমূলি নাই। তেওঁ সততে দৃঢ়, [ ৫১ ] অবিচলিত; কিন্তু এটা গল্পৰ চৰিত্ৰ হ’ব পৰাকৈ আনপ্ৰেডিক্টেবল। মোৰ ধাৰণা হ’ল,— ভুল শুধৰণি কৰাটো সত্য চৌধুৰীৰ কেৱল পেছা হৈ নাথাকিল; ই যেন তেওঁৰ জীয়াই থকাৰ উদ্দেশ্য হৈ পৰিল। নহ'লেনো নগৰখনৰ ছাইনবোৰ্ডবোৰ শুধৰাবলৈ তেওঁ এটা একক অভিযান চলাবলৈ যাব কিয়?

এইবোৰ শুনা কথা। ইয়ালৈ অহা মোৰ দুবছৰহে হৈছে। সত্য চৌধুৰীৰ সম্পৰ্কে বতাহত বিয়পি পৰা সকলো কথাকে মই নিৰ্বিবাদে যে মানি ল'বই লাগিব, এনে কোনো কথা নাই। কিন্তু মানুহটোৰ কথা-কাণ্ডই মোক পতিয়ন নিয়াইছে যে তেওঁ আপোনাৰ, মোৰ দৰে বৰ বেছি সাধাৰণ লোক নহয়। মোৰ অনুমান,—ছাইনবোৰ্ডৰ বানান শুধৰোৱাৰ বাবে এটা মাৰ্জিত অনুৰোধ কৰি জিলাখনৰ উপায়ুক্ত মহোদয়লৈ তেওঁ এখন স্মাৰকপত্ৰ দিয়া কথাটো সঁচা; কিন্তু হাতত ৰং, ব্ৰাছ লৈ নিজেই শুধৰাই ফুৰা কথাটো অতিৰঞ্জন। ই কোনো কৌতুকপ্ৰিয় লোকৰ ফুচুৰি কথা হ’বই লাগিব।

 যি নহওক, চিঠিখন কিংকিয়ে হয়তো দুপৰীয়া লিখিছিল। গাটো বেয়া লগা বুলি কলেজলৈ নগৈ তাই বোধকৰো ইক’ন’মিক্‌ছৰ দীঘল বহী এখন উলিয়াই লৈছিল। তাৰ পাছত হঠাৎ যেন কিবা এটা মনত পৰি গ'ল, আৰু আজি যেন নগ'লেই নহয়, তেনেকুৱা এটা ভাবত তাই কোনোবা এগৰাকী শিক্ষকৰ ঘৰলৈ যোৱাৰ কথা উলিয়াইছিল। আপত্তিৰ সুৰত ৰিণিয়ে এবাৰ মাকক কৈছিল, ‘তাই দেখোন গাটো বেয়া লগা বুলি কলেজলৈ নগ’ল।’ মাকজনীয়ে কৈছিল, ‘যাওক দে’।

 তাৰ পাছত চাৰিঘণ্টা সময় পাৰ হৈ গৈছে,— কিংকি ঘৰলৈ ওভতা নাই। মাকজনীয়ে আগবাৰাণ্ডাৰ পৰা গে'টখনলৈ কেইবাবাৰো অহা-যোৱা কৰিছে, যিমান দূৰলৈ মনিব পাৰি সিমানলৈ ডিঙি মেলি-মেলি চাইছে,–! নাই, কিংকিৰ কোনো খবৰ নাই। আৰু হঠাৎ কিংকিৰ টেবুলত ভাজ কৰি থোৱা চিঠিখন আবিষ্কাৰ কৰি ৰিণিয়ে চিঞৰি উঠিছে, য'ত কিংকিয়ে স্পষ্টকৈ লিখি থৈ গৈছে যে তাই উভতি অহাৰ কোনো সম্ভাৱনা নাই। অৱশ্যে যদি কথাটো ক্ষমাৰ বাবে যোগ্য বুলি বিবেচিত হয়, তেন্তে তাই আচিৰেই এদিন আহিব—মাক-দেউতাকৰ ভৰি স্পৰ্শ কৰিবলৈ।

 ইয়াৰ আগতেও এই পৰিয়ালটোৰ মূধৰ ওপৰেৰে দুই-এজাক ধুমুহা পাৰ হৈ গৈছে; কিন্তু আজি এই মুহূৰ্তত যিখন চিঠি কিংকিৰ টেবুলত পৰি আছে সেইখনে যেন ঘৰখনৰ মৰ্যাদা নিমিষতে ধূলিসাৎ কৰি দিছে। অৱশ্যে হয়, — এই মৰ্যাদা বোলা কথাটোতকৈ মানসিক অৱস্থাৰ কথা উল্লেখ কৰিলেহে পৰিস্থিতিটোৰ প্ৰতি সুবিচাৰ কৰা হ’ব। আৰু পৰিস্থিতিটো হ’ল এই,—কোঠাটোৰ মজিয়াত পঞ্চাছ-ঊৰ্ধ্ব এগৰাকী অসহায় মাক, বিধ্বস্ত অথচ মৌন, গালদুখনত চকুপানীৰ শুকাই যোৱা দাগ, নিয়ন লাইটৰ পোহৰত দুবাৰমান যি ঝিলিককৈ উঠিল, অথচ চকু দুটাই পলক পেলোৱাৰ [ ৫২ ] কোনো আভাস দেখা নগ'ল আৰু কেইহাতমান আঁতৰত দুৱাৰ এখনৰ চৌকাঠত আঁউজি এজনী ভীত বিহ্বল বায়েক, যাক মই বুজাবলৈ যত্ন কৰিছো যে এনেকুৱা হয়েই, প্ৰায় সকলো ঘৰতেই এনেকুৱা একোটা মুহূৰ্ত আহে, এনেকুৱা একোটা দিন আহে, ওচৰ-চুবুৰীয়াই আঙুলি তোলে, নিজৰ ঘৰত তেনেকুৱা এটা ঘটনা নঘটা পৰ্যন্ত ঠাট্টা-মস্কৰা কৰে, তাৰ পাছত লাহে লাহে পাহৰি যায়—“সঁচাকৈয়ে পাহৰি যায়নে?”—মানুহজনীয়ে মোৰ সান্ত্বনাৰ গানটোত বৰ কৰুণভাৱে বাধা দিলে। মই ঠিকেই বুজিলো যে সেইটো তেওঁৰ প্ৰশ্ন নহয়, বৰং অভিজ্ঞতাৰ পঢ়াশালিত পঢ়ি-পঢ়ি মুখস্থ হৈ যোৱা এটা নিশ্চিত উত্তৰহে।

 হয়, লয় পাবলগীয়া অনেক শব্দৰ অনুৰণন মই নিজেই অসংখ্যবাৰ শুনিছোঁ! চৈধ্য বছৰ আগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসৰ পৰা ঘৰলৈ উভতি নগৈ বাহিৰে বাহিৰে তালুকদাৰৰ সৈতে সংসাৰ কৰিবলৈ গুচি অহা শ্ৰীমতী তালুকদাৰৰ কথা শুনিছোঁ। সাতাইছ বছৰমানৰ আগতে লাম্পট্য পৰিহাৰ কৰি পিছলৈ এজন ভাল গৃহস্থ আৰু ভাল পিতৃ হোৱা মহেন্দ্ৰ শৰ্মাৰ অতীতৰ মুখৰোচক কাহিনী সৌ সিদিনালৈ শুনিছোঁ।

 তেনেহলে মানুহে নাপাহৰে নেকি? কি ভয়ংকৰ কথা!

 একোটা তেনেই ব্যক্তিগত ক্ষুদ্ৰ ঘটনা, যাক সময়ে ইচ্ছা কৰিলেই পাহৰণিৰ ফাইলত বন্দী কৰি পেলাব পাৰিলেহেঁতেন, সি যেন অধিক সতেজ হৈ, অধিক সংঘবদ্ধ হৈ সোঁৱৰাই থাকিব,—আপোনাৰ এনেকুৱা এটা দিন আছিল, এনেকুৱা এটা লজ্জাজনক অৱস্থা হৈছিল।

 অথচ এতিয়া সেইবোৰ ভাবি একো লাভ নাই। এটা অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰি কিংকি গুচি গৈছে তাইক সুখৰ প্ৰতিশ্ৰুতি দিয়া মানুহ এজনৰ ওচৰলৈ।

 অলপ পাছত, নগৰখনৰ তিনি-চাৰিটা ছপাশালৰ অস্থায়ী বন্দৱস্তমতে কৰি ফুৰা আধাডুখৰীয়া কামবোৰ সামৰি সত্য চৌধুৰী যেতিয়া ঘৰ সোমাবহি, আৰু এটা অদ্ভুত, বেদনাদায়ক পৰিস্থিতিত নিজকে আৱিষ্কাৰ কৰিব, মই অনুমান কৰিব নোৱাৰোঁ—কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তেওঁ।

 সাধাৰণ অৱস্থাতো সত্য চৌধুৰীৰ সম্পৰ্কে মই বৰ বেছি অনুমান কৰিব নোৱাৰোঁ। অৱশ্যে যোৱা দুটা বছৰৰ সান্নিধ্যক যদি অভিজ্ঞতা বুলি ধৰা হয় তেন্তে মই কওঁ যে মানুহজনৰ ৰসবোধক গুৰুত্ব নিদিলেই নহয়।

 প্ৰথমৰ ফালে তেওঁ কেতিয়াবা মোক কাগজ একোজাপ দেখুৱাই কয়, “এয়া চোৱা, অধ্যাপকৰ ভাষাজ্ঞানৰ নমুনা।” মই সলজ্জ হাঁহি এটা মাৰি কওঁ, “আপুনি ভাল পণ্ডিতটোকেই দেখুৱাইছে খুড়াদেউ।” “নহয়হে”—তেওঁ মোক সকাহ দিবলৈ [ ৫৩ ] যত্ন কৰে,— “অধ্যাপকগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ডিগ্ৰিটো কোনটো বিষয়ত লোৱা বুলি ভাবিছা?”

 মই এটা অনুমান কৰিবলৈ চেষ্টা কৰোঁ।

 তেওঁ কয়, “ভাবিলে দুখ নালাগেনে যে এখন বিশ্ববিদ্যালয়ে এই মানুহজনক ঠিক এইটো ভাষাতে মাষ্টাৰ বুলি স্বীকৃতি দিয়ে।”

 ম‍ই বিৰক্ত হওঁ বুলি চৌধুৰীৰ পৰিবাৰে কৌশলেৰে এটা অন্য প্ৰসংগ উলিয়াবলৈ চেষ্টা কৰে। মোৰ বাবে গুৰুত্বহীন, আগ-গুৰি নোহোৱা কথাৰ অৱতাৰণা কৰে। এসময়ত যে তেওঁ দুদিনতে এটা চুৱেটাৰ গুঁঠি উলিয়াব পাৰিছিল সেই কথা কয়। এই ঘৰটো সাজিবৰ সময়ত যে এইডোখৰ ঠাইত মাথোন দুঘৰহে মানুহ আছিল সেই কথা কয়।

 এইবোৰৰ মাজতেই চাহ একাপ দিয়াৰ অজুহাতত ৰিণি, কিংকিয়ে মোক ভিতৰৰ কোঠা এটালৈ স্থানান্তৰিত কৰে। সেই সুযোগতে মই ঘৰৰ ভিতৰকোঠাৰ বেৰবোৰলৈ চাওঁ, আউট্‌ডেটেড আচবাব-পত্ৰবোৰলৈ চাওঁ। চাওঁ মানে,—প্ৰকৃততে মই এজন প্ৰুফৰিডাৰৰ সংসাৰখনৰ অৱস্থাটো বুজিবলৈহে যেন চেষ্টা কৰোঁ। যদিও মই চিৰাভাজিৰে চাহকাপ খাবলৈ বৰ এটা পছন্দ নকৰো, তথাপি অৱস্থাটোৱে মোক যেন তেতিয়া ‘কোনো আপত্তি নথকা’ মানুহ এটাত পৰিণত কৰে। তাৰ মাজে মাজে একো একোদিন অৱশ্যেই কণীৰ অমলেট আহে, পায়স একোবাটি আহে।

 বনাই-মেলি খাওঁতে মোৰ অসুবিধা হয় বুলি গধূলিৰ চাহকাপ তেওঁলোকে প্ৰায়েই যাচিব খোজে। অথচ মানুহঘৰক অসুবিধাত পেলোৱা হয় বুলি মই মাজে মাজে ইচ্ছা কৰিয়েই পলমকৈ ঘৰ সোমাবলৈ লওঁ।

 মইতো মাতষাৰ লগোৱাৰ শিষ্টাচাৰকণৰ বাহিৰে বৰ বেছি ঘনিষ্ঠতাৰ পক্ষপাতীয়েই নাছিলো। কিন্তু একেটা চৌহদৰ ভিতৰত, একেটা পাৰ্টহাউছত থাকি আপুনি নিজকে কিমান নিলগাই ৰাখিব পাৰিব!

 যোৱা দুটা বছৰত কেইবাদিনো ৰিণিৰ পদাৰ্থ বিজ্ঞানৰ জটিল পাঠ্যক্ৰমত মনোনিবেশ কৰিছো; কিংকিৰ ইক’নমিক্‌ছ মোৰ বাবে যদিও দুৰ্বোধ্য, সেই বিষয়টোৰ পাৰিসাংখ্যিক অংক একোটা বুজাবলৈ ষৎপৰোনাস্তি চেষ্টা কৰিছো; আৰু কোনোবা এদিন মোৰ অফিচৰ বিয়েৰাৰ পঠিয়াই দুৰ্লভ গেছ-চিলিণ্ডাৰ এটা অনাই দিছোঁ।

 নাই, মোৰ উদ্দেশ্য মুঠেও এনেকুৱা নহয় যে পৰিয়ালটোৰ এটা উপায়হীন অৱস্থাৰ ছবি আপোনাৰ সমুখত দাঙি ধৰিম। আৰ্থিক অনাটন থকাটো সঁচা, কিন্তু আপুনি যদি পৰিয়ালটোৰ আত্মসম্মানবোধ আৰু সুখ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে, তেন্তে চৌধুৰীহঁতক চহকী বুলিবলৈ মই কুণ্ঠাৰোধ নকৰিম। ঘৰখনত হাঁহি নামৰ এবিধ [ ৫৪ ] স্বৰ্গীয় সামগ্ৰী আছে, যিটো আজিকালি চহকী মানুহৰ ঘৰতো আপুনি বৰকৈ নেদেখে। “এই শোক সংবাদটো পঢ়া”—চৌধুৰীয়ে খবৰ কাগজখন মোলৈ আগবঢ়াই দিয়ে। মানুহটোৰ লগত থাকি ময়ো আজিকালি অকণ বুজিব পৰা হৈ গৈছোঁ। কাগজখনত কোনোবা মজিন্দাৰ বৰুৱাৰ মৃত্যু সংবাদ এটা পঢ়িছোঁ,— মৃত্যুৰ সময়ত মজিন্দাৰ বৰুৱাই তেওঁৰ বিধৱা পত্নীক এৰি থৈ যায়।

 এটা প্ৰচ্ছন্ন কৌতুকৰ সুৰেৰে চৌধুৰীয়ে কয়, “বিধৱা পত্নী এজনীক এৰি থৈ যোৱা কথাটো মুঠেও ভাল কথা হোৱা নাই।”

 “ভুলটোনো ক’ত হ’ল?” – ৰিণিহঁতে আঁকৰীৰ দৰে সোধে। চৌধুৰীয়ে ওলোটাই সোধে, “হেৰৌ, মানুহ এটাই এৰি থৈ যোৱাৰ আগতেই তেওঁৰ মানুহজনী বিধৱা হৈ থাকিব পাৰে নেকি?”

 তাৰ পাছত এটা পৰিপূৰক প্ৰশ্ন তেওঁ মোৰ ফালে নিক্ষেপ কৰে, –“কিহৰ বাবে কথাবোৰ এনেদৰে ছপা হ’বলৈ পায় বুলি ভাবিছা?”

 “ভাষাজ্ঞানৰ অভাৱ”— মই স্কুলৰ প্ৰথম বেঞ্চত বহা চোকা ছাত্ৰৰ দৰে টপৰাই উত্তৰ দিওঁ।

 চৌধুৰীয়ে মোক শুধৰাই দি কয়, “নহয়, কমনছেন্‌ছৰ অভাৱ।”

 মোৰ জ্ঞানেৰে মই যি বুজিছোঁ, সত্য চৌধুৰী নামৰ এই মানুহজনৰ সততে ভুল নহয়। অৱশ্যে ৰিণি-কিংকিহঁতৰ পঢ়া-শুনা বোলা ব্যয়বহুল কাৰবাৰটোৰ প্ৰয়োজনীয়তাক যদি স্বীকাৰ কৰি লওঁ, তেন্তে ক’বই লাগিব যে তেওঁ কামটোক পেছা হিচাপে নিৰ্বাচন কৰিব নালাগিছিল। আৰু তাতো জানো নিস্তাৰ আছে? সেই যে প্ৰাণনাশী কামোৰৰ প্ৰসংগটো, —হয়, সেইকথাও অকণ উল্লেখ কৰা যাওক।

 একান্ত অৱধাৰিতভাৱেই এই সৰু নগৰখনতো টেক্‌ন’লজিৰ স্পৰ্শ লাগিল। কম্পিউটাৰ, অফেছট মেছিন, লেজাৰ প্ৰিণ্টাৰ আদিৰ হেঁচাত আগৰ লেটাৰ প্ৰেছবোৰৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল। বিশেষ কাৰিকৰী কৌশল এটাৰ সুবাদত কম্পিউটাৰৰ মনিটৰতেই ভুলবোৰ শুধৰাব পৰা হ'ল। গতিকে মডাৰ্ণ প্ৰিণ্টাৰ্ছৰ মালিকপক্ষই এদিন সত্য চৌধুৰীক অত্যন্ত বিনয়েৰে জনালে যে চৌধুৰীৰ সেৱা তেওঁলোকক সদ্যহতে নালাগে, অৱশ্যে যদিহে কেতিয়াবা বিশেষ প্ৰয়োজন হয়, তেওঁলোকে নিজেই তেওঁক মতাই নিব।

 আপুনি ভাবিব, চাকৰিটো হেৰুৱাই বিমৰ্ষ মনেৰে তেওঁ সিদিনা টলৌ-টলৌকৈ ঘূৰি ফুৰিছিল। নতুবা সোনকালে ঘৰ সোমাই দুৱাৰ-খিৰিকি বন্ধ কৰি জুপুকা লাগি বহি আছিল। প্ৰকৃততে তেওঁ তেনেকুৱা একোৱেই কৰা নাছিল। বৰং মোক প্ৰায় আচৰিত কৰি সিদিনা গধূলি তেওঁ ক’লে; “তোমালোকক ক’বলৈ প্ৰুফৰিডিং সম্পৰ্কীয় [ ৫৫ ] কৌতুক এটা মনত পৰিছে। শুনিবানে?”

 মই নীৰৱে মূৰ দুপিয়ালো। তেওঁ গল-খেকাৰি এটা মাৰি কণ্ঠটো পৰিষ্কাৰ কৰি লোৱা যেন কৰিলে। তাৰপাছত হেলনীয়া চকী এখনত আৰামকৈ বহি তেওঁ ক'লে, “এবাৰ ডেকা বয়সৰ প্ৰুফৰিডাৰ এজনে প্ৰবন্ধ এটাত হাত ফুৰাবলৈ গৈ লক্ষ্য কৰিলে যে প্ৰবন্ধটোত শুদ্ধ বুলিবলৈ একো নায়েই। কিবা আচহুৱা ধৰণৰ বানান; ভুল বাক্যৰ সমাহাৰ। ডেকাজনে তেওঁৰ সমস্ত শক্তি ব্যৱহাৰ কৰি, আধুনিক শব্দকোষ এখন পাত-পাত কৰি নিশাটোৰ ভিতৰতে প্ৰবন্ধটো শুধৰাই পেলালে। কিন্তু যিদিনা প্ৰবন্ধটো ছপা হৈ ওলাল সিদিনা ডেকাজনৰ চাকৰি গ'ল।”

 “প্ৰবন্ধটো কোনোবা মন্ত্ৰীয়ে লিখিছিল?”— মই এটা অনুমান লগাই চালো।

 “নহয়,”—চৌধুৰীয়ে ক’লে, “প্ৰবন্ধটো আছিল মাইল্‌ছ ব্ৰনছন চাহাবৰ দিনত আমাৰ ভাষাৰ চেহেৰাটো কেনেকুৱা আছিল, সেই সম্পৰ্কীয়।”

 মই অলপ জোৰকৈয়ে হাঁহিব খুজিছিলো, কিন্তু পাছমুহূৰ্ততে বুজি উঠিলো যে সেইটো হাঁহিৰ সময় নহয়। সত্য চৌধুৰীৰ চাকৰিটো আৰু নাই। ছোৱালী দুজনী হয়তো নিজৰ পঢ়া কোঠালিত সোমাই এটা অজান, অপৰিচিত আশংকাত ত্ৰস্ত হৈ আছিল। চৌধুৰীৰ পৰিবাৰে হয়তো নিজৰ ভাগ্যক ধিয়াই ভিতৰ বাৰাণ্ডাত বহিছিলগৈ। আৰু মই অনুমান কৰিবলৈ চেষ্টা কৰিছিলো যে মোৰ ঘৰ ভাড়াটো মাহিলি দুশ টকাকৈ বঢ়াই দিলেও এই সমস্যাটোৰ কোনোপধ্যেই সমাধান নহয়।

 অথচ আমি সচৰাচৰ হাতৰ মুঠিত ৰাখিব নোৱৰা ধৈৰ্য বোলা বস্তুটোৰো যে এটা প্ৰচণ্ড শক্তি আছে, তাৰ প্ৰমাণ পাবলৈ আমি এনেকুৱা সৰু সৰু মানুহৰ জীৱনলৈ এবাৰ ভুমুকিয়াই চাবই লাগিব। এইখন নগৰৰে আন তিনিটা ছপাশালত আগতকৈয়ো কম দৰমহাৰ বিনিময়ত বেছি সময় কাম কৰাৰ এটা বন্দৱস্ত অস্থায়ীভাৱে হৈ গ'ল।

 তাৰপাছত, যোৱা তিনি-চাৰিটা মাহত লক্ষ্য কৰিলো যে মানুহটোৱে দিনটোৰ সৰহভাগ সময় ছপাশালবোৰতেই কটাবলৈ লৈছে, গধূলি বাহিৰে বাহিৰে বজাৰ কৰি ঘৰ সোমোৱাৰ অভ্যাস কৰিছে আৰু সপ্তাহৰ কোনো এটা দিনত তেওঁৰ চিনাকি ল’ৰা এটাৰ পৰা কম্পিউটাৰৰ কাৰিকৰী কৌশলটো শিকি ল’বলৈ অহোপুৰুষাৰ্থ কৰিছে। তেনে কৰোঁতে কেতিয়াবা তেওঁৰ খুবেই পলম হৈছে। কিন্তু তাৰ বাহিৰে তেওঁৰ গত্যন্তৰ নাই।

 আজিও হয়তো তেওঁ পলম কৰিব। মই ভাবিলো, ওচৰৰ পুলিচ থানাত এখন এজাহাৰ দিয়া যায়। অৱশ্যে কথাটো শেষপৰ্যন্ত নিৰ্ভৰ কৰিব চৌধুৰীৰ ওপৰতেই। তেওঁ বাৰু এনে এক পাৰিবাৰিক ঘটনাত পুলিচৰ হস্তক্ষেপ বিচাৰিবনে? মাজনিশা এহাল ডেকা ল'ৰা-ছোৱালীক হাতকেৰেয়া লগাই চোঁচোৰাই অনাৰ দৰে অতি নাটকীয় দৃশ্য [ ৫৬ ] এটা পৰিয়ালটোৰ কোনোবাই বাৰু সহ্য কৰিব পাৰিবনে? অথচ মই নিজেই জানো যে এনে এক মামুলি ঘটনাত দেশৰ আইন ব্যৱস্থাক সক্ৰিয় কৰাৰ কোনো প্ৰয়োজন নাই।

 মই পুনৰ প্ৰবোধ দিবলৈ আৰম্ভ কৰিছো যে একো সাংঘাতিক ঘটনা ঘটা নাই। পৃথিৱীৰ অগণন ল'ৰা-ছোৱালীয়ে নিজৰ সুখৰ অন্বেষণ নিজেই কৰিবলৈ লৈছে।

 “কিন্তু তাই এটা ভুল কৰিছে”— শ্ৰীমতী চৌধুৰীয়ে স্পষ্টভাৱে ক'লে।

 ‘‘হ’ব পাৰে,”—মই বুজাবলৈ যত্ন কৰিলো,— “এই ভুলটো কেনেকৈ শুধৰাব?”

 বিহ্বল মানুহজনী আকৌ নীৰৱ হৈ গ'ল। ৰিণিয়ে উৎকণ্ঠিত হৈ ক’লে,—“দেউতা যে এতিয়াও আহি পোৱা নাই!”

 ঘড়ীত বৰ বেছি সাত বাজিছে। এই সৰু নগৰখনত এইটো মানুহৰ বজাৰ-সমাৰ কৰাৰ সময়। বিদ্যুৎ নাটনিৰ জোৰা মাৰিবলৈ এইটো যেন বিদ্যুৎ ব’ৰ্ডৰ লোডশ্বেডিং কৰাৰ সময়। খুব স্বাভাৱিকভাৱেই বাহিৰখন অলপ পাছতে হৈ পৰিব অন্ধকাৰ।

 কিন্তু এতিয়াও একো পলম হোৱা নাই। অৱশ্যে ঘৰখনত যিহেতু এটা দুৰ্ঘটনা ঘটি গৈছে অবাঞ্ছনীয়ভাৱে, মই বিবেচনা কৰিলো যে মই নিজেই চৌধুৰীক বিচাৰি যোৱাটো যুগুত।

 মই কাপোৰযোৰ সলোৱাৰ প্ৰয়োজনবোধ নকৰিলো; কিন্তু চেণ্ডেলযোৰৰ বাবে নিজৰ কোঠাটোলৈ যাবলৈ যো-জা চলালো।

 মানুহজনীয়ে ক’লে, “তেখেতেতো মোকেই দূষিব!”

 হ’ব পাৰে। অনেক পুৰুষে নিজৰ সন্তানৰ ভুলৰ বাবে ঘৰৰ মানুহজনীকেই জগৰীয়া কৰে। ইয়াত নতুনকৈ আচৰিত হ'বলগীয়া হয়তো একোৱেই নাই। অথচ কিমান ভয়ংকৰ কথা! কলেজলৈ বুলি ৰাতিপুৱা ওলাই যোৱা আপোনাৰ ল’ৰাটোৱে কাৰ সৈতে লগলাগি কি অভিসন্ধি কৰিছে আপোনাৰ জনাৰ উপায় নাই। বান্ধৱীলৈ ফোন এটা কৰোঁ বুলি আপোনাৰ গাভৰু ছোৱালীজনীয়ে কিমান বিপদজনক নম্বৰৰ বুটাম টিপিছে, সেই কথা আপোনাৰ জনাৰ উপায় নাই। আপুনি ইমান অসহায়! অথচ কি ভয়ানকভাৱে অভিযুক্ত!

 মই সত্য চৌধুৰীক উত্তেজিত নহ’বলৈ কম। মই কিজানি তেওঁক বুজাই-বঢ়াই শান্ত কৰিব পাৰিম।

 “মই কিমানবাৰ কৈছোঁ”—এনেকৈ কেতিয়াবা তেওঁ একোটা প্ৰসংগৰ অৱতাৰণা কৰে; আজিও হয়তো তেওঁ তেনেকৈয়ে আৰম্ভ কৰিব,—“মই কিমানবাৰ কৈছো, - মাকজনী হৈ তুমি অলপ খবৰ ৰাখিবা, কিন্তু কাৰ কথা কোনে শুনে এইখন ঘৰত।”

 বাহিৰত গে’টখন খোল খোৱাৰ এটা ধাতৱ শব্দ হৈছে। উৎকণ্ঠা আৰু উত্তেজনাত [ ৫৭ ] আমাৰ অসংলগ্ন ভাৱনাত নিশ্চিতভাৱেই এটা যতি পৰিছে। সেই চৰম মুহূৰ্তত মই নিশ্চিত হ’বলৈ চেষ্টা কৰিলো যে এইমাত্ৰ সোমাই আহিবলগীয়া মানুহটো সত্য চৌধুৰী হয়নে নহয়।

 বেৰখনত আঁউজি মজিয়াত বহি থকা মানুহজনীয়ে লৰচৰ কৰাৰ কোনো লক্ষণ দেখা নগ'ল। তেওঁক দেখি এনে লাগিল যেন নতুনকৈ ঘটিবলগীয়া আৰু একো নাই।

 কিন্তু ৰিণিয়ে এটা নতুন পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু হৈ উঠিল। ওহোঁ, ইয়াক সাজু হোৱা বুলিব নোৱাৰি, —বৰং তাই অস্থিৰ আৰু সন্ত্ৰস্ত হৈ উঠিল।

 বাৰাণ্ডাত জোতাযোৰ খুলি থোৱাৰ এটা পৰিচিত শব্দ হ’ল, পৰ্দাখন এবাৰ কঁপি উঠিল আৰু গল্পটোৰ এটা কৰুণ, নাটকীয় মুহূৰ্তৰ শেষ দৃশ্যত সত্য চৌধুৰী সোমাই পৰিল।

 যেন এটা মৃত্যুৰহে খবৰ, —আচম্বিতে তেনেকুৱা এটা পৰিবেশৰ সৃষ্টি হ’ল। পৃথিৱীৰ সকলো আত্মমৰ্যাদাসম্পন্ন পৰিয়ালত এনেবোৰ ঘটনাই হয়তো এনেকুৱা একোটা মুহূৰ্তৰেই সৃষ্টি কৰে।

 ৰিণি উচুপি উঠিল। আৰু, কি আচৰিত,—ময়ো মুখেৰে একো মাতিব নোৱাৰিলো।

 সত্য চৌধুৰী ধীৰ খোজেৰে চিঠিখনৰ পিনে আগবাঢ়ি গ'ল। এনেকুৱা লাগিল যেন সেই চমু চিঠিখনো প্ৰথমৰপৰা শেহলৈ তেওঁ তিনিবাৰমান পঢ়িলে। তাৰ পাছত এটা হুমুনিয়াহ এৰি তেওঁ আতুৰভাৱে ক’লে, “মই কিমানবাৰ কৈছিলো, ভুল বানানটো ভুলকৈ নিলিখিবি, ভুলকৈ নিলিখিবি—”

 ভুলটো শুধৰাবলৈ তেওঁ নিজৰ জেপৰ কলমটোও যেন আজি খেপিয়াই বিচাৰি নাপালে। আৱেগিক হৈ মই তেওঁৰ হাত এখন খামুচি ধৰিলো।

 বোধকৰো এটা মুহূৰ্তৰ বিদ্যুৎপ্ৰৱাহ মোৰ পৰা তেওঁৰ শৰীৰলৈ বিয়পি গ'ল। হয়তো এটা মৃদু শিহৰণ এটা জোকাৰণিলৈ পৰ্যবসিত হ’ল।

 আচম্বিতে তেওঁ মোক সাবটি ধৰিলে আৰু এজন বিপৰ্যস্ত, পৰাজিত মানুহৰ দৰে ফেঁকুৰিবলৈ আৰম্ভ কৰিলে।


প্ৰান্তশ্ৰী, ফেব্ৰুৱাৰী, ২০০৩