ওভতনি যাত্ৰা আৰু অন্যান্য/এটা স্পৰ্শৰ ইচ্ছা

ৱিকিউৎসৰ পৰা

[ ৯০ ]

এটা স্পৰ্শৰ ইচ্ছা

 বহু ওপৰৰপৰা তলৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ যেন লগা মানুহ-দুনুহ আৰু গাড়ী-মটৰৰ গতিবিধি লক্ষ্য কৰাৰ এটা বেলেগ ধৰণৰ মজা আছে। গছ একোজোপাৰ কাৰণে হয়তো ধাৱমান লক্ষ্যবস্তুটো সাময়িকভাৱে অদৃশ্য হৈ পৰে, কিন্তু পাছ মুহূৰ্ততে সি পুনৰ দৃশ্যমান হয়। বহু সময় পদপথত এনেয়ে ৰৈ থকা, ওপৰৰপৰা চালে ক্ষুদ্ৰকায় যেন লগা মানুহ এজনে তেওঁৰ হাতঘড়ীটোলৈ চাই হঠাৎ খোজ কাঢ়িবলৈ ধৰে। তাৰ পাছত এটা কেঁকুৰিৰ সিফালে তেওঁ অদৃশ্য হৈ যায়। জেব্ৰা ক্ৰছিং এটাৰে মানুহ কেইটামানে ৰাস্তাটো পাৰ হ’বলৈ যো-জা চলায়, কিন্তু পাছ মুহূৰ্ততে একোখন বেগবান গাড়ীৰ ব্ৰেকৰ শব্দত তেওঁলোক ৰাস্তাটোৰ সোঁমাজত যেন বিপৰ্যস্ত হৈ পৰে।

 অফিছৰ দক্ষিণৰ ফালৰ এই খিৰিকিখনে যিমানলৈকে সুবিধাকণ দিছে, ডেনিয়েলে সিমানলৈকে এবাৰ চাই পঠিয়ালে। ইমান বেছি মানুহৰ ভিৰ তেওঁৰ দেশত নাই।

 প্ৰকাণ্ড একোটা অট্টালিকা। সেইবোৰৰ ওপৰত বিভিন্ন আকৃতিৰ ৱাটাৰ ৰিজাৰ্ভাৰ। কাপোৰ মেলি দিব পৰা তাঁৰ; তাঁৰত দোলায়িত গেঞ্জি, পেণ্ট, পেটিকোট। তলত, ৰাস্তাৰ কাষত বিৰাট আকাৰৰ একোখন হ’ৰ্ডিং। সেইবোৰৰ মাজত অতি কৌশলেৰে অৱস্থান কৰি আছে ছিনেমাৰ নায়ক-নায়িকাৰ বিশাল কাট-আউটবোৰে। চিত্তৰঞ্জন এভিনিউৰ এই এলেকাটো যদিও লো, তীখা আৰু ছিমেণ্টে প্ৰায় গ্ৰাস কৰি পেলাইছে, যদিও ইয়াত কাষৰীয়া অঞ্চলবোৰৰ দৰেই একধৰণৰ ৰুক্ষতাই আঁচোৰ মাৰিবলৈ আৰম্ভ কৰিছে, তথাপি ইয়াৰ প্ৰাণচঞ্চলতাই ডেনিয়েলৰ মনলৈ আনি দিছে তেওঁ এৰি থৈ অহা এখন মহানগৰীৰ উত্তাপ। অৱশ্যে সুলেখা এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ এই কোঠাটোত যিখন সাপ্তাহিক কাকতৰ বাবে ডেনিয়েলে ছবি আঁকিবলৈ লৈছে, সেইখনৰ সম্পাদক অনন্তমোহন মিত্ৰই প্ৰায়েই ধেমালিৰ ছলেৰে তেওঁক সকীয়াই আছে যে কলকাতা কলকাতাই, ই কোনোপধ্যেই ডেনিয়েলৰ আমষ্টাৰডাম নহয়। আৰু কলকাতা যে কলকাতাই সেই কথাটো প্ৰমাণ কৰিবলৈকে যেন এই অহৌবলিয়া মহানগৰীখনে যোৱা এটা মাহে তেওঁক দেখুৱাই গৈছে এক অকল্পনীয় আৰু অদ্ভুত ৰোমাঞ্চ।

 সঁচাকৈয়ে, দুৰ্গা পূজা নামৰ শৰৎকালীন এই অনুষ্ঠানটোৰ আয়োজনে কলকাতাৰ মানুহৰ শৰীৰলৈ আনি দিয়ে এক নামহীন জ্বৰৰ উষ্ণতা।

[ ৯১ ]  পূজাৰ মূলপৰ্ব অৱশ্যেই শেষ হৈছে আৰু কালি আবেলিৰপৰা আৰম্ভ হৈছে বিসৰ্জন অনুষ্ঠান। প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুযায়ী আজিও নিৰ্দিষ্ট একোটা পথেৰে শোভাযাত্ৰা কৰি আগবাঢ়ি যাব প্ৰতিমা কঢ়িয়াই নিয়া ট্ৰাক, ভান আৰু বিচিত্ৰ আকৃতিৰ কেৰিয়াৰ। কোনবোৰ ৰাস্তাৰ মূৰত ‘প্ৰবেশ নিষেধ’ বোলা ফলকবোৰ লগোৱা থাকিব, ভিৰৰ কোবত কোনটো বাটেৰে খোজকাঢ়িব পৰা নাযাব, — এই কথাবোৰ ইয়াত বাস কৰা মানুহবোৰৰ মুখস্থ হৈ গৈছে। কিন্তু ডেনিয়েলৰ কাৰণে এই পৰিস্থিতিটো সম্পূৰ্ণ নতুন। আমষ্টাৰডামৰপৰা কলকাতালৈ অহা তেওঁৰ এবছৰো হোৱা নাই। সেইখন মহানগৰীত ষোল বছৰ সংসাৰ কৰাৰ পাছত, প্ৰায় সাতচল্লিছ বছৰ বয়সত ডেনিয়েলে তেওঁৰ দেশত এৰি থৈ আহিছে পত্নী ক্লাৰা আৰু দুটি সন্তান জো আৰু ছ'ফিয়াক।

 ল'ৰা-ছোৱালী দুটালৈ তেওঁৰ বাৰু মনত নপৰেনে? এমছেল নৈৰ পাৰত ক্লাৰাৰ সৈতে তোলোৱা ফটোখনে তেওঁক বাৰু কেতিয়াবা আমনি নকৰেনে? ডেনিয়েলৰ মুখখনলৈ চাই এইবোৰৰ একো ধৰিব নোৱাৰি। তেওঁ আকৌ কেতিয়াবা আমষ্টাৰডামলৈ উভতি যাবনে নাযায়, কাকতত স্কেচ্ছ অঁকাৰ দৰে কম দৰমহাৰ এই চাকৰিটো এৰি আগৰ কোম্পানিৰ কামত যোগ দিবগৈনে নাই সেই কথা এতিয়াই ক’ব নোৱাৰি। প্ৰকৃততে পশ্চিমৰ লোকসকলৰ জীৱনধাৰণৰ পদ্ধতি সম্পৰ্কে নিশ্চিত মন্তব্য দিবই নোৱাৰি। তথাপি ইমানলৈকে হয়তো ক'ব পাৰি যে তেওঁলোকে প্ৰবলভাৱে স্বাধীনতা উপভোগ কৰে, জীৱনত কিছু দুৰ্দান্ত ৰিস্ক লয় আৰু নিৰন্তৰ নতুন কিবা এটাৰ সন্ধানত ঘূৰি ফুৰে। সেইকাৰণে ডেনিয়েলৰ বিবাহ-বিচ্ছেদ আৰু নতুন জীৱন-সন্ধান প্ৰক্ৰিয়াক এটা বিক্ষিপ্ত ঘটনা বুলি অধিক গুৰুত্ব প্ৰদানৰ প্ৰয়োজন নহয়।

 তথাপি ডেনিয়েল সম্পৰ্কে সম্পাদক অনন্তমোহনৰ কিবা এটা সন্দেহ আৰু আশংকা থাকিয়েই যায়। যদিও কাকতখনৰ স্কেচ্ছ আৰু সংলগ্ন ছবিসমূহৰ বাবে ডেনিয়েল ইতিমধ্যে অপৰিহাৰ্য হৈ উঠিছে, যদিও বয়স নিৰ্বিশেষে আন সহকৰ্মীসকলৰ সৈতে ক্ৰমশঃ তেওঁৰ অন্তৰংগতা বাঢ়ি আহিছে, তথাপি অনন্তমোহনে ডেনিয়েল সম্পৰ্কে অলপ-অচৰপ শংকা প্ৰকাশ কৰেই। তেওঁলোক কেতিয়াবা তৰ্কযুদ্ধতো অৱতীৰ্ণ হয়। কিন্তু যেতিয়া নিজৰ দেশৰ সংস্কৃতি সম্পৰ্কে আলোচনা হয়, তেতিয়া অনন্তমোহনক অধিক গৌৰৱান্বিত হোৱা দেখা যায়। আত্মপ্ৰসাদত গৰ্বিত হৈ বাৱন্ন বছৰীয়া সম্পাদকজনে ডেনিয়েলক উপদেশ দিয়া দেখা যায়।

 প্ৰাচ্য আৰু পাশ্চাত্যৰ দুটা বিপৰীতমুখী যেন লগা সংস্কৃতিৰ সপক্ষে যেতিয়া এই প্ৰৌঢ় ভদ্ৰলোক দুজনে নিজৰ-নিজৰ যুক্তি প্ৰদৰ্শন কৰে, তেতিয়া সুলেখা এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ এই কোঠালিটো ভীষণ উপভোগ্য হৈ উঠে। যথেষ্ট ব্যস্ততা সত্ত্বেও ষ্টাফ ৰিপ'ৰ্টাৰ সৌমেন, বিপ্ৰদাস, তনয় মজুমদাৰহঁতে, নতুনকৈ কামত যোগ দিয়া ছাব- এডিটজনে, সপ্তাহৰ প্ৰতিটো শুকুৰ আৰু শনিবাৰে নিৰ্দিষ্ট দুটা পৃষ্ঠাৰ কাম কৰা বৃন্দা [ ৯২ ] নিয়োগীয়ে এই কথাবোৰৰ প্ৰতিটো মুহূৰ্ত যেন গিলিবলৈহে ধৰে। ইতস্ততঃভাৱে তেওঁলোকৰ দুই-একে কেতিয়াবা কোনোবা এজনৰ পক্ষ লয়, কিন্তু সেইবুলি সন্মানীয় মানুহ দুজনৰ কোনো এজনকেই যুক্তিৰে পৰাস্ত কৰিবলৈ তেওঁলোকৰ মন নাযায়।

 দিনটোত কেইবাবাৰো চাহৰ পিয়লা আহে, স্নেকছৰ পেকেট আহে, লেখক ধৰণৰ দুই-এজন ভব্য-গব্য ব্যক্তি আহে আৰু এই সকলোবোৰৰ মাজত ক’তো অকণো আউল নলগাকৈ সাৱলীলভাৱে চলি থাকে কাকতখনৰ কাম। বৃন্দাক অফিছলৈকে আগবঢ়াই থ’বলৈ অহা, স্বঘোষিত অভিভাৱক যেন লগা যুৱক এজনে কেতিয়াবা শনিবাৰ একোটাৰ অনেক সময় বৃন্দাৰপৰা কাঢ়ি ল'ব খোজে। বৃন্দাই কৌশলেৰে সেই পৰিস্থিতিটো আয়ত্তলৈ আনি লয়।

 কিন্তু কাকতৰ অফিছ এটাৰ এই শৃংখলা আৰু সমৃদ্ধিৰ মাজতেই যোৱা মাহত অনন্তমোহনে এদিন আতংকিত হৈ ঘোষণা কৰিলে যে কিবা এটা অথন্তৰ ঘটিবলৈ আৰু বেছি দিন নাই। কিয়নো আবেগজৰ্জৰ কোনো এক মুহূৰ্তত ডেনিয়েলে হেনো অনন্তমোহনক কৈ পেলাইছে যে বৃন্দাক এবাৰ চুই চাবলৈ তেওঁৰ মন যায়।

 মন যাবলৈ জগতত কিমানবোৰ কথা আৰু কাম আছে, অথচ এই বুঢ়াটোৰ হঠাৎ এজনী আঠাইছ বছৰ বয়সৰ গাভৰু ছোৱালীক চুই চাবলৈ মন যায়! কথাষাৰ সৌমেনহঁতৰ যেন বিশ্বাসেই নহ’ল। তনয় মজুমদাৰে অৱশ্যে ক'লে, – ডেনিয়েল শিল্পী মানুহ, তাতে আকৌ পশ্চিমৰ লোক, গতিকে অন্ততঃ ডেনিয়েলৰ বাবে ইয়াত একো অস্বাভাৱিকতা নাই।

 কথাষাৰ সৌভাগ্যবশতঃ হয়তো বৃন্দাৰ কাণত পৰাগৈ নাই। অনন্তমোহনে উদ্বেগ আৰু শংকা মিহলি সুৰেৰে কৈছে,— এইটো কম ভয়ংকৰ কথা হৈছেনে? এইখন ভাৰতবৰ্ষ, ডেনিয়েলৰ হলেণ্ড নহয়; গতিকে তেনেকুৱা দুৰ্দান্ত বাসনা এটা মনত পুহি ৰখাটোৱেই এক অক্ষমণীয় অপৰাধ।

 বৃন্দাই নজনাকৈ পাৰ হৈ যোৱা এই দিনকেইটাত ডেনিয়েল সম্পৰ্কে কিছু চৰ্চা, কিছু সমালোচনা হৈছে। তেওঁৰ চালচলনত সততেই সন্দেহৰ দৃষ্টি ৰখা হৈছে। আৰু এনেকুৱা আমনিদায়ক আৰু অস্বস্তিকৰ পৰিস্থিতিৰ মাজতেই এদিন তেওঁ অত্যন্ত শান্ত আৰু সমাহিতভাৱে কৈছে যে ফুল এপাহ যেনেকৈ চুই চাবলৈ মন যায়, পখিলাৰ ছবিখন ছবি বুলি জনাৰ পাছতো যেনেকৈ চুই চাবলৈ মন যায়, তেনেকৈ, ঠিক তেনেকৈ বৃন্দাক এবাৰ চুই চাবলৈ মন যায়।

 “ভয়ংকৰ তুলনা” —অনন্তমোহনে কয়, —“চোৱা ডেনিয়েল, এয়া তোমাৰ বৃদ্ধ অৱস্থাৰ মতিভ্ৰম। মোৰ দৰে তুমিও এজন বুঢ়া মানুহৰ দৰে আচৰণ কৰিবলৈ যত্ন কৰা।”

 ডেনিয়েলে কয়,—“মই বুঢ়া হোৱা নাই। আঠচল্লিছ কিয়, আঠসত্তৰ বছৰ বয়সতো [ ৯৩ ] মই কিজানি বুঢ়া নোহোৱাকৈ থাকিম। কিন্তু আপুনি কওকচোন, এইটো মোৰ দোষনে কি যে মই কথাবোৰ নতুনকৈ ভাবিব পাৰোঁ, জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰোঁ!”

 “সেইবিলাক মই নুবুজোঁ ডেনিয়েল। মই ইয়াকে বুজোঁ যে তোমাৰ মনত এটা কুৎসিত, অশোভনীয় চিন্তাই বাহ লৈছে।”

 “ওহোঁ,” —ডেনিয়েলে আপত্তি কৰি উঠে – “এইটোক এটা অশোভনীয় কথা বুলি মই কোনোপধ্যেই মানি ল'ব নোৱাৰোঁ। বৰং, যদিহে একো অপকাৰ কৰাৰ মতলব নাথাকে, তেন্তে মোৰ বোধেৰে, সকলোৱে সকলোকে স্পৰ্শ কৰিবলৈ সুযোগ পাব লাগে।”

 “সেইটো বেলেগ কথা। কিন্তু সকলোকে স্পৰ্শ কৰিবলৈ মন যোৱাৰ দৰে ইমান সৰলভাৱে, ইমান নিৰাসক্তভাৱে বৃন্দাক স্পৰ্শ কৰাৰ কথা তুমি ভাবিব পাৰানে?” দবাৰ ব'ৰ্ডখনত এটা বিপন্ন ৰজাক চেক দিয়াৰ কায়দাৰে অনন্তমোহনে সোধে।

 ডেনিয়েলে সেই প্ৰশ্নৰ উত্তৰ সিদিনাই দিব পৰা নাই। কিন্তু দুদিন পাছত তেওঁ বৰ ধীৰ আৰু অনুচ্চ কণ্ঠেৰে কৈছে, — “আসক্তি নাই বুলি ক’বলৈ মই তেনেকৈ নিশ্চিত নহওঁ। তথাপি মোৰ যে তেওঁক চুই চাবলৈ মন যায়, সেই কথাষাৰ খোলাখুলিকৈ ক’বলৈ মোৰ সাহস আৰু সততা আছে।”

 অনন্তমোহনে কয়,—“এইটোত সাহসৰ প্ৰশ্ন নুঠে। ই এটা চূড়ান্তভাৱে সংস্কাৰৰ কথা। ম‍ই যদি ভুল কৰা নাই, তেন্তে প্ৰায় সিমান বয়সৰ নহ'লেও ইতিমধ্যে গাভৰু হোৱা এজনী জীয়ৰী তোমাৰ আছে।”

 “হওঁতে মোৰ ছ’ফিয়াজনী ডাঙৰ এজনীয়েই হ'ল। কিন্তু ছ'ফিয়াৰ বয়সৰ সকলো ছোৱালীকে ছ’ফিয়া বুলি ভাবিবলৈ মোৰ মন নাযায়।”

 এইকেইটা দিনত ব্যস্ততাই এটা চূড়ান্ত ৰূপ পাইছিল। শাৰদীয় বিশেষ সংখ্যাৰ কথা; কাজেই এটা শকত ভলিউমৰ কাম।

 টেবুলে-টেবুলে চাহ আহে, স্নেকছ আহে। লেখক ধৰণৰ ভব্য-গব্য লোকসকলো যথাৰীতি আহি আছে। কম্পিউটাৰৰ মনিটৰত সেইকেইটা দিন পে'জমেকাৰ উলিয়াই বিপ্ৰদাস ব্যস্ত হৈ পৰিছে। নতুন ছাব-এডিটজনে কেপশ্যন এটা আকৰ্ষণীয় কৰিবলৈ যত্ন কৰিছে। সৌমেনে ‘শৰৎ কাল আৰু ৰবীন্দ্ৰনাথ’ জাতীয় লেখা এটাৰ প্ৰুফ চাবলৈ লৈছে।

 ডেনিয়েলে অনন্তমোহনৰ নিচেই কাষতে বহি ফুচফুচাই কোৱাদি কয়, – “আচলতে বৃন্দাক দূৰৰপৰা চাই থাকিলেও ভাল লাগে। তাই যেতিয়া গৰমত ঘামি-জামি ভাগৰুৱা যেন হৈ পৰে, যেতিয়া তাইৰ গাল আৰু কপালত লাগি থকা বিন্দু বিন্দু ঘামত একো- একোডাল চুলি লিপিট খাই লাগি ধৰে, তেতিয়া তাই অপূৰ্ব সুন্দৰী হৈ উঠে। তেনেকুৱা সময়ত, মোৰ এইসোপা কামৰ মাজতেই, তাইৰ অসংখ্য স্কেচ্ছ কৰিছোঁ।”

 অনন্তমোহনে ডেনিয়েলৰ উচ্ছ্বাসত বাধা দিয়ে। তেওঁ কয়, “স্কেচ্ছ কৰালৈকে [ ৯৪ ] তোমাৰ কথাবোৰ বাৰু ঠিক বুলি ধৰি ল'লো। কিন্তু তাৰ পাছত, মানে তাতকৈ বেছিকৈ ভাবিবলৈ তাইৰ এজন ডেকা প্ৰেমিক আছে। তুমি নিজেই দেখিছা প্ৰতিটো শনিবাৰে বৃন্দাক নিবলৈ সেই ডেকা ল'ৰাটো আহে।”

 “দেখিছোঁ। তেওঁ বৃন্দাৰ চকুলৈ চাই-চাই কথা পাতি থকাও দেখিছোঁ। কিন্তু তেওঁ যেন কেৱল বৃন্দাৰ চকুযুৰিৰ কথাহে কয়! তেওঁ যেন কেৱল তাইৰ গালৰ তিলটোৰহে প্ৰশংসা কৰে! কিন্তু বৃন্দাতো তাতকৈ অনেক সমৃদ্ধ! ই জানো এক ধৰণৰ অপচয় নহয়?” – ডেনিয়েলে যেন দবাৰ ব'ৰ্ডত তেওঁৰ বিপন্ন ৰজাটোৰ বাবে এটা নিৰাপদ ঘৰ বিচাৰি পায়।

 অথচ অনন্তমোহনে সেই ৰজাটোক বিপৰ্যস্ত কৰিবলৈ আন এটা সৈনিক আগবঢ়াই দিয়ে। তেওঁ কয়,—“চোৱা ডেনিয়েল, কথাবোৰ তুমি যেনেকৈয়ে নাভাবা কিয়, শেষ কথাটো হ'ল এই যে তাই তোমাৰ নহয়। সেইকাৰণে তাইক চুই চাবলৈ তোমাৰ কোনো অধিকাৰ নাই।”

 “ময়ো লাহে-লাহে বুজি উঠিছোঁ যে মোৰ কোনো অধিকাৰ নাই। অথচ মোৰ মন যায়। মোৰ ফালৰপৰা চাবলৈ গ'লে এইটো কিমান দুখৰ কথা নহয়নে?’—ডেনিয়েলে এটা কৰুণ দৃষ্টিৰে অনন্তমোহনলৈ চায়। তাৰ পাছত তেওঁ পুনৰ ক’বলৈ ধৰে, – “আচলতে স্পৰ্শ আৰু অনুভূতিৰ এটা আচৰিত সম্পৰ্ক আছে। এইটো ঠিক চুইছ এটা টিপি দিলে ক’ৰবাত বাল্ব এটা জ্বলি উঠাৰ নিচিনা কথা। মোৰ ধাৰণা, এদিন যদি কেনেবাকৈ মই বৃন্দাৰ স্পৰ্শ পাওঁ, মই ধন্য হ’ম। মই বোধকৰোঁ সিদিনা সম্পূৰ্ণ হ’ম।”

 অনন্তমোহনে ডেনিয়েলৰ প্ৰত্যয়পূৰ্ণ চকু দুটালৈ চায়। ৰাইন নদীৰ পানীত এনে কি শক্তি আছে যে ডেনিয়েলহঁত নিমিষতে একোটাহঁত ডেকা ল’ৰা হৈ যায়? আমষ্টাৰডামৰ লুণীয়া বতাহত এনে কি যাদু আছে যে তেওঁলোক স্পৰ্শৰ বাবে ব্যাকুল হৈ পৰে?

 বৃন্দাই হয়তো এই কথাবোৰৰ অকণো উমানেই পোৱা নাই। তাই যথেষ্ট ক্ষিপ্ৰতাৰে তাইৰ ভাগৰ কামবোৰ এফালৰপৰা সামৰি গৈছে।

 তাৰ পাছত, —— কাকতখনৰ সেই বিশেষ সংখ্যাটো প্ৰকাশ পোৱাৰ পাছত, যোৱা দহ দিন অফিছ বন্ধ হৈ আছে। এই দহোটা দিন সৌমেন, বৃন্দাহঁত নিজৰ-নিজৰ পৃথিৱীত সোমাই পাৰিছে। ডেনিয়েলো ছল্টলে’কৰপৰা শ্যামবাজাৰলৈ গোসাঁনীৰ প্ৰতিমা আৰু চিত্ৰ-বিচিত্ৰ পেণ্ডেলৰ সাজ-সজ্জা চাই-চাই ঢপলিয়াই ফুৰিছে। হুগলীৰ পাৰত তেওঁ ঘণ্টাৰ পাছত ঘন্টা কেৱল বহিয়েই কটাইছে। বেলুৰ মঠৰ নিজঞ্জাল নীৰৱতাত তেওঁ পাৰ কৰি দিছে অনেক সময়।

 আজি অফিছ খোলা। কিন্তু সেই বুলিয়েই যে সকলোবোৰ আহি গোট খাবহি তাৰ কোনো নিশ্চয়তা নাই। কলকাতাত পূজাৰ পাছৰ দিন দুটাৰ এনে সেৰেঙা উপস্থিতিক হয়তো উপেক্ষা কৰিব পৰা যায়।

[ ৯৫ ]

 সোনকালে অফিছলৈ আহি ডেনিয়েলে দেখিলে, — মাথোন অনন্তমোহন আহিছে। মৃত টেলিফোন এটাৰ ক্ৰেডেলত তেওঁক চপৰিয়াই থকা দেখা গৈছে। যেন আৰু দুবাৰমান আঘাত কৰিব পাৰিলেই তাৰ মাজেৰে প্ৰাণ সঞ্চাৰিত হ'ব।

 “টেলিফোনটো ডেড”—অনন্তমোহনে বিৰক্তিৰে ক'লে,—“লিফটখনো বেয়া হৈ আছে। এনেকুৱা দিনত কামৰ মানুহ পোৱাই মস্কিল।”

 “ৱাচ্চমেনজনক পঠিয়াব নোৱাৰিনে?”—ডেনিয়েলে সুধিলে।

 “আজি সিও ক’ৰবালৈ ওলাই গৈছে। এটা কাম কৰোঁ, মই বৰং নিজেই গৈ কিবা এটা বন্দৱস্ত কৰি আহোঁ।”

 কিছু সময়ৰ বাবে ডেনিয়েল অকলশৰীয়া হ’ল। বেলুৰ মঠৰ কথাটো যেনিবা বেলেগ, কিন্তু চিত্তৰঞ্জন এভিনিউৰ দৰে প্ৰাণচঞ্চল এলেকা এটাত আমন-জিমনকৈ থাকিবলৈ তেওঁৰ ভাল নালাগিল৷ তেওঁ দক্ষিণৰ ফালৰ খিৰিকিখনেৰে তলৰ ৰাস্তাটোলৈ চালে।

 ওপৰৰপৰা চালে বনছাই যেন লগা একো-একোজন মানুহ। গুবৰুৱা পোকটোৰ সমান একোখন মটৰ। তাৰ মাজতো কেনেবাকৈ দুই-এজনক চিনি উলিয়াব পাৰি।

 আৰু তেনেকৈয়ে তেওঁৰ চকামকাকৈ এবাৰ বৃন্দাক দেখা যেন লাগিল। কিন্তু পাছ মুহূৰ্ততে তাই যেন জনছন কুৰিয়াৰ এণ্ড কাৰগ’ লিমিটেড নামৰ কোম্পানি এটাৰ প্ৰকাণ্ড হ’ৰ্ডিং এখনৰ আঁৰত অদৃশ্য হৈ গ'ল। যিটো ফাকেৰে তাই পুনৰ দৃশ্যমান হ’ব পাৰিলেহেঁতেন, বাছ এখনে সেই ফাকটো সাময়িকভাৱে ঢাকি ধৰিলে। প্লাইব’ৰ্ডেৰে নিৰ্মিত আমিৰ খানৰ বিশাল কাট-আউট এটাৰ তলেৰে তেওঁ এবাৰ বৃন্দাক চাবলৈ চেষ্টা কৰিলে।

 হয়, সেইজনী বৃন্দা আহি আছে।

 যান্ত্ৰিক বিজুতিৰ বাবে লিফট যিহেতু বিকল, গতিকে তাই ছিৰি বগায়েই উঠিবলৈ ধৰিছে। শেষৰ ছিৰিকেইটাত তাইৰ ফোপনি উঠিছে। এই অক্টোবৰ মাহতো তাইৰ গাল দুখনত বিৰিঙি উঠিছে বিন্দু-বিন্দু কিছু দুষ্প্ৰাপ্য ঘামৰ মুকুতা। সেই ঘামত তিতি তাইৰ কাণৰ আগেদি বাগৰি যোৱা দুই -তিনিডাল চুলি লিপিট খাই ধৰিছে।

 দহ মিনিট ডেনিয়েলৰ সৈতে কথা পাতি, ওপৰঞ্চি পোন্ধৰ মিনিট অনন্তমোহনলৈ অপেক্ষা কৰি তাই পুনৰ ছিৰি বগাই নামি গ'ল।

 আৰু তাৰ ঠিক কেইটামান মুহূৰ্তৰ পাছত প্ৰায় বাৎসল্যসুলভ চপলতাৰে একপ্ৰকাৰ উধাতু খাই সেই ছিৰিৰে উঠি আহিল অনন্তমোহন। আহিয়েই তেওঁ ডেনিয়েলক সুধিলে –“বৃন্দা আহিছিল?”

 ডেনিয়েলে মূৰ দুপিয়ালে।

 এক ধৰণৰ বুজাব নোৱৰা সুখৰ আতিশয্যৰ অভিব্যক্তি প্ৰকাশ কৰি অনন্তমোহনে ক’লে,—“আস! তুমি বিশ্বাস কৰিবানে ডেনিয়েল, এইমাত্ৰ মোৰ নিচেই কাষেৰে তাই মোক নেদেখাকৈ পাৰ হৈ গ'ল আৰু মই দেখিও তাইক মাতিব নোৱাৰিলো।”

[ ৯৬ ]  “কিয়?”—ডেনিয়েলে বিস্ময়ভৰা চাৱনিৰে সুধিলে।

 “মোৰ ঠিক কি হৈছিল মই ক'ব নোৱাৰোঁ ডেনিয়েল। টেলিফোন বুথৰপৰা এক্সচেঞ্জত কমপ্লে’ন এটা লজ কৰি মই যেতিয়া মানুহৰ জুম এটাৰ মাজেৰে ওলাই আহিবলৈ চেষ্টা কৰিলো, ঠিক তেতিয়াই বৃন্দা মোৰ নিচেই কাষেৰে পাৰ হৈ গ'ল। পাৰ হৈ যাওঁতে তাইৰ পাৰফিউম আৰু ঘাম মিহলি গোন্ধ এটা মোৰ নাকত লাগিল। খমখমীয়া হৈ থকা তাইৰ নতুন কপাহী শাৰীৰ আঁচলখনো মোৰ বাহুত লাগিল। মই মন কৰিলো, তাই ঘামিছে। আৰু মই যেন হঠাৎ তোমালোকৰ পশ্চিমৰ মানুহবোৰৰ দৰে এজন ডেকা মানুহ হৈ পৰিলো!”

 “আপুনি তেতিয়া কি কৰিলে?”

 “একো নকৰিলো। মাথোন তাই গম নোপোৱাকৈ তাই গৈ থকা দৃশ্যটো চাই থাকিলো এখন্তেক। তুমি ঠিকেই কৈছা ডেনিয়েল, স্পৰ্শ আৰু অনুভূতিৰ এটা আচৰিত সম্পৰ্ক আছে। মোৰ এতিয়া এনে লাগিছে যেন মোৰো এবাৰ বৃন্দাক চুই চাবলৈ মন যায়।”

 ডেনিয়েলে মিচিকিয়াই হাঁহিলে আৰু ক’লে, —“তাই আপোনাৰ বাবে পোন্ধৰ মিনিটমান অপেক্ষা কৰিছিল। কাম কৰিবলৈ নহয়, মাথোন বিজয়াৰ প্ৰণাম জনাবলৈ তাই আজি অনেক ব্যস্ততাৰ মাজতো অফিছলৈ আহিছিল।”

 “তাৰ পাছত?”

 “পাঁচ মিনিটমানৰ ভিতৰত তাই মোক আপোনালোকৰ এই লোকাচাৰটোৰ বিষয়ে মোটামুটিকৈ এটা ধাৰণা দিলে। তাৰ পাছত তাই হাওলি মোৰ ভৰিত তাইৰ হাত দুখন লগাই দিলে। আনকি তাইৰ মূৰটোও তাইৰ হাত দুখনৰ যিমান ওচৰলৈ পাৰি সিমান ওচৰলৈ নিলে।”

 “তুমি কি কৰিলা?”

 “মই একপ্ৰকাৰ অভিভূত হৈ পৰিলো। মোৰ যেন হঠাৎ আপোনালোকৰ প্ৰাচ্যৰ মানুহবোৰৰ দৰে আচৰণ কৰিবলৈ মন গ'ল। আৰু মই মোৰ সোঁহাতখন আচম্বিতে তাইৰ মূৰৰ ওপৰত থ’লো।—কথাটো বৰ আচৰিত নহয়নে?”


 জয় আৰু পৰাজয়ৰ দোমোজাত দুজন বিহ্বল, পৌঢ় ভদ্ৰলোকক কিছুপৰ মৌন হৈ থকা দেখা গ'ল। কেইটামান বিৰল, অনিৰ্ণেয় মুহূৰ্তৰ স্পৰ্শই তেওঁলোকক লাহেকৈ জোকাৰি গ’ল। যেন ক'ৰবাত বাল্ব এটা জ্বলি উঠিল; ক'ৰবাত ফেন এখনৰ নিঃশব্দ ঘূৰ্ণন আৰম্ভ হ'ল।


প্ৰান্তিক, ১ জুন, ২০০২