ওভতনি যাত্ৰা আৰু অন্যান্য/ওভতনি যাত্ৰা

ৱিকিউৎসৰ পৰা

[ ১০৩ ]


ওভতনি যাত্ৰা

 কথাবোৰ মই পাহৰিবলৈ আৰম্ভ কৰিছোঁ। মানুহৰ নাম পাহৰোঁ, দৰবৰ সময় পাহৰোঁ; মোৰ অকণমানি ছোৱালীজনীক স্কুল ছুটীৰ পাছত স্কুটাৰখনেৰে ঘৰলৈ অনাটো মোৰ নিতৌ কৰিবলগীয়া এটা কাম,— কেতিয়াবা সেইটো পাহৰি থাকোঁ।

 স্কুলৰ চৌহদত এজনী ছবছৰীয়া ছোৱালী দেউতাকৰ অপেক্ষাত অকলে, অসহায়ভাৱে ৰৈ থাকে; দেউতাক তেতিয়া সাতমাইল দূৰৈৰ মেছাৰ্ছ চুনীলাল ফাৰ্মেছিউটিকেলছ নামৰ দোকান এখনৰ বাৰাণ্ডাত।

 আমেৰিকাৰ ইৰাক আক্ৰমণ আৰু কুৱেইটৰ ভৱিষ্যৎ সম্পৰ্কে মই হয়তো সেইটো মুহূৰ্তত খুবেই উদ্বিগ্ন। মোৰ বন্ধু ৰমণী বৰ্মন,—ফ্ৰান্স ফুটবল দলৰ প্ৰদৰ্শন সম্পৰ্কে তেওঁ প্ৰশিক্ষক মিশ্বেল প্লাটিনিতকৈও অধিক উৎসাহী; তেওঁক যুক্তিৰে পৰাস্ত কৰিবলৈ ব্ৰাজিলৰ সপক্ষে মোৰ কণ্ঠ তেতিয়া হয়তো সপ্তম স্বৰত। ফলাফল যিয়েই নহওক, এটা এৰা-ধৰাৰ মনোভাব হয়তো খুবেই আসন্ন, তেনে এক শিথিল পৰিস্থিতিত বৰ্মনে হঠাৎ কৈ পেলায়,—“এই ফুটবল চাবলৈকে মোৰ ল’ৰাটোৱে দুদিন স্কুল খতি কৰিলে, সেইকাৰণে মই তাক—”

 “স্কুল?” – বিস্মৃতিৰ শেতেলিৰ পৰা মই যেন হঠাৎ সাৰ পাই উঠো।

 “এৰা, দুদিন স্কুল খতি”—বৰ্মনে শান্তভাৱে কয়।

 “সৰ্বনাশ”—মই প্ৰায় চিৎকাৰ কৰি উঠো। তাৰ পাছত স্বাভাৱিকতেই মই আৰু স্থিৰেৰে থাকিব নোৱাৰোঁ। মোৰ মনত পৰি যায় যে মোৰ ছবছৰীয়া ছোৱালীজনী তেতিয়াও হয়তো তাইৰ স্কুলৰ শূন্য প্ৰায় চৌহদত। ত্ৰিভংগ মুৰাৰীৰ দৰে ৰৈ থকা স্কুটাৰখনত মই খৰখেদাকৈ কিক মাৰিবলৈ লওঁ—এবাৰ, দুবাৰ, তিনিবাৰ, অথচ ষ্টাৰ্ট নহয়। বৰ্মনে হয়তো একো তৰ্কিবই নোৱাৰে। ভিতৰৰ পৰা ফামেৰ্ছিৰ গৰাকীজনে চিঞৰে,—“ছাৰ, এয়া আপোনাৰ স্কুটাৰৰ চাবি।”


 এলানি জবৰদস্ত প্ৰশ্নক্ৰমৰ আয়োজন কৰি পৰিবাৰে মোক সুধিলে,—“কেনেকৈ?”

 “কি কেনেকৈ?”— মই অলপ নিশ্চিত হ’বলৈ যত্ন কৰিলো।

 “ছোৱালীজনীৰ স্কুল ছুটীৰ কথাটো কেনেকৈ তুমি পাহৰি থাকিব পাৰা?”— ভীষণ খং মিহলি হৈ থাকিলেও তেওঁ প্ৰশ্নটোৰ এটা শিল্পসন্মত ৰূপ দিলে। মই বুজাবলৈ [ ১০৪ ] চেষ্টা কৰিলো যে মোৰ ভুলটো হ’ল,—মই পাহৰি গ'লো যে আজি মাহটোৰ দ্বিতীয় শনিবাৰ আৰু মোৰ অফিছ যিহেতু বন্ধ, গতিকে মই ধৰি ল'লো যে সকলো বন্ধ, কিন্তু প্ৰকৃততে যে সকলো খোলা, সেই কথাটো মোৰ ঠিক খেয়াল নহ'ল। মোৰ বুজনিৰ শেষডোখৰত এটা দোষী-দোষী ভাব প্ৰকাশ কৰিবলৈ মই ক'লো,—“হয়তো এটা সময়লৈকে মনত আছিল, তাৰ পাছত মই পাহৰি গ'লো, বৰ বেয়াকৈ পাহৰি গ'লো নিবেদিতা।”

 “বেছ, মোৰ নামটোযে তুমি পাহৰা নাই তাৰ কাৰণে ধন্যবাদ”—পৰিবাৰে এটা কেলকুলেটেড খোঁচ মাৰিলে। তাৰ পাছত তেওঁ আন এটা প্ৰশ্নবাণ নিক্ষেপ কৰিলে,— “এটা মানুহ মাতি বেডৰুমৰ ফেনখন মেৰামতি কৰোৱাৰ কথাষাৰ যে এসপ্তাহ ধৰি কৈ আছোঁ, সেইটো মনত আছেনে?”

 মই এটা তৃতীয় শ্ৰেণীৰ অপৰাধীৰ দৰে তলমূৰ কৰিলো আৰু তেনেকৈ থাকিয়েই ক'লো, - ‘ওহোঁ, মই সেইটোও পাহৰি আছোঁ।”

 “পাহৰিবাই”— এটা অভিজ্ঞ স্বৰেৰে তেওঁ ভোৰভোৰালে আৰু তাৰ পাছত বিষয়টোৰ এটা নিষ্পত্তিৰ বাবে পৰামৰ্শ দিয়াৰ সুৰত ক'লে,—“আচলতে এই মুহূৰ্তত তোমাৰ কিহৰ প্ৰয়োজন জানানে?”

 “নাজানো”—মই এটা নিৰ্বোধ বালকৰ দৰে ক'লো।

 তেওঁ ক'লে,—“এজন মানসিক চিকিৎসকৰ।”


 এদিন যেতিয়া সঁচাকৈয়ে মই উপলব্ধি কৰিলো যে মোৰ পাহৰা স্বভাৱটো মোৰ পৰিয়াল আৰু মোৰ বাবে খুবেই উদ্বেগজনক আৰু অচিৰেই এটা ব্যৱস্থা হাতত নল'লে মোৰ স্মৃতিশক্তি অৱস্থান কৰিব মোৰ নিয়ন্ত্ৰণৰ বাহিৰত, তেতিয়া মোৰ ভাব হ’ল যে এজন চিকিৎসকৰ আশ্ৰয় লোৱাটো একো অন্যায় কথা নহ’ব। মোৰ কোনোবা এজন সহপাঠীয়ে পাছলৈ এজন মানসিক ৰোগ বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল, অথচ তেওঁৰ নামটো কোনেপধ্যেই মোৰ মনত নপৰিল।

 মহানগৰীৰ টেলিফোন ডাইৰেক্টৰিখন উলিয়াই চিকিৎসকৰ তালিকাখনত এবাৰ চকু ফুৰাই ল'লো। পৰিচিত নহ'লেও এটা নাম মোৰ বেয়া নালাগিল। অৰ্থাৎ ধৰি ল'ব পাৰি যে এজন চিকিৎসকৰ সন্ধান পোৱা গ'ল। টেলিফোনৰ সিটো প্ৰান্তৰপৰা মোক জনোৱা হ’ল যে চিকিৎসকজনৰ ঘৰ আৰু সংলগ্ন চেম্বাৰ মহাত্মা গান্ধী পথত আৰু আগতীয়াকৈ জনাই থ'লেহে মোৰ নাম সিদিনালৈ চাবলগীয়া ৰোগীৰ তালিকাত লিপিবদ্ধ কৰাটো সম্ভৱ।

 অৱশ্যে এই কথাটো মই নিশ্চয়কৈ জানো যে মহানগৰীত চিকিৎসক যদিও অসংখ্য, তথাপি ৰোগীৰ সংখ্যাটো যিহেতু হাজাৰ গুণে ডাঙৰ, গতিকে এপইণ্টমেণ্টৰ বাবে আগতীয়া [ ১০৫ ] যোগাযোগৰ খুবেই প্ৰয়োজন। মই তেওঁক সংক্ষেপে জনাই থ'লো যে সোমবাৰে অফিছৰপৰা বাহিৰে বাহিৰে গৈ গধূলিৰ পোন্ধৰ-কুৰিটা মিনিট তেওঁৰ চেম্বাৰত কটোৱাত মোৰ কোনো আপত্তি নাই।

 অথচ কাৰোবাক সময় দি আহিলে মই বেছিহে উদ্বিগ্ন হৈ পৰোঁ। সমগ্ৰ দেওবাৰটো মই এজন চিকিৎসকৰ সৈতে থকা এপইণ্টমেণ্টৰ কথা সুঁৱৰি পণ্ড কৰিলো। সোমবাৰে অফিছৰ নৈমিত্তিক কামবোৰত মোৰ মন নবহিল। সিদিনা সহকৰ্মীসকলৰ সৈতে অবান্তৰ কথ পতাৰ ৰিস্ক নল'লো। কোনোবাই মোৰ এজন প্ৰিয় সংগীতজ্ঞ সম্পৰ্কে এটা কটু মন্তব্য আগবঢ়াইছিল, মই তাক অতি সতৰ্কতাৰে উপেক্ষা কৰিলো আৰু ঘড়ীত যেতিয়া পাঁচ বাজি পঞ্চল্লিছ মিনিট পাৰ হ’ল, ছিটিবাছৰ হেঁচা-ঠেলাৰ মাজেৰে এটা সুৰুঙা উলিয়াই মতিলাল নেহৰু পথৰ কোনো এটা বাছ-ষ্টপত উৎকণ্ঠিত হৈ মই নামি পৰিলো আৰু পূৰ্ণোদ্যমে মোৰ চিকিৎসকৰ ঘৰটো বিচাৰিবলৈ আৰম্ভ কৰিলো, তেনে এক আহুকলীয়া সময়ত কোনো এক সদাশয় লোকে মোৰ প্ৰতি কিছু সহানুভূতিশীল হৈ ক’লে যে সেই নামৰ এজন চিকিৎসক মতিলাল নেহৰু পথত নহয়, বৰং তিনিমাইল দক্ষিণৰ মহাত্মা গান্ধী পথত থকাটো সম্ভৱ। মোৰ মনত পৰিল যে কথাটো ঠিকেই, কালি ৰাতিলৈকে কথাটো মোৰ ঠিকেই মনত আছিল, কিন্তু দুপৰীয়া অফিছৰ কামৰ হেঁচাত পৰি মই মহাত্মা গান্ধীৰ দৰে এজন নিঃকিন বস্ত্ৰ পৰিহিত ব্যক্তিক আচম্বিতে মতিলাল নেহৰু কৰি পেলালো। অৱশ্যে ৰাস্তাৰ অপৰিচিত মানুহকতো ইমান কথা কোৱাৰ প্ৰয়োজন নাই, গতিকে মোৰ ভুলটোৰ এটা গতি লগাবলৈ চেষ্টা কৰি-কৰি ক’লো,—“আপোনাক ধন্যবাদ, কিন্তু ছেঃ, কোনোবাই মোক ভুল ঠিকনা এটাহে দিলে।”

 অৱশেষত চিকিৎসকৰ সৈতে মোৰ সাক্ষাৎ হ’ল আৰু বৰ বেছি পাতনিৰ প্ৰয়োজন অনুভৱ নকৰি মই তেখেতক পোনে-পোনে ক'লো যে দীঘলীয়া চিকিৎসা পদ্ধতিত মোৰ মুঠেও বিশ্বাস নাই, গতিকে এনে কোনো টেবলেট বা কেপছুলৰ সন্ধান যদি তেওঁ দিব পাৰে যাৰ সহায়ত অতি সোনকালে আৰোগ্য লাভ কৰিব পৰা যায়, তেন্তে যথেষ্ট কৃতজ্ঞতাৰে সৈতে মই কিছু ধন-বিত খৰচ কৰিবলৈ ইচ্ছুক। কিন্তু মোক একপ্ৰকাৰ হতাশ কৰি তেওঁ জনালে যে চিকিৎসাবিজ্ঞানত তেনে কোনো চমৎকাৰ বিধান থকাৰ বিষয়ে তেওঁ অৱগত নহয়।

 সুসজ্জিত চেম্বাৰৰ ভিতৰত ৰোগীৰ গোপনীয়তা ৰক্ষা কৰিব পৰা এটা আছুতীয়া কোঠাৰ আটাইতকৈ বিতৰ্কিত চকীখনত বহি মই লক্ষ্য কৰিলো যে চিকিৎসকজনৰ চেহেৰা আৰু তেওঁৰ নামৰ পাছত ৰে'লগাড়ীৰ দবাৰ দৰে লাগি থকা অসংখ্য ডিগ্ৰীৰ শাৰীটোৰ পৰা অন্ততঃ এটা সিদ্ধান্তলৈ আহিব পাৰি যে তেওঁৰ ওচৰত মোটামুটিভাৱে আত্মসমৰ্পণ কৰিব পৰা যায়। প্ৰাথমিক পৰিচয় আৰু দুই-চাৰিটা ভদ্ৰতাসূচক বাক্য বিনিময়ৰ পাছত তেওঁ ক'লে যে সমস্যাটো যিহেতু চূড়ান্তভাৱে মানসিক, গতিকে এইক্ষেত্ৰত এটা প্ৰণালীবদ্ধ [ ১০৬ ] অধ্যয়নৰ দৰকাৰ। কথাটোত মই সন্মতি জনালো আৰু পাহৰি যোৱাৰ আশংকাত জেপৰপৰা তেতিয়াই অলপ মাননি উলিয়াই টেবুলখনৰ ওপৰত থকা পেপাৰ-ৱে’ৰ্ট এটাৰ তলত গুঁজি দিলো।

 “কেতিয়াৰপৰা? মানে মই সুধিব খুজিছো যে আপুনি কেতিয়াৰপৰা পাহৰে?”

 প্ৰাথমিক পৰ্যবেক্ষণৰ নমুনা হিচাপে তেওঁ মোক সুধিলে। প্ৰশ্নটোত মই অলপ কৌতুক অনুভৱ কৰিলো।

 “খুব সৰুতে মই নেওতা পাহৰিছিলো”—মই ক'লো।

 “নেওতা সকলোৱেই পাহৰে”—চিকিৎসকজনে অলপ গহীন হ’বলৈ চেষ্টা কৰি ক’লে,— আপোনাৰ স্মৃতিভ্ৰংশৰ ঘটনাটো ঠিক কেতিয়াৰপৰা আৰম্ভ হ'ল বুলি আপুনি অনুভৱ কৰে?”

 “পাহৰিলো”— মই অসহায়ভাৱে ক'লো।

 “বেছ আমোদজনক”— তেওঁ নিজকে কোৱাদি ক'লে।


 মোৰ ধাৰণা হ’ল যে পৰ্যবেক্ষকসকলৰ বাবে আমাৰ দৰে মানসিক ৰোগীসকল চিৰকালেই একো একোটাহঁত আমোদজনক উপাদান।

 এখন্তেক ৰৈ তেওঁ এটা পোনপটীয়া প্ৰশ্ন কৰিলে,— “আপুনি এনে কোনো স্পষ্ট কাৰকৰ উল্লেখ কৰিব পাৰেনে, যেনে ধৰক কোনো জটিল পাৰিবাৰিক সমস্যা বা অফিছৰ ক্ৰমবৰ্ধমান টেনছন য’ৰপৰা আপুনি স্ব-ইচ্ছাই বা অজ্ঞাতসাৰে পলায়ন কৰিব খোজে?”

 “নাই, মই জনাত মোৰ তেনে কোনো পাৰিবাৰিক সমস্যা নাই। মোৰ নিজৰ দুই- চাৰিটা সৰু-সুৰা ধৰণৰ দোষ-ত্ৰুটি থাকিলেও সংসাৰ পৰিচালনাৰ ক্ষেত্ৰত মোৰ পৰিবাৰৰ নিষ্ঠা অতুলনীয়”—কথাষাৰ কওঁতে মই একধৰণৰ গৌৰৱ অনুভৱ কৰিলো। চিকিৎসকজনে মিচিকিয়াই হাঁহিলে।

 মই লক্ষ্য কৰিলো যে কোঠালিটোৰ বেৰত দুখন মনোমোহা পেইণ্টিং, টেবুলত এটা ৰুবিক কিউব, বেলেগ-বেলেগ আকাৰ আৰু ৰঙৰ কেইটামান জ্যামিতিক অৱয়ব। অৱশ্যে সেইবোৰৰ প্ৰয়োগ পদ্ধতি সম্পৰ্কে মই বিশেষ নিশ্চিত হ’ব নোৱাৰিলো।

 মোক মনত পেলাই দিবলৈ তেওঁ পুনৰ সুধিলে,— “অফিছৰ টেনছন?”

 “এফালৰপৰা চবলৈ গ'লে মোৰ অফিছৰ কামবোৰ তেনেই ৰুটিন-আবদ্ধ; তাত মই বেছ অভ্যস্ত। কিন্তু আপুনি যদি কথাষাৰ প্ৰাসংগিক বুলি বিবেচনা কৰে, তেন্তে মই ক’ব পাৰোঁ যে অফিছৰ সামগ্ৰিক পৰিচালনাত এটা চূড়ান্ত অব্যৱস্থা সততে ক্ৰিয়াশীল; সেইটো মই কোনোপধ্যেই হজম কৰিব নোৱাৰোঁ।”

 “পাই গ'লো”—চিকিৎসকজনে এটা সিদ্ধান্তত উপনীত হোৱাৰ দৰে এটা ভংগী দেখুৱালে। তাৰ পাছত পেছাগত দক্ষতাৰে ৰাইটিং পেড এখনত কিবাকিবি লিখি , সেইখন [ ১০৭ ] মোৰ ফালে আগবঢ়াই দি ক'লে,— “নেক্সট এপইণ্টমেণ্ট শুকুৰবাৰে গধূলি ছয় বজাত।”

 চিকিৎসকজনক মই বৰ কৰুণভাৱে সুধিলো,—“মোৰ আৰোগ্যৰ কিবা আশা আছেনে?”

 “আছে আছে”—তেওঁ মোক আশ্বস্ত কৰিবলৈ চেষ্টা কৰি ক’লে,—আপোনাৰ যে অনেক কথাই মনত আছে, অৰ্থাৎ আপুনি যে সকলো পাহৰা নাই সেইটোৱেই যথেষ্ট আশাৰ কাৰণ।”

 তেওঁ মোক ইয়াকো জনালে যে মানসিক ৰোগৰ চিকিৎসা প্ৰকৃতপক্ষে এক বিৰাট কাৰবাৰ। ইয়াত অনেক ক্ষেত্ৰতেই ছাইক’ডায়েগন’ষ্টিক ইভেলুৱেশ্যনৰ বাবে ৰোগীক ক্লিনিকেল ছাইক’লজিষ্টৰ ওচৰলৈ পঠিওৱা হয়। প্ৰয়োজনসাপেক্ষে ইলেক্ট্ৰ’-কনভালছিভ থেৰাপি (চমুকৈ ই. ছি. টি.) আৰু ইলেক্ট্ৰ’ এনকেফেল’গ্ৰামৰ (চমুকৈ ই. ই.জি.) প্ৰয়োগ এটা যেন নিয়মিত ঘটনা। সেইবোৰৰ তুলনাত মোৰ সমস্যাটো তেনেই তুচ্ছ। এয়াতো সম্পূৰ্ণ স্মৃতিভ্ৰংশও নহয়। এনেকুৱা তুচ্ছ বিভ্ৰমৰ ক্ষেত্ৰত নিতৌ নিশা এটাকৈ কুৰি মিলিগ্ৰাম শক্তিৰ ‘জেট’ নতুবা ‘পাৰি’ নামৰ এবিধ টেবলেটৰ ওপৰত ভাৰসা কৰিব পৰা যায়।

 মই তেওঁক বিনয়েৰে সুধিলো,—“এটা বিকল্প হিচাপে ব্ৰাহ্মীশাক অথবা শতমূলৰ শিপাৰ ৰসৰ কিবা কাৰ্যকৰী ভূমিকা থাকিব পাৰে নে কি?” তেওঁ মোক শাসনসুলভ স্বৰেৰে ক’লে,—“চাওক, আপোনাৰ ৰোগটোৰ এনে কোনো জটিলতা নাই। প্ৰকৃততে কোনো দৰব নোহোৱাকৈ আপোনাৰ চিকিৎসা সম্ভৱ। মাথোন অলপ সময়ৰ প্ৰয়োজন।”

 একধৰণৰ সশ্ৰদ্ধ দৃষ্টিৰে মই তেওঁলৈ চাই থাকিলো। চাই থাকোঁতে-থাকোঁতে মই যেন বহুত দূৰৰ ক'ৰবালৈ গুচি গ'লো। এই ‘গুচি যোৱা’ক দাৰ্শনিক আৰু কবিসকলে ‘হেৰাই যোৱা’ বুলি কয়।

 “মন কৰিলেনে মই কি কৈছোঁ?”—চিকিৎসকজনে মোক সোঁৱৰাই দি ক'লে,— “সময়ৰ প্ৰয়োজন; কেইটামান এপইণ্টমেণ্ট আৰু অলপমান সময়।”


 পাছৰ দুমাহত কেইবাদিনো মই মোৰ মানসিক ৰোগ বিশেষজ্ঞজনৰ কাষ চাপিছোঁ। মই তেওঁক বুজাই দিছোঁ যে সহকৰ্মীসকলৰ অৰ্থলোভ আৰু তোষামোদৰ কাৰবাৰটোৱে মোক বিৰক্ত কৰাটো সঁচা, কিন্তু অতিবাহিত হোৱা শেষ দুটা বছৰত যিটো কথাই মোক বেছি হতাশ কৰিছে, সেইটো হ’ল মোক লেং মাৰি বগৰাই কৰা মোৰ তলতীয়া কৰ্মচাৰী- বিষয়াৰ পদোন্নতিৰ কথাটো। অৱশ্যে মোৰ অফিছৰ শৃংখলা ঘূৰাই অনাৰ ক্ষেত্ৰত চিকিৎসকজন যে নিৰুপায় সেই সম্পৰ্কে সোঁৱৰাই দি তেওঁ ক’লে,—“মই মাথোন আপোনাক মনত পেলোৱাৰ কেইটামান কিটিপ শিকাব পাৰোঁ।” এটা টেলিফোন নম্বৰৰ [ ১০৮ ] ধৰক।”

 মই স্পষ্টকৈ উচ্চাৰণ কৰি পঢ়িলো,—“দুই, আঠ, পাঁচ, ছয়, দুই, আঠ।”

 “সুন্দৰ,”—এটা শিশুৰ শুদ্ধ উচ্চাৰণক আমি যেনেকৈ প্ৰশংসা কৰোঁ তেনেকৈ তেওঁ মোক প্ৰশংসা কৰিলে আৰু এখন্তেক ৰৈ পুনৰ ক’লে,— “কিন্তু নম্বৰটো তেনেকৈ আপুনি মনত ৰাখিব নোৱাৰিব।”

 “নোৱাৰিম?”— মই সুধিলো।

 “সম্ভাৱনা কম”—তেওঁ ক'লে।

 “এতিয়া উপায়?”— মই পুনৰ সুধিলো।

 “সেই নম্বৰটোকেই আপুনি তিনিভাগ কৰি এনেকৈ পঢ়ি চাওক,— আঠাইছ, ছাপন, আঠাইছ—আৰু মন কৰক যে ছাপন সংখ্যাটো আঠাইছৰ দুগুণ।”

 “চমৎকাৰ”— এইবাৰ মই তেওঁক প্ৰশংসা কৰিলো। অৱশ্যে তেওঁ মোক জনালে যে নম্বৰ মনত ৰখা কথাটোত বিশেষ উৎফুল্ল হোৱাৰ কোনো প্ৰয়োজন নাই, কিয়নো মূল সমস্যাটো হৈছে মোৰ মনঃসংযোগহীনতা আৰু সম্ভৱতঃ মানসিক ডিপ্ৰেছন। তেওঁ মোক দুখনমান পুস্তিকা দিলে আৰু মই তাত আগ্ৰহেৰে লক্ষ্য কৰিলো যে স্মৃতিশক্তিৰ মূল কথাটো হৈছে কোনো এটা বস্তু বা মানুহ বা তথ্যৰ প্ৰতি আমাৰ আগ্ৰহৰ মাত্ৰা আৰু তেনে অসংখ্য আগ্ৰহৰ বস্তু বা মানুহ বা তথ্যৰ ক্ষেত্ৰত আমি দিয়া অগ্ৰাধিকাৰ। আনহাতে আমাৰ দৈনন্দিন চৰ্চাৰ বিষয়বোৰক আমি সাধাৰণতে নাপাহৰোঁ। স্বাভাৱিক অৱস্থাত সেয়েহে আমি পৰিয়ালৰ নিকট আত্মীয়সকলক নাপাহৰোঁ; নিজৰ অফিছ-কাছাৰীলৈ যোৱা ৰাস্তাবোৰ নাপাহৰোঁ, মুখৰ ভাষাটো আৰু লিখা আখৰবোৰ নাপাহৰোঁ; কিন্তু এই সকলোবাৰ সম্ভৱ মাথোন স্বাভাৱিক অৱস্থাত থকালৈকেহে। আৰু কোনো বিশেষ কাৰণত যদি ছাইক’টিক ডিছ-অৰ্ডাৰ, অৰ্থাৎ মগজুৰ নিউৰনবোৰত কিবা খেলিমেলি লাগে, তেতিয়া মগজুৰ বিভিন্ন অংশত বৈদ্যুতিক ষ্টিমুলেশ্যন নামৰ এবিধ প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব পৰা যায়।

 মই বৰ শংকিত হ’লো। মোৰ অফিছলৈ যোৱাৰ বাটত ইলিয়াচ নামৰ এজন বৃদ্ধ, উন্মাদ লোকক সততে লগ পাওঁ; তেওঁৰ প্ৰতি আজিকালি মোৰ মনত অপাৰ কৌতূহল জন্মে। মই মন কৰোঁ, বাটত টিঘিলঘিলাই ফুৰা দুষ্ট ল’ৰাবোৰে প্ৰায়েই তেওঁৰ গালৈ শিলগুটি অথবা গছৰ সৰু ঠাল একোটা দলিয়ায় আৰু তেওঁ সেইবোৰ বুটলি পৰম তৃপ্তিৰে কামুৰিবলৈ আৰম্ভ কৰে। তেওঁৰ মগজুৰ স্নায়ুকোষবোৰে হয়তো ঠাৱৰ কৰিব নোৱাৰে কোনটো নিৰস ফৰ্মুটি, কোনডাল ৰসাল কুঁহিয়াৰ। তথাপি তেওঁ আপোনমনে কিবাকিবি ভোৰভোৰায়, যাৰ অৰ্থোদ্ধাৰ বাটৰুৱাৰ বাবে এক জটিল বিষয়।

 কেতিয়াবা ম‍ই গা ধুবলৈ বাথৰুমত সোমাই পাহৰাৰ কোবত গাটোত এক বিন্দু পানী নঢলাকৈ গুচি আহোঁ। কি ঠিক, এদিন কিজানি পেণ্টটো পিন্ধিবলৈ পাহৰি বাটলৈ ওলাই যাম। স্কুলীয়া ল’ৰাই মোক লৈ মস্কৰা কৰিব, আতংকিত হৈ পৰিব কোনোদিনেই ঝামেলাত [ ১০৯ ] নোসোমোৱা আবিয়ৈ গাভৰু আৰু ভদ্ৰমহিলাসকল।

 আশাৰ কথা এইযে একধৰণৰ প্ৰণালীবদ্ধ চিকিৎসাই মোক লাহে-লাহে সুস্থ কৰি তুলিব। মই ইতিমধ্যেই বুজনসংখ্যক প্ৰমাণ পাবলৈ আৰম্ভ কৰিছোঁ। এতিয়া মই বিদ্যুৎ- ক্ষিপ্ৰ বেগেৰে ক'ব পাৰোঁ যে মোৰ চিকিৎসকজনৰ ফোন নম্বৰটো আঠাইছ ছাপন আঠাইছ আৰু সেই ফোন থকা ঘৰটো মতিলাল নেহৰু পথত নহয়, বৰং মহাত্মা গান্ধী পথত অৱস্থিত।

 এতিয়া মোৰ মন আৰু মগজুৰ ভালেখিনি কথা নিৰ্ভৰ কৰিব মোৰ দৈনন্দিন জীৱনযাত্ৰাৰ ওপৰত। খুব বেছি জটিলতালৈ নগৈ এতিয়া মই মোৰ টোপনিৰ ওপৰত গুৰুত্ব দিয়াটো যুগুত। মোৰ চিকিৎসকে কৈছে, মই ইচ্ছা কৰিলে বহুত দীঘলীয়া এখন প্ৰেছক্ৰিপশ্যন লিখিব পাৰোঁ, কিন্তু মনত ৰাখিব যে আঠ ঘণ্টাৰ এটা ভাল টোপনিতকৈ শক্তিশালী দৰবৰ নাম চিকিৎসাবিজ্ঞানত নাই।”

 তেওঁ মোক এইটোও জনালে যে এটা গাঢ় টোপনিৰ বাবে বিছনালৈ যোৱাৰ কেইঘণ্টামান আগতে চাহ-কফি-ছিগাৰেট পৰিহাৰ কৰাটো দৰকাৰ আৰু যদি দৰব বুলিবলৈ কিবা এটা নহ'লেই নহয়, তেন্তে শুবলৈ যোৱাৰ এঘণ্টা আগতে এটা কেলছিয়াম বা মেগনেছিয়াম ছাপ্লিমেন্ট খাব লাগে। আনকি ভেনিলা বা লেভেণ্ডাৰ ছেণ্ট থাকিলে এবাৰ শুঙি চোৱাটোও বেয়া কথা নহয়। অৱশ্যে মানসিক চাপ কমাবলৈ আজিকালি অনেকেই কৰিবলৈ লৈছে –দিনত এঘণ্টাকৈ, সপ্তাহত চাৰিদিন—এৰ'বিক অনুশীলন।

 এই গোটেইখিনি পৰামৰ্শক মোৰ ৰথৰ সাৰথি কৰি এটা সতৰ্ক যাত্ৰা আৰম্ভ কৰিছোঁ। বেচেৰা উন্মাদ, বৃদ্ধ ইলিয়াচৰ সেই যাত্ৰাৰ বাবে আৱশ্যকীয় ৰচদ-পাতি নাই।

 যদিও ইয়াৰ মাজতে ভুলতে এদিন মোৰ প্ৰতিবেশী অৱনী বৰুৱাক তেওঁৰ পিতৃৰ কুশল-বাৰ্তা সুধিছোঁ,—ছমাহ আগতে যাৰ শ্ৰাদ্ধৰ চামিয়ানা টনাত মই নিজেই অংশগ্ৰহণ কৰিছিলো, যদিও টুথপেষ্টৰ সলনি এদিন আপোনমনে দাঁতত ঘঁহিছো শ্বেভিং ক্ৰিম আৰু এদিন হাৱাই ছেণ্ডেল পিন্ধি উপস্থিত হৈছোঁগৈ এখন সম্ভ্ৰান্ত ঘৰৰ বিবাহ অনুষ্ঠানত, তথাপি এই কথা মই স্বীকাৰ কৰিবই লাগিব যে কথাবোৰ যথেষ্ট ছিজিল লাগি আহিছে।

 যদি মই পাহৰি গৈ কাকো কৈ পোলোৱা নাই আৰু কাৰোবাক কৈ উঠি যদি পাহৰি থকা নাই, তেন্তে ক’ব পাৰি যে মোৰ চিকিৎসা সংক্ৰান্ত কথাবোৰত অৱলম্বন কৰা হৈছে এক ৰোমাঞ্চকৰ গোপনীয়তা। মই বিশ্বাস কৰোঁ যে সকলোৰে অলক্ষিতে এতিয়া মোক মাথোন অলপ সময়ৰ প্ৰয়োজন।

 কিন্তু যেতিয়া আমি ভাবিবলৈ লওঁ যে সকলো থানথিত লগাৰ পথত তেতিয়াই ক’ৰবাৰপৰা এটা যেন শিলগুটি উফৰি আহি শান্ত, নিস্তৰংগ জলৰাশিত একোটা ঢৌ তোলে। মোৰ অফিছৰ ওপৰ মহলৰপৰা আমাৰ কেইবাজনলৈকো বদলিৰ নিৰ্দেশ আহিল; এই লৈ সহকৰ্মীসকলৰ মাজত এটা চেপা উত্তেজনা আৰু অনুচ্চাৰিত আক্ৰোশ চলিল।

[ ১১০ ] অৱশ্যে মই ভাবিলো যে মোৰ উৰ্ধ্বতন বিষয়াজন যিহেতু মোৰেই শিবিৰৰ মানুহ; কিয়নো আমাৰ ঘৰলৈ আজিকালি তেওঁৰ এটা নিয়মিত অহা-যোৱা হৈছে, গতিকে মোৰ বদলিৰ স্থগিতাদেশৰ সপক্ষে এষাৰ লিখি দিবলৈ তেওঁক এটা মোক্ষম অনুৰোধ কৰা যায়।

 অফিছত এনেয়েও এটা অচলাৱস্থা বিৰাজমান। কোন কেতিয়া সোমায়হি আৰু কেতিয়া ওলাই গুচি যায় তাৰ ঠিকনা নাই। কাম নাই, শৃংখলা নাই, ফাঁকি আৰু টালি-বাজিৰ বিৰুদ্ধে কৈফিয়ৎ তলবৰ কোনো ব্যৱস্থা নাই, আনকি এইযে হঠাৎ এটা বদলিৰ নিৰ্দেশ তাৰো কোনো নিৰ্দিষ্ট উদ্দেশ্য নাই।

 মোৰ অনেক অনুনয়-বিনয় সত্ত্বেও বিষয়াজনে কথাটোত যথোচিত গুৰুত্ব নিদিলে। তেওঁ বৰ নিৰ্বিকাৰভাৱে ক’লে,—“কিনো কথা! যাওক, ছমাহমান এখন নতুন ঠাই ফুৰি আহকগৈ, তাৰ পাছত মইতো আছোঁৱেই, আকৌ লৈ আহিম আপোনাক ইয়ালৈ, সেইবাৰ প্ৰম’শ্যনৰে সৈতে।”

 মই অকণো আশ্বস্ত হ’ব পৰা নাই। তিনি-চাৰিদিন এনেদৰে অতিবাহিত হৈছে। ক’তো মন বহুৱাব পৰা নাই।

 আজি এটা তাৰিখ মোৰ চিকিৎসকৰ সৈতে কথা পতাৰ বাবে নিৰ্ধাৰণ কৰি থোৱা আছে; তালৈ যাবলৈ কেইটামান ঘণ্টা বাকী। ছোৱালীজনৰ স্কুল ছুটী হ’বলৈ কিছু সময় আছে; তালৈ যাবলৈকো অন্ততঃ এঘণ্টা বাকী। হঠাৎ মনত পৰিল যে ছিলিং ফেন মেৰামতি কৰা মানুহ এটাৰ কথা পৰিবাৰে কিছুদিন ধৰি কৈ আছিল আৰু অভ্যাসবশতঃ মই পাহৰি আছিলো, কিন্তু আজি এতিয়া মনত পৰোঁতেই যদি মানুহ এটাক নিব নোৱাৰোঁ, তেন্তে হয়তো কোনোদিনেই নহ’বগৈ। তদুপৰি মই ভাবিলো যে গধূলিৰ পাছত বিদ্যুতৰ কাম কৰাটো নিশ্চয় সুবিধাজনক নহয়। সেয়েহে আগতীয়াকৈ ঘৰলৈ যাবলৈ এটা অনুমতিৰ বাবে অফিছৰ আটাইতকৈ সুসজ্জিত কোঠাটোৰ কলাপছিবল দুৱাৰখনত এটা মৃদু চাপ প্ৰয়োগ কৰিলো। মই মন কৰিলো যে যদিও চকীখন শূন্য, তথাপি এটা কৰ্তৃত্বৰ ভাব কোঠাটোত বিৰাজমান। এটা দুৰ্লভ ব্ৰেণ্ডৰ ছিগাৰেট আৰু খুব পৰিচিত যেন লগা এবিধ সুগন্ধিৰ মিশ্ৰিত গোন্ধ কোঠাটোত বিলীয়মান।

 মই পলম নকৰিলো আৰু অফিছৰ নিচেই ওচৰৰ আলোছায়া ইলেকট্ৰিকেলছ নামৰ দোকান এখনৰপৰা পাংখা ভাল কৰিব পৰা ল’ৰা এটাক স্কুটাৰত তুলি ঘৰ অভিমুখে যাত্ৰা কৰিলো। স্কুটাৰখন ষ্টেণ্ড কৰি, ল’ৰাটোক মোৰ পিছে-পিছে আহিবলৈ কৈ মই যেতিয়া মোৰ ঘৰৰ প্ৰথম কোঠাটোত সোমালো তেতিয়া মোৰ এনে লাগিল যেন এটা দুৰ্লভ ব্ৰেণ্ডৰ ছিগাৰেটৰ গোন্ধ বিয়পি পৰিছে কোঠাটোত, যিটো মই অলপ আগতে পাই আহিছোঁ ক'ৰবাত, কিন্তু ক’ত পাইছিলো পাহৰি গৈছোঁ। আৰু সেই মুহূৰ্তত ছেণ্টাৰ টেবুলখনৰ পিনে লক্ষ্য কৰি দেখিলো যে ছাইদানীটোত এটা সদ্যনিৰ্বাপিত ছিগাৰেটৰ অৱশেষ। ছিগাৰেটটোৰ গৰাকী সম্পৰ্কে নিশ্চিত হ’বলৈ মই যেতিয়া এই কথাটো সুধিবলৈ আয়োজন [ ১১১ ] কৰিলো যে এইমাত্ৰ কোনোবা আহিছিল নে কি, আৰু এটা অৰ্ধবৃত্তৰ আকাৰত মুখখন মেলিলো, সেই মুহূৰ্তত মোৰ এনে লাগিল যেন ভিতৰকোঠাত কোনো অন্য পুৰুষৰ কণ্ঠস্বৰ। যদিও সেই কণ্ঠ অনুচ্চ আৰু অস্পষ্ট, তথাপি, জাৰকালি কোনো এক মৰমিয়াল গৰাকীৰ কোঁচত কুঁচি-মুচি সোমাব খোজা মেকুৰী এটাৰ ডিঙিৰ শব্দৰ সৈতে তাৰ এটা তুলনা কৰা যায়।

 দুটা মুহূৰ্ত মই এডোখৰ শিলৰ দৰে অলৰ-অচৰ হৈ থাকিলো। মোৰ হৃদস্পন্দন অভাৱনীয়ভাৱে বাঢ়ি গ'ল আৰু বুকুত এটা অবৰ্ণনীয় কষ্ট আৰম্ভ হ’ল।

 পাংখা মেৰামতি কৰিবলৈ অহা ল’ৰটোৱে বৰ অমায়িকভাৱে সুধিলে,—“ছাৰ, ভিতৰলৈ যাব লাগিব নে কি?”

 “ওহোঁ” —এটা চোৰৰ দৰে মই মোৰ কণ্ঠস্বৰ নিম্নতম শ্ৰব্যসীমালৈ অৱনমিত কৰিলো আৰু অবিশ্বাস্যভাৱে মিছাকৈ ক’লো,—“ভুল হৈ গ'ল; মই হয়তো পাহৰি আন কাৰোবাৰ ঘৰত সোমাইছোঁহি; কিন্তু যিয়েই নহওক, তুমি এতিয়া যোৱাগৈ, আৰু যদি একো নাভাবা, তেন্তে এইকেইটা টকা তোমাৰ সময় খৰচ আৰু বাছভাৰাৰ বাবদ লোৱাহি।”

 ল’ৰাটোৱে এটা সন্দেহৰ দৃষ্টিৰে মোলৈ চালে আৰু টকাখিনি লৈ মোৰ চকুৰ আঁতৰ হ'ল।

 ভিতৰত তেতিয়াও এটা মৃদু, উচ্ছ্বাসভৰা আলাপন।

 মোৰ কাণ দুখন গৰম হৈ আহিল, দুচকুৰ দৃষ্টি অস্পষ্ট হৈ আহিল আৰু মই অনুভৱ কৰিবলৈ ধৰিলো যে কোঠাটোৰ উষ্ণতা অকল্পনীয়ভাৱে বাঢ়ি গৈছে আৰু এতিয়াই ইয়াৰপৰা ওলাই নগ’লে মোৰ শ্বাসক্ৰিয়া চলাই ৰখাটো অসম্ভৱ।

 কিয় জানো, ঘৰৰ সন্মুখত ৰৈ থকা মোৰ স্কুটাৰখনক এটা জন্তু যেন লাগিল, সন্মুখৰ ৰাস্তাটোক এটা মৃত সাপ যেন লাগিল আৰু আপোনমনে হাঁহি-মাতি অহা-যোৱা কৰি থকা ৰাস্তাৰ মানুহবোৰক একোটা হৃদয়হীন যন্ত্ৰ যেন ধাৰণা হ’ল। মই একপ্ৰকাৰ দৌৰিবলৈ আৰম্ভ কৰিলো আৰু এটা দীঘলীয়া, ক্লান্তিকৰ দৌৰৰ অন্তত হঠাৎ মোৰ নিচেই কাষত আৱিষ্কাৰ কৰিলো এখন চিনাকি মুখ—বৃদ্ধ, উন্মাদ ইলিয়াচ। তেওঁক মোৰ খুব আপোন যেন লাগিল আৰু মই ভাবিলো যে তেওঁৰ কাষত আৰু কেৱল তেওঁৰেই কাষত অকণ আশ্ৰয় লোৱা যায়।

 “ইলিয়াচ”—মই বৰ ভাগৰুৱা কণ্ঠেৰে তেওঁক এটা সম্বোধন কৰিলো। সেই সম্বোধনৰ প্ৰতি তেওঁ কোনো ভ্ৰূক্ষেপ নকৰিলে।

 মই পুনৰ উচ্চাৰণ কৰিলো, —“ইলিয়াচ।”

 এইবাৰ তেওঁ তেওঁৰ চৌপাশে এবাৰ দৃষ্টি নিক্ষেপ কৰিলে আৰু যেতিয়া দেখিলে যে নিশ্চিতভাৱেই তেওঁৰ কাষৰে-পাঁজৰে কোনো তৃতীয় ব্যক্তি নাই, তেতিয়া তেওঁ ওলোটাই মোক প্ৰশ্ন কৰিলে, – “কোন ইলিয়াচ?”

[ ১১২ ]  মই বুজি উঠিলো যে ইলিয়াচে পাহৰি গ’ল নিজৰ নাম, নিজৰ ঠিকনা আৰু উপনীত হৈছে বিস্মৃতিৰ চূড়ান্ত পৰ্যায়ত; সেইটোৱেই হয়তো অনেক সমস্যা, অনেক দুৰ্ভাৱনাৰ এটা নিশ্চিত সমাধান।

 অথচ মই এতিয়াও অনেক কথাই পাহৰা নাই। পাহৰা নাই আঠাইছ-ছাপন-আঠাইছ, পাহৰা নাই মোৰ অফিছ, ঘৰ, সন্তান আৰু পৰিবাৰ। পাহৰা নাই যে আজি গধূলি মহাত্মা গান্ধী পথৰ এটা সুদৃশ্য চেম্বাৰত এজন মানসিক ৰোগ বিশেষজ্ঞৰ সৈতে আছে মোৰ এটা ৰুটিন-এপইণ্টমেণ্ট।

 তথাপি মোৰ স্মৃতিৰ যিহেতু ভাৰসা নাই, গধূলিলৈ হয়তো পাহৰি যাব পাৰোঁ। সেয়েহে কালবিলম্ব নকৰি এই দুপৰীয়াখনতেই মই মহাত্মা গান্ধী পথলৈ ধাৱিত হৈছোঁ আৰু অপেক্ষাৰত সকলো ৰোগীক অতিক্ৰম কৰি গাৰ জোৰেৰে প্ৰবেশ কৰিছোঁ মোব চিকিৎসকজনৰ চেম্বাৰত। চিকিৎসকজনে বিৰক্তি প্ৰকাশ কৰি সুধিলে,—“কি হ’ল?”

 এক মুহূৰ্ত ৰৈ মই এটা কাতৰ আবেদন কৰাৰ সুৰত প্ৰশ্ন কৰিলো,— “সকলো পাহৰি যাবলৈ আপোনাৰ চিকিৎসাবিজ্ঞানত নাইনে এনে কোনো চিকিৎসা পদ্ধতি, এটা প্ৰণালীবদ্ধ অধ্যয়ন, যেনে ধৰক আঠাইছ-ছাপন-আঠাইছ বা দুই-আঠ-পাঁচ-ছয়-দুই-আঠ এইটো পাহৰি যাবলৈ নাইনে কোনো নিশ্চিত কৌশল?”

 উত্তৰটো দিবলৈ তেওঁ অলপ সময় ল’লে। আৰু কিছু ভাবনা-চিন্তাৰ মূৰতহে যেন এটা সিদ্ধান্তত উপনীত হ’ব পৰা গ’ল,—তেনেকুৱা ভাব এটা প্ৰকাশ কৰি তেওঁ ক’লে, —“নাই। চিকিৎসাবিজ্ঞানত তেনে কোনো চিকিৎসা পদ্ধতি নাই।”

 মই হুকহুকাই কান্দি পেলালো। এইবাৰ তেওঁ মোৰ কাষ চাপি আহি এজন বন্ধুৰ দৰে যথেষ্ট সহমৰ্মিতাৰে মোৰ কান্ধত তেওঁৰ হাত এখন থ’লে আৰু এটা আধৰুৱা বাক্য সম্পূৰ্ণ কৰাৰ নিচিনাকৈ ক’লে,—অৱশ্যে আপোনাক কিছু সহায় কৰিব পৰাকৈ এপালি দৰব হয়তো আছে।”

 “কি?” – মই সুধিলো।

 তেওঁ ক’লে,—“সময়।”


 মই তেওঁলৈ তধা লাগি চাই থাকিলো। মোৰ বোধশক্তি নতুবা মনোযোগ সম্পৰ্কে সন্দিহান হৈ তেওঁ পুনৰ ক’লে,— “মন কৰিলেনে মই কি কৈছোঁ? হয়তো অলপ সময়ৰ প্ৰয়োজন। সময়ে সকলো পাহৰায়।”