আগকথা
অতনু ভট্টাচাৰ্যৰ ‘ওভতনি যাত্ৰা আৰু অন্যান্য গল্প’নামৰ গল্প সংগ্ৰহৰ গল্পবোৰ পঢ়ি আৰু এজন প্ৰতিশ্ৰুতিসম্পন্ন অসমীয়া গল্পকাৰৰ সন্ধান পালো। গল্পকাৰে গল্পৰ প্ৰচলিত সংজ্ঞাৰ বেষ্টনীৰ মাজতেই নিজকে আবদ্ধ কৰি ৰখা নাই। তেওঁ নতুন যুগৰ নতুন পৰিস্থিতি আৰু মানুহৰ চিত্ৰ অংকন কৰাৰ চেষ্টা কৰিছে আৰু কিছুমান গল্পত যথেষ্ট সফলতা লাভ কৰিছে।
‘এটা ভাগ্য সম্পৰ্কীয় গল্প’, ‘শুভাকাংক্ষী’, ‘এখন ফেমিলি ফটোগ্ৰাফ’, ‘যেতিয়ালৈকে আপুনি ৰৈ থাকে উৎকঠিত হৈ’, ‘এটা ভুল, এটা শুধৰণি’, ‘ওভতনি যাত্ৰা’, ‘এদিন দুৰ্দিন’, — প্ৰত্যেকটোৱেই একো একোটা ভাল গল্প। ‘সুহুৰি’ গল্পটোত লেখকে এটা বিশেষ ধৰণৰ মড ধুনীয়াকৈ প্ৰকাশ কৰিছে। লেখকৰ প্ৰকাশভংগী জটিল নহয়। ভাষা সাৱলীল আৰু এইধৰণৰ গল্প ৰচনাৰ উপযুক্ত মাধ্যম।
মই আশা কৰিছোঁ যে অতনুৱে আগলৈ যেন অসাৱধান হৈ নপৰে আৰু ৰচনাৰ মান ৰক্ষা কৰাৰ ক্ষেত্ৰত সচেতন থাকে। ইংৰাজীত যাক 'A flash in the pan' বুলি কোৱা হয়, সেইটো যেন হ’বলৈ নিদিয়ে।
অতনু ভট্টাচাৰ্যক মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।