অবিচলিত; কিন্তু এটা গল্পৰ চৰিত্ৰ হ’ব পৰাকৈ আনপ্ৰেডিক্টেবল। মোৰ ধাৰণা হ’ল,—
ভুল শুধৰণি কৰাটো সত্য চৌধুৰীৰ কেৱল পেছা হৈ নাথাকিল; ই যেন তেওঁৰ
জীয়াই থকাৰ উদ্দেশ্য হৈ পৰিল। নহ'লেনো নগৰখনৰ ছাইনবোৰ্ডবোৰ শুধৰাবলৈ
তেওঁ এটা একক অভিযান চলাবলৈ যাব কিয়?
এইবোৰ শুনা কথা। ইয়ালৈ অহা মোৰ দুবছৰহে হৈছে। সত্য চৌধুৰীৰ সম্পৰ্কে বতাহত বিয়পি পৰা সকলো কথাকে মই নিৰ্বিবাদে যে মানি ল'বই লাগিব, এনে কোনো কথা নাই। কিন্তু মানুহটোৰ কথা-কাণ্ডই মোক পতিয়ন নিয়াইছে যে তেওঁ আপোনাৰ, মোৰ দৰে বৰ বেছি সাধাৰণ লোক নহয়। মোৰ অনুমান,—ছাইনবোৰ্ডৰ বানান শুধৰোৱাৰ বাবে এটা মাৰ্জিত অনুৰোধ কৰি জিলাখনৰ উপায়ুক্ত মহোদয়লৈ তেওঁ এখন স্মাৰকপত্ৰ দিয়া কথাটো সঁচা; কিন্তু হাতত ৰং, ব্ৰাছ লৈ নিজেই শুধৰাই ফুৰা কথাটো অতিৰঞ্জন। ই কোনো কৌতুকপ্ৰিয় লোকৰ ফুচুৰি কথা হ’বই লাগিব।
যি নহওক, চিঠিখন কিংকিয়ে হয়তো দুপৰীয়া লিখিছিল। গাটো বেয়া লগা বুলি কলেজলৈ নগৈ তাই বোধকৰো ইক’ন’মিক্ছৰ দীঘল বহী এখন উলিয়াই লৈছিল। তাৰ পাছত হঠাৎ যেন কিবা এটা মনত পৰি গ'ল, আৰু আজি যেন নগ'লেই নহয়, তেনেকুৱা এটা ভাবত তাই কোনোবা এগৰাকী শিক্ষকৰ ঘৰলৈ যোৱাৰ কথা উলিয়াইছিল। আপত্তিৰ সুৰত ৰিণিয়ে এবাৰ মাকক কৈছিল, ‘তাই দেখোন গাটো বেয়া লগা বুলি কলেজলৈ নগ’ল।’ মাকজনীয়ে কৈছিল, ‘যাওক দে’।
তাৰ পাছত চাৰিঘণ্টা সময় পাৰ হৈ গৈছে,— কিংকি ঘৰলৈ ওভতা নাই। মাকজনীয়ে আগবাৰাণ্ডাৰ পৰা গে'টখনলৈ কেইবাবাৰো অহা-যোৱা কৰিছে, যিমান দূৰলৈ মনিব পাৰি সিমানলৈ ডিঙি মেলি-মেলি চাইছে,–! নাই, কিংকিৰ কোনো খবৰ নাই। আৰু হঠাৎ কিংকিৰ টেবুলত ভাজ কৰি থোৱা চিঠিখন আবিষ্কাৰ কৰি ৰিণিয়ে চিঞৰি উঠিছে, য'ত কিংকিয়ে স্পষ্টকৈ লিখি থৈ গৈছে যে তাই উভতি অহাৰ কোনো সম্ভাৱনা নাই। অৱশ্যে যদি কথাটো ক্ষমাৰ বাবে যোগ্য বুলি বিবেচিত হয়, তেন্তে তাই আচিৰেই এদিন আহিব—মাক-দেউতাকৰ ভৰি স্পৰ্শ কৰিবলৈ।
ইয়াৰ আগতেও এই পৰিয়ালটোৰ মূধৰ ওপৰেৰে দুই-এজাক ধুমুহা পাৰ হৈ গৈছে; কিন্তু আজি এই মুহূৰ্তত যিখন চিঠি কিংকিৰ টেবুলত পৰি আছে সেইখনে যেন ঘৰখনৰ মৰ্যাদা নিমিষতে ধূলিসাৎ কৰি দিছে। অৱশ্যে হয়, — এই মৰ্যাদা বোলা কথাটোতকৈ মানসিক অৱস্থাৰ কথা উল্লেখ কৰিলেহে পৰিস্থিতিটোৰ প্ৰতি সুবিচাৰ কৰা হ’ব। আৰু পৰিস্থিতিটো হ’ল এই,—কোঠাটোৰ মজিয়াত পঞ্চাছ-ঊৰ্ধ্ব এগৰাকী অসহায় মাক, বিধ্বস্ত অথচ মৌন, গালদুখনত চকুপানীৰ শুকাই যোৱা দাগ, নিয়ন লাইটৰ পোহৰত দুবাৰমান যি ঝিলিককৈ উঠিল, অথচ চকু দুটাই পলক পেলোৱাৰ