সমললৈ যাওক

পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এটা ভুল, এটা শুধৰণি / ৫৫
 


কৌতুক এটা মনত পৰিছে। শুনিবানে?”

 মই নীৰৱে মূৰ দুপিয়ালো। তেওঁ গল-খেকাৰি এটা মাৰি কণ্ঠটো পৰিষ্কাৰ কৰি লোৱা যেন কৰিলে। তাৰপাছত হেলনীয়া চকী এখনত আৰামকৈ বহি তেওঁ ক'লে, “এবাৰ ডেকা বয়সৰ প্ৰুফৰিডাৰ এজনে প্ৰবন্ধ এটাত হাত ফুৰাবলৈ গৈ লক্ষ্য কৰিলে যে প্ৰবন্ধটোত শুদ্ধ বুলিবলৈ একো নায়েই। কিবা আচহুৱা ধৰণৰ বানান; ভুল বাক্যৰ সমাহাৰ। ডেকাজনে তেওঁৰ সমস্ত শক্তি ব্যৱহাৰ কৰি, আধুনিক শব্দকোষ এখন পাত-পাত কৰি নিশাটোৰ ভিতৰতে প্ৰবন্ধটো শুধৰাই পেলালে। কিন্তু যিদিনা প্ৰবন্ধটো ছপা হৈ ওলাল সিদিনা ডেকাজনৰ চাকৰি গ'ল।”

 “প্ৰবন্ধটো কোনোবা মন্ত্ৰীয়ে লিখিছিল?”— মই এটা অনুমান লগাই চালো।

 “নহয়,”—চৌধুৰীয়ে ক’লে, “প্ৰবন্ধটো আছিল মাইল্‌ছ ব্ৰনছন চাহাবৰ দিনত আমাৰ ভাষাৰ চেহেৰাটো কেনেকুৱা আছিল, সেই সম্পৰ্কীয়।”

 মই অলপ জোৰকৈয়ে হাঁহিব খুজিছিলো, কিন্তু পাছমুহূৰ্ততে বুজি উঠিলো যে সেইটো হাঁহিৰ সময় নহয়। সত্য চৌধুৰীৰ চাকৰিটো আৰু নাই। ছোৱালী দুজনী হয়তো নিজৰ পঢ়া কোঠালিত সোমাই এটা অজান, অপৰিচিত আশংকাত ত্ৰস্ত হৈ আছিল। চৌধুৰীৰ পৰিবাৰে হয়তো নিজৰ ভাগ্যক ধিয়াই ভিতৰ বাৰাণ্ডাত বহিছিলগৈ। আৰু মই অনুমান কৰিবলৈ চেষ্টা কৰিছিলো যে মোৰ ঘৰ ভাড়াটো মাহিলি দুশ টকাকৈ বঢ়াই দিলেও এই সমস্যাটোৰ কোনোপধ্যেই সমাধান নহয়।

 অথচ আমি সচৰাচৰ হাতৰ মুঠিত ৰাখিব নোৱৰা ধৈৰ্য বোলা বস্তুটোৰো যে এটা প্ৰচণ্ড শক্তি আছে, তাৰ প্ৰমাণ পাবলৈ আমি এনেকুৱা সৰু সৰু মানুহৰ জীৱনলৈ এবাৰ ভুমুকিয়াই চাবই লাগিব। এইখন নগৰৰে আন তিনিটা ছপাশালত আগতকৈয়ো কম দৰমহাৰ বিনিময়ত বেছি সময় কাম কৰাৰ এটা বন্দৱস্ত অস্থায়ীভাৱে হৈ গ'ল।

 তাৰপাছত, যোৱা তিনি-চাৰিটা মাহত লক্ষ্য কৰিলো যে মানুহটোৱে দিনটোৰ সৰহভাগ সময় ছপাশালবোৰতেই কটাবলৈ লৈছে, গধূলি বাহিৰে বাহিৰে বজাৰ কৰি ঘৰ সোমোৱাৰ অভ্যাস কৰিছে আৰু সপ্তাহৰ কোনো এটা দিনত তেওঁৰ চিনাকি ল’ৰা এটাৰ পৰা কম্পিউটাৰৰ কাৰিকৰী কৌশলটো শিকি ল’বলৈ অহোপুৰুষাৰ্থ কৰিছে। তেনে কৰোঁতে কেতিয়াবা তেওঁৰ খুবেই পলম হৈছে। কিন্তু তাৰ বাহিৰে তেওঁৰ গত্যন্তৰ নাই।

 আজিও হয়তো তেওঁ পলম কৰিব। মই ভাবিলো, ওচৰৰ পুলিচ থানাত এখন এজাহাৰ দিয়া যায়। অৱশ্যে কথাটো শেষপৰ্যন্ত নিৰ্ভৰ কৰিব চৌধুৰীৰ ওপৰতেই। তেওঁ বাৰু এনে এক পাৰিবাৰিক ঘটনাত পুলিচৰ হস্তক্ষেপ বিচাৰিবনে? মাজনিশা এহাল ডেকা ল'ৰা-ছোৱালীক হাতকেৰেয়া লগাই চোঁচোৰাই অনাৰ দৰে অতি নাটকীয় দৃশ্য