এটা ভুল, এটা শুধৰণি
চিঠি এখনৰ কথাৰে গল্পটো আৰম্ভ কৰিব পৰা যায়।
মাক-দেউতাকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি, বায়েকজনীৰ প্ৰতিও অন্যায় কৰা বুলি স্বীকাৰ কৰি, কঁপা কঁপা হাতৰ আখৰেৰে লিখা চিঠিখন কিংকিৰ। চিঠিখন পঢ়ি অনুমান কৰিব পাৰি,— তাই অনুতপ্ত; কিন্তু তাইৰ আন কোনো উপায় নাছিল।
প্ৰিয় পাঠক, এই আৰম্ভণিটোৱে যদি এনে এটা ধাৰণা দিবলৈ আৰম্ভ কৰিছে যে মই এজনী অষ্টাদশী গাভৰুৰ অভিসাৰৰ কাহিনী ক’বলৈ ওলাইছো, তেন্তে এতিয়াই কৈ থোৱাটো যুগুত যে মোৰ তেনে কোনো অভিপ্ৰায় নাই। আপুনি যদি গল্পটো কেনেবাকৈ শেহলৈকে পঢ়াৰ ধৈৰ্যকণ গোটাব পাৰে, তেন্তে মন কৰিব যে চিঠিৰ প্ৰসংগটোও তেনেই এটা অজুহাতহে। প্ৰকৃততে ছিজিল লগাই গল্প এটা ক’ব নজনা অপৰিপক্ক গল্পলেখক এজনৰ এয়া যেন এটা বুদ্ধিহীন কৌশল! আৰু ক'বলৈনো কিটো লাজ, নিজৰ ভাষাটোকো মই যে শুৱলাকৈ ক’ব নাজানো, লিখোতে মই যে বাৰেপাচি ভুল কৰোঁ, সেইফেৰা জ্ঞান হ’বৰ সৰহ দিন হোৱাই নাই।
এই সৰু নগৰখনলৈ বদলি হৈ আহি মই যিটো ঘৰত,—গৃহস্থৰ ঘৰৰ গাতে লাগি থকা কোঠা এটা ভাৰালৈ লৈ থাকিবলৈ লৈছো, তাত প্ৰৱেশ নঘটা হ’লে মই কাহানিও এই দুঃসাহস দেখুৱাব নোৱাৰিলোহেঁতেন। অথচ ভাগ্যৰ কি খেল, — অথবা বিড়ম্বনা,— মই আহি সোমালোহি প্ৰুফৰিডাৰ সত্য চৌধুৰীৰ ঘৰত। আৰু এই চৰিত্ৰটোকহে এই গল্পটোৰ বাবে বহু পৰিমাণে জগৰীয়া কৰিব পাৰি।
নিন্দুকসকলে কয়, মানুহটোৱে লোকৰ ভুলটোহে দেখে। অথচ চাবলৈ গ'লে সেইটোৱেই তেওঁৰ পৰিয়ালটোৰ জীৱন-ধাৰণৰ বাবে অপৰিহাৰ্য আৰু একমাত্ৰ কাম। ছপাশালৰ আৰ্হিকাকত চোৱাৰ দৰে খ্যাতিহীন আৰু তেনেই কম দৰমহাৰ চাকৰি ৰিণি, কিংকিহঁত স্কুল এৰি কলেজ পোৱাৰ লগে লগেই যে খৰচ নামৰ দৈত্যকায় প্ৰাণীটোৰ দপদপনি অসহনীয়ভাৱে বাঢ়ি গৈছে, সেই কথাটো লৈএটা অস্বস্তিকৰ চিন্তাৰ চেলেকনি আছেই; কিন্তু এটা প্ৰাণনাশী কামোৰ মাৰিবলৈ যে সি দাঁত দুপাৰি ধৰাবলৈ আৰম্ভ কৰিছে, সেই আশংকা সত্য চৌধুৰীৰ সমূলি নাই। তেওঁ সততে দৃঢ়,