আমাৰ অসংলগ্ন ভাৱনাত নিশ্চিতভাৱেই এটা যতি পৰিছে। সেই চৰম মুহূৰ্তত মই
নিশ্চিত হ’বলৈ চেষ্টা কৰিলো যে এইমাত্ৰ সোমাই আহিবলগীয়া মানুহটো সত্য চৌধুৰী
হয়নে নহয়।
বেৰখনত আঁউজি মজিয়াত বহি থকা মানুহজনীয়ে লৰচৰ কৰাৰ কোনো লক্ষণ দেখা নগ'ল। তেওঁক দেখি এনে লাগিল যেন নতুনকৈ ঘটিবলগীয়া আৰু একো নাই।
কিন্তু ৰিণিয়ে এটা নতুন পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু হৈ উঠিল। ওহোঁ, ইয়াক সাজু হোৱা বুলিব নোৱাৰি, —বৰং তাই অস্থিৰ আৰু সন্ত্ৰস্ত হৈ উঠিল।
বাৰাণ্ডাত জোতাযোৰ খুলি থোৱাৰ এটা পৰিচিত শব্দ হ’ল, পৰ্দাখন এবাৰ কঁপি উঠিল আৰু গল্পটোৰ এটা কৰুণ, নাটকীয় মুহূৰ্তৰ শেষ দৃশ্যত সত্য চৌধুৰী সোমাই পৰিল।
যেন এটা মৃত্যুৰহে খবৰ, —আচম্বিতে তেনেকুৱা এটা পৰিবেশৰ সৃষ্টি হ’ল। পৃথিৱীৰ সকলো আত্মমৰ্যাদাসম্পন্ন পৰিয়ালত এনেবোৰ ঘটনাই হয়তো এনেকুৱা একোটা মুহূৰ্তৰেই সৃষ্টি কৰে।
ৰিণি উচুপি উঠিল। আৰু, কি আচৰিত,—ময়ো মুখেৰে একো মাতিব নোৱাৰিলো।
সত্য চৌধুৰী ধীৰ খোজেৰে চিঠিখনৰ পিনে আগবাঢ়ি গ'ল। এনেকুৱা লাগিল যেন সেই চমু চিঠিখনো প্ৰথমৰপৰা শেহলৈ তেওঁ তিনিবাৰমান পঢ়িলে। তাৰ পাছত এটা হুমুনিয়াহ এৰি তেওঁ আতুৰভাৱে ক’লে, “মই কিমানবাৰ কৈছিলো, ভুল বানানটো ভুলকৈ নিলিখিবি, ভুলকৈ নিলিখিবি—”
ভুলটো শুধৰাবলৈ তেওঁ নিজৰ জেপৰ কলমটোও যেন আজি খেপিয়াই বিচাৰি নাপালে। আৱেগিক হৈ মই তেওঁৰ হাত এখন খামুচি ধৰিলো।
বোধকৰো এটা মুহূৰ্তৰ বিদ্যুৎপ্ৰৱাহ মোৰ পৰা তেওঁৰ শৰীৰলৈ বিয়পি গ'ল। হয়তো এটা মৃদু শিহৰণ এটা জোকাৰণিলৈ পৰ্যবসিত হ’ল।
আচম্বিতে তেওঁ মোক সাবটি ধৰিলে আৰু এজন বিপৰ্যস্ত, পৰাজিত মানুহৰ দৰে ফেঁকুৰিবলৈ আৰম্ভ কৰিলে।
প্ৰান্তশ্ৰী, ফেব্ৰুৱাৰী, ২০০৩