এটা পৰিয়ালটোৰ কোনোবাই বাৰু সহ্য কৰিব পাৰিবনে? অথচ মই নিজেই জানো যে এনে এক মামুলি ঘটনাত দেশৰ আইন ব্যৱস্থাক সক্ৰিয় কৰাৰ কোনো প্ৰয়োজন নাই।
মই পুনৰ প্ৰবোধ দিবলৈ আৰম্ভ কৰিছো যে একো সাংঘাতিক ঘটনা ঘটা নাই। পৃথিৱীৰ অগণন ল'ৰা-ছোৱালীয়ে নিজৰ সুখৰ অন্বেষণ নিজেই কৰিবলৈ লৈছে।
“কিন্তু তাই এটা ভুল কৰিছে”— শ্ৰীমতী চৌধুৰীয়ে স্পষ্টভাৱে ক'লে।
‘‘হ’ব পাৰে,”—মই বুজাবলৈ যত্ন কৰিলো,— “এই ভুলটো কেনেকৈ শুধৰাব?”
বিহ্বল মানুহজনী আকৌ নীৰৱ হৈ গ'ল। ৰিণিয়ে উৎকণ্ঠিত হৈ ক’লে,—“দেউতা যে এতিয়াও আহি পোৱা নাই!”
ঘড়ীত বৰ বেছি সাত বাজিছে। এই সৰু নগৰখনত এইটো মানুহৰ বজাৰ-সমাৰ কৰাৰ সময়। বিদ্যুৎ নাটনিৰ জোৰা মাৰিবলৈ এইটো যেন বিদ্যুৎ ব’ৰ্ডৰ লোডশ্বেডিং কৰাৰ সময়। খুব স্বাভাৱিকভাৱেই বাহিৰখন অলপ পাছতে হৈ পৰিব অন্ধকাৰ।
কিন্তু এতিয়াও একো পলম হোৱা নাই। অৱশ্যে ঘৰখনত যিহেতু এটা দুৰ্ঘটনা ঘটি গৈছে অবাঞ্ছনীয়ভাৱে, মই বিবেচনা কৰিলো যে মই নিজেই চৌধুৰীক বিচাৰি যোৱাটো যুগুত।
মই কাপোৰযোৰ সলোৱাৰ প্ৰয়োজনবোধ নকৰিলো; কিন্তু চেণ্ডেলযোৰৰ বাবে নিজৰ কোঠাটোলৈ যাবলৈ যো-জা চলালো।
মানুহজনীয়ে ক’লে, “তেখেতেতো মোকেই দূষিব!”
হ’ব পাৰে। অনেক পুৰুষে নিজৰ সন্তানৰ ভুলৰ বাবে ঘৰৰ মানুহজনীকেই জগৰীয়া কৰে। ইয়াত নতুনকৈ আচৰিত হ'বলগীয়া হয়তো একোৱেই নাই। অথচ কিমান ভয়ংকৰ কথা! কলেজলৈ বুলি ৰাতিপুৱা ওলাই যোৱা আপোনাৰ ল’ৰাটোৱে কাৰ সৈতে লগলাগি কি অভিসন্ধি কৰিছে আপোনাৰ জনাৰ উপায় নাই। বান্ধৱীলৈ ফোন এটা কৰোঁ বুলি আপোনাৰ গাভৰু ছোৱালীজনীয়ে কিমান বিপদজনক নম্বৰৰ বুটাম টিপিছে, সেই কথা আপোনাৰ জনাৰ উপায় নাই। আপুনি ইমান অসহায়! অথচ কি ভয়ানকভাৱে অভিযুক্ত!
মই সত্য চৌধুৰীক উত্তেজিত নহ’বলৈ কম। মই কিজানি তেওঁক বুজাই-বঢ়াই শান্ত কৰিব পাৰিম।
“মই কিমানবাৰ কৈছোঁ”—এনেকৈ কেতিয়াবা তেওঁ একোটা প্ৰসংগৰ অৱতাৰণা কৰে; আজিও হয়তো তেওঁ তেনেকৈয়ে আৰম্ভ কৰিব,—“মই কিমানবাৰ কৈছো, - মাকজনী হৈ তুমি অলপ খবৰ ৰাখিবা, কিন্তু কাৰ কথা কোনে শুনে এইখন ঘৰত।”
বাহিৰত গে’টখন খোল খোৱাৰ এটা ধাতৱ শব্দ হৈছে। উৎকণ্ঠা আৰু উত্তেজনাত