পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪/ওভতনি যাত্ৰা
 

স্বৰ্গীয় সামগ্ৰী আছে, যিটো আজিকালি চহকী মানুহৰ ঘৰতো আপুনি বৰকৈ নেদেখে। “এই শোক সংবাদটো পঢ়া”—চৌধুৰীয়ে খবৰ কাগজখন মোলৈ আগবঢ়াই দিয়ে। মানুহটোৰ লগত থাকি ময়ো আজিকালি অকণ বুজিব পৰা হৈ গৈছোঁ। কাগজখনত কোনোবা মজিন্দাৰ বৰুৱাৰ মৃত্যু সংবাদ এটা পঢ়িছোঁ,— মৃত্যুৰ সময়ত মজিন্দাৰ বৰুৱাই তেওঁৰ বিধৱা পত্নীক এৰি থৈ যায়।

 এটা প্ৰচ্ছন্ন কৌতুকৰ সুৰেৰে চৌধুৰীয়ে কয়, “বিধৱা পত্নী এজনীক এৰি থৈ যোৱা কথাটো মুঠেও ভাল কথা হোৱা নাই।”

 “ভুলটোনো ক’ত হ’ল?” – ৰিণিহঁতে আঁকৰীৰ দৰে সোধে। চৌধুৰীয়ে ওলোটাই সোধে, “হেৰৌ, মানুহ এটাই এৰি থৈ যোৱাৰ আগতেই তেওঁৰ মানুহজনী বিধৱা হৈ থাকিব পাৰে নেকি?”

 তাৰ পাছত এটা পৰিপূৰক প্ৰশ্ন তেওঁ মোৰ ফালে নিক্ষেপ কৰে, –“কিহৰ বাবে কথাবোৰ এনেদৰে ছপা হ’বলৈ পায় বুলি ভাবিছা?”

 “ভাষাজ্ঞানৰ অভাৱ”— মই স্কুলৰ প্ৰথম বেঞ্চত বহা চোকা ছাত্ৰৰ দৰে টপৰাই উত্তৰ দিওঁ।

 চৌধুৰীয়ে মোক শুধৰাই দি কয়, “নহয়, কমনছেন্‌ছৰ অভাৱ।”

 মোৰ জ্ঞানেৰে মই যি বুজিছোঁ, সত্য চৌধুৰী নামৰ এই মানুহজনৰ সততে ভুল নহয়। অৱশ্যে ৰিণি-কিংকিহঁতৰ পঢ়া-শুনা বোলা ব্যয়বহুল কাৰবাৰটোৰ প্ৰয়োজনীয়তাক যদি স্বীকাৰ কৰি লওঁ, তেন্তে ক’বই লাগিব যে তেওঁ কামটোক পেছা হিচাপে নিৰ্বাচন কৰিব নালাগিছিল। আৰু তাতো জানো নিস্তাৰ আছে? সেই যে প্ৰাণনাশী কামোৰৰ প্ৰসংগটো, —হয়, সেইকথাও অকণ উল্লেখ কৰা যাওক।

 একান্ত অৱধাৰিতভাৱেই এই সৰু নগৰখনতো টেক্‌ন’লজিৰ স্পৰ্শ লাগিল। কম্পিউটাৰ, অফেছট মেছিন, লেজাৰ প্ৰিণ্টাৰ আদিৰ হেঁচাত আগৰ লেটাৰ প্ৰেছবোৰৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল। বিশেষ কাৰিকৰী কৌশল এটাৰ সুবাদত কম্পিউটাৰৰ মনিটৰতেই ভুলবোৰ শুধৰাব পৰা হ'ল। গতিকে মডাৰ্ণ প্ৰিণ্টাৰ্ছৰ মালিকপক্ষই এদিন সত্য চৌধুৰীক অত্যন্ত বিনয়েৰে জনালে যে চৌধুৰীৰ সেৱা তেওঁলোকক সদ্যহতে নালাগে, অৱশ্যে যদিহে কেতিয়াবা বিশেষ প্ৰয়োজন হয়, তেওঁলোকে নিজেই তেওঁক মতাই নিব।

 আপুনি ভাবিব, চাকৰিটো হেৰুৱাই বিমৰ্ষ মনেৰে তেওঁ সিদিনা টলৌ-টলৌকৈ ঘূৰি ফুৰিছিল। নতুবা সোনকালে ঘৰ সোমাই দুৱাৰ-খিৰিকি বন্ধ কৰি জুপুকা লাগি বহি আছিল। প্ৰকৃততে তেওঁ তেনেকুৱা একোৱেই কৰা নাছিল। বৰং মোক প্ৰায় আচৰিত কৰি সিদিনা গধূলি তেওঁ ক’লে; “তোমালোকক ক’বলৈ প্ৰুফৰিডিং সম্পৰ্কীয়