পৃষ্ঠা:ওভতনি যাত্ৰা আৰু অন্যান্য.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২/ওভতনি যাত্ৰা
 


কোনো আভাস দেখা নগ'ল আৰু কেইহাতমান আঁতৰত দুৱাৰ এখনৰ চৌকাঠত আঁউজি এজনী ভীত বিহ্বল বায়েক, যাক মই বুজাবলৈ যত্ন কৰিছো যে এনেকুৱা হয়েই, প্ৰায় সকলো ঘৰতেই এনেকুৱা একোটা মুহূৰ্ত আহে, এনেকুৱা একোটা দিন আহে, ওচৰ-চুবুৰীয়াই আঙুলি তোলে, নিজৰ ঘৰত তেনেকুৱা এটা ঘটনা নঘটা পৰ্যন্ত ঠাট্টা-মস্কৰা কৰে, তাৰ পাছত লাহে লাহে পাহৰি যায়—“সঁচাকৈয়ে পাহৰি যায়নে?”—মানুহজনীয়ে মোৰ সান্ত্বনাৰ গানটোত বৰ কৰুণভাৱে বাধা দিলে। মই ঠিকেই বুজিলো যে সেইটো তেওঁৰ প্ৰশ্ন নহয়, বৰং অভিজ্ঞতাৰ পঢ়াশালিত পঢ়ি-পঢ়ি মুখস্থ হৈ যোৱা এটা নিশ্চিত উত্তৰহে।

 হয়, লয় পাবলগীয়া অনেক শব্দৰ অনুৰণন মই নিজেই অসংখ্যবাৰ শুনিছোঁ! চৈধ্য বছৰ আগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসৰ পৰা ঘৰলৈ উভতি নগৈ বাহিৰে বাহিৰে তালুকদাৰৰ সৈতে সংসাৰ কৰিবলৈ গুচি অহা শ্ৰীমতী তালুকদাৰৰ কথা শুনিছোঁ। সাতাইছ বছৰমানৰ আগতে লাম্পট্য পৰিহাৰ কৰি পিছলৈ এজন ভাল গৃহস্থ আৰু ভাল পিতৃ হোৱা মহেন্দ্ৰ শৰ্মাৰ অতীতৰ মুখৰোচক কাহিনী সৌ সিদিনালৈ শুনিছোঁ।

 তেনেহলে মানুহে নাপাহৰে নেকি? কি ভয়ংকৰ কথা!

 একোটা তেনেই ব্যক্তিগত ক্ষুদ্ৰ ঘটনা, যাক সময়ে ইচ্ছা কৰিলেই পাহৰণিৰ ফাইলত বন্দী কৰি পেলাব পাৰিলেহেঁতেন, সি যেন অধিক সতেজ হৈ, অধিক সংঘবদ্ধ হৈ সোঁৱৰাই থাকিব,—আপোনাৰ এনেকুৱা এটা দিন আছিল, এনেকুৱা এটা লজ্জাজনক অৱস্থা হৈছিল।

 অথচ এতিয়া সেইবোৰ ভাবি একো লাভ নাই। এটা অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰি কিংকি গুচি গৈছে তাইক সুখৰ প্ৰতিশ্ৰুতি দিয়া মানুহ এজনৰ ওচৰলৈ।

 অলপ পাছত, নগৰখনৰ তিনি-চাৰিটা ছপাশালৰ অস্থায়ী বন্দৱস্তমতে কৰি ফুৰা আধাডুখৰীয়া কামবোৰ সামৰি সত্য চৌধুৰী যেতিয়া ঘৰ সোমাবহি, আৰু এটা অদ্ভুত, বেদনাদায়ক পৰিস্থিতিত নিজকে আৱিষ্কাৰ কৰিব, মই অনুমান কৰিব নোৱাৰোঁ—কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তেওঁ।

 সাধাৰণ অৱস্থাতো সত্য চৌধুৰীৰ সম্পৰ্কে মই বৰ বেছি অনুমান কৰিব নোৱাৰোঁ। অৱশ্যে যোৱা দুটা বছৰৰ সান্নিধ্যক যদি অভিজ্ঞতা বুলি ধৰা হয় তেন্তে মই কওঁ যে মানুহজনৰ ৰসবোধক গুৰুত্ব নিদিলেই নহয়।

 প্ৰথমৰ ফালে তেওঁ কেতিয়াবা মোক কাগজ একোজাপ দেখুৱাই কয়, “এয়া চোৱা, অধ্যাপকৰ ভাষাজ্ঞানৰ নমুনা।” মই সলজ্জ হাঁহি এটা মাৰি কওঁ, “আপুনি ভাল পণ্ডিতটোকেই দেখুৱাইছে খুড়াদেউ।” “নহয়হে”—তেওঁ মোক সকাহ দিবলৈ