যত্ন কৰে,— “অধ্যাপকগৰাকীয়ে বিশ্ববিদ্যালয়ৰ ডিগ্ৰিটো কোনটো বিষয়ত লোৱা
বুলি ভাবিছা?”
মই এটা অনুমান কৰিবলৈ চেষ্টা কৰোঁ।
তেওঁ কয়, “ভাবিলে দুখ নালাগেনে যে এখন বিশ্ববিদ্যালয়ে এই মানুহজনক ঠিক এইটো ভাষাতে মাষ্টাৰ বুলি স্বীকৃতি দিয়ে।”
মই বিৰক্ত হওঁ বুলি চৌধুৰীৰ পৰিবাৰে কৌশলেৰে এটা অন্য প্ৰসংগ উলিয়াবলৈ চেষ্টা কৰে। মোৰ বাবে গুৰুত্বহীন, আগ-গুৰি নোহোৱা কথাৰ অৱতাৰণা কৰে। এসময়ত যে তেওঁ দুদিনতে এটা চুৱেটাৰ গুঁঠি উলিয়াব পাৰিছিল সেই কথা কয়। এই ঘৰটো সাজিবৰ সময়ত যে এইডোখৰ ঠাইত মাথোন দুঘৰহে মানুহ আছিল সেই কথা কয়।
এইবোৰৰ মাজতেই চাহ একাপ দিয়াৰ অজুহাতত ৰিণি, কিংকিয়ে মোক ভিতৰৰ কোঠা এটালৈ স্থানান্তৰিত কৰে। সেই সুযোগতে মই ঘৰৰ ভিতৰকোঠাৰ বেৰবোৰলৈ চাওঁ, আউট্ডেটেড আচবাব-পত্ৰবোৰলৈ চাওঁ। চাওঁ মানে,—প্ৰকৃততে মই এজন প্ৰুফৰিডাৰৰ সংসাৰখনৰ অৱস্থাটো বুজিবলৈহে যেন চেষ্টা কৰোঁ। যদিও মই চিৰাভাজিৰে চাহকাপ খাবলৈ বৰ এটা পছন্দ নকৰো, তথাপি অৱস্থাটোৱে মোক যেন তেতিয়া ‘কোনো আপত্তি নথকা’ মানুহ এটাত পৰিণত কৰে। তাৰ মাজে মাজে একো একোদিন অৱশ্যেই কণীৰ অমলেট আহে, পায়স একোবাটি আহে।
বনাই-মেলি খাওঁতে মোৰ অসুবিধা হয় বুলি গধূলিৰ চাহকাপ তেওঁলোকে প্ৰায়েই যাচিব খোজে। অথচ মানুহঘৰক অসুবিধাত পেলোৱা হয় বুলি মই মাজে মাজে ইচ্ছা কৰিয়েই পলমকৈ ঘৰ সোমাবলৈ লওঁ।
মইতো মাতষাৰ লগোৱাৰ শিষ্টাচাৰকণৰ বাহিৰে বৰ বেছি ঘনিষ্ঠতাৰ পক্ষপাতীয়েই নাছিলো। কিন্তু একেটা চৌহদৰ ভিতৰত, একেটা পাৰ্টহাউছত থাকি আপুনি নিজকে কিমান নিলগাই ৰাখিব পাৰিব!
যোৱা দুটা বছৰত কেইবাদিনো ৰিণিৰ পদাৰ্থ বিজ্ঞানৰ জটিল পাঠ্যক্ৰমত মনোনিবেশ কৰিছো; কিংকিৰ ইক’নমিক্ছ মোৰ বাবে যদিও দুৰ্বোধ্য, সেই বিষয়টোৰ পাৰিসাংখ্যিক অংক একোটা বুজাবলৈ ষৎপৰোনাস্তি চেষ্টা কৰিছো; আৰু কোনোবা এদিন মোৰ অফিচৰ বিয়েৰাৰ পঠিয়াই দুৰ্লভ গেছ-চিলিণ্ডাৰ এটা অনাই দিছোঁ।
নাই, মোৰ উদ্দেশ্য মুঠেও এনেকুৱা নহয় যে পৰিয়ালটোৰ এটা উপায়হীন অৱস্থাৰ ছবি আপোনাৰ সমুখত দাঙি ধৰিম। আৰ্থিক অনাটন থকাটো সঁচা, কিন্তু আপুনি যদি পৰিয়ালটোৰ আত্মসম্মানবোধ আৰু সুখ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে, তেন্তে চৌধুৰীহঁতক চহকী বুলিবলৈ মই কুণ্ঠাৰোধ নকৰিম। ঘৰখনত হাঁহি নামৰ এবিধ