পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২•একুৰি এটা গল্প
 

প্ৰচণ্ডভাৱে বাধা দিছে। জুলিৰ স্কুলত নামভৰ্তি কৰাৰ কথা ওলাওঁতেই উমাই তাইক ওচৰৰ অসমীয়া প্ৰাইমেৰী স্কুলখনত নাম লগাই দিবলৈ কোৱাত গৌতমৰ গাটোত যেন বিছাহে বগালে। হাতত থকা বাতৰি কাকতখন মুঠি মাৰি ধৰি সি গিৰিস্কৰে উঠি সি সুধিলে কি ক’লা তুমি? অসমীয়া প্ৰাইমেৰী? জুলিক অসমীয়া প্ৰাইমেৰী স্কুলত নাম লগাই দিব লাগে? নাই, নহ'ব। চাধা মলি-মলি অথবা চকীত বহি টোপনিয়াই থকা মাষ্টৰকেইজনৰ হাতত মই তাইক তুলি দি ভূত কৰিব নোৱাৰো। সেইবোৰ স্কুলত দিলে জুলি অপৰিপক্ক জ্ঞানৰ পিণ্ড হ'ব। দৰ্কাৰ নাই। তাইক মই ইংৰাজী মাধ্যমত পঢ়ুৱাম। আৰু স্কুলখননো কিমান দূৰত? দুই কিলোমিটাৰ বাট। অহা-যোৱা কৰিবলৈ তাইক ৰিক্সা এখন বন্দৱস্ত কৰি দিলেই হ’ল’— এইবুলি কৈ সি ওচৰতে থকা জুলিক দুয়োহাতে ওপৰলৈ দাঙি ধৰি সুধিলে— নহয় মা, এ, বি, চি, ডি পঢ়ি আমাৰ জুলিমা এদিন মেজিষ্ট্ৰেট হ’ব। জুলিয়ে একো বুজি নাপালে। মাক-বাপেকৰ কথাবোৰ তাইৰ মগজুৱে ঢুকিয়েই নাপালে। আৰু বাপেকে যে ক'লে—'মেজিষ্ট্ৰেট!'– এইটোনো কি?
 উমাৰ মনটো টেঙাই গ'ল। অতদিনে পুহি ৰখা তাইৰ ইচ্ছাটো তেন্তে অথলে যাব। জুলিক তাই তাইৰ মতে গঢ় দিব নোৱাৰিব? কিন্তু কিয় নোৱাৰিব? জুলি তাইৰো সন্তান! গৌতমৰ লগতে জুলিৰ ওপৰত তাইৰো সমান অধিকাৰ আছে। আৰু জুলিক অসমীয়া স্কুলত দিলে তাইৰ কি ক্ষতি হ’বনো? তাই গৌতমক বুজাব খুজিলে। যুক্তি সহকাৰে অকণো উত্তেজিত নোহোৱাকৈ উমাই জুলিক অসমীয়া মাধ্যমত পঢ়ুৱাবলৈ খাটনি ধৰিলে। উমাৰ কথা হ'ল— তায়ো জুলিক ইংৰাজী ভাষা শিকোৱাৰ পক্ষপাতী। নিজে বি,এ, পাছ আৰু গৌতমো এম,এ, ডিগ্ৰীধাৰী এজন উচ্চপদস্থ চৰকাৰী চাকৰিয়াল। দুয়ো ইংৰাজী ভালকৈ জানে। গৌতমে সুন্দৰকৈ ইংৰাজী ক’বও পাৰে যদিও উমা এইক্ষেত্ৰত বৰ পাৰ্গত নহয়। তেনেস্থলত জুলিক অসমীয়া মাধ্যমত পঢ়ুৱাই নিজৰ মাতৃভাষাৰ লগতে ইংৰাজীও শিকাব পাৰিব। আৰু আজিলৈকে আমাৰ বিখ্যাত বিদ্বান লোকবোৰ জানো অসমীয়া মাধ্যমত পঢ়িয়েই শিক্ষিত হোৱা নাই? আমি আমাৰ নিজৰ ভাষাটোক আওহেলা কৰাটো আচলতে এটা অক্ষমনীয় অপৰাধ। আৰু আমাৰ নিজা স্কুলবোৰত থকা আসোঁৱাহবোৰ দূৰ কৰিবলৈ আমাৰ ল'ৰা-ছোৱালীবোৰ তাত দি আমিয়েই আগভাগ নল’লে আন কোননো আগবাঢ়ি আহিব? পিছৰ কথাখিনি উমাই স্বগতোক্তি কৰাৰ দৰে কলে যদিও এইখিনি কথা গৌতমৰ কাণত ভাষণ ভাষণ যেন হৈহে সোমাল। তাচ্ছিল্যৰ হাঁহি এটা মাৰি গৌতমে উমালৈ চাই ক'লে— তুমি কেতিয়াৰ পৰা ইমান দেশপ্ৰেমিক হ’লা উমাদেৱী? অসমীয়াক পতনৰ মুখৰ পৰা বচাবলৈ