পৃষ্ঠা:একুৰি এটা গল্প.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সিদ্ধান্ত আৰু সমস্যা

 কালিৰে পৰা ঘৰখনত থমথমীয়া পৰিৱেশ এটাৰ সৃষ্টি হৈছে। আটায়ে যন্ত্ৰৱৎ নিজৰ নিজৰ কামবোৰ কৰি গৈছে। ব্যতিক্ৰম মাথোঁ জুলি। চাৰিবছৰীয়া জুলিৰ অকণমান মগজুটোৰে ঢুকিয়েই পোৱা নাই কথাবোৰ। কি হৈছে বাৰু? তাই তাইৰ পিৰপিৰীয়া কণ কণ চকুদুটাৰে এফালৰ পৰা ঘৰৰ সদস্যবোৰলৈ লক্ষ্য কৰি যাব ধৰিলে। আইতাকে কট কটকৈ খুন্দনাটোত তামোল খুন্দি খুন্দি মাজে মাজে আনমনা হৈ যায় আৰু পাছত দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি আকৌ তামোল খুন্দিবলৈ লয়। তাই মানুহৰ হাৱভাৱ বুজিব পৰা হোৱাৰে পৰাই আইতাকক কেৱল তামোলকে খুন্দি থকা দেখিছে। এখন খুন্দি মুখত সুমুৱাই আনখন খুন্দিবলৈ তেওঁ ওচৰত থকা বটাটোৰ পৰা পাণ-তামোল যোগাৰ কৰিবলৈ লয়। আলহী আহিলেতো কথাই নাই! মাকে মূঢ়া-চকী কিবা যোগাৰ কৰি দিবলৈ নৌপাওঁতেই আইতাকে হালি পৰা কঁকালেৰে হেঁকেৰ-পেঁকেৰকৈ খুন্দনা আৰু বটাটোৰ ওচৰলৈ গৈ সেইবোৰ চপাই আনি আলহীৰ ওচৰত বহেহি। ঘৰলৈ আলহী আহিলে তামোল খুওৱাৰ দায়িত্ব বোধহয় আইতাকৰ; যেনেদৰে চাহ-ভাত দিয়াৰ দায়িত্ব মাকৰ! তাই গৈ আইতাকৰ ওচৰত লাহেকৈ বহিলগৈ। অলপপৰ চুপচাপ হৈ বহি থকাৰ পাছত তাই লাহেকৈ বটাৰ পৰা কটাৰিখন তুলি ল'লে। আনদিনা হোৰাহ’লে আইতাকে তাইক জেজেকাই ধৰিলেহেঁতেন। আজি তেওঁ তাইৰ হাতখনত লাহেকৈ ধৰি— নুচুবি অ' আই, থ, কাটিব’ বুলি কৈ কটাৰিখন এৰুৱাই লৈ গ'ল। তাইৰ মনটো সেমেকি গ'ল। কি হ'ল বাৰু আইতাৰ? তাই কিছুপৰ তাতে থাকি গহীন গহীন খোজ পেলাই দেউতাকৰ ওচৰত ৰ'লগৈ। কালি তাই দেউতাকৰ যিটো খং দেখিছিল—সদায় ইংৰাজী-হিন্দী গানৰ কলি গুণগুণাই, সুহুৰিয়াই থকা দেউতাকে মাকক কালি যিটো ধমকি দিছিল মনত পৰাৰ লগে লগে তাই এবাৰ উচপ্ খাই। উঠিল। তাই দুখোজ পিছুৱাই আহিল। আহি ওলমি থকা দুৱাৰৰ পৰ্দাখনত ধৰি তাই এটা আঙুলি মুখত ভৰাই দেউতাকলৈ চাই ৰ'ল। বাৰাণ্ডাত কোলাত ৰেডিঅ’ এটা লৈ গহীন হৈ চকীত বহি থকা দেউতাকে তাই যোৱাৰ উমান পাই এবাৰ ঘূৰি চালে। অলপপৰ চাই তেওঁ অকণমান মিচিকিয়ালে। জুলিৰ সাহস বাঢ়ি গ'ল। তাই ওচৰ চাপি গৈ চকীখনৰ হেন্দেলডালত ধৰি ওলমি দিলে। হেন্দেলড়ালৰ তলেৰে হাত সুমুৱাই তাই দেউতাকৰ গেঞ্জিটো টানি (আনদিনা কৰাৰ দৰে) তেওঁৰ নাভিটোত আঙুলি এটা সুমুৱাই দিলেগৈ। আনদিনা দেউতাকে সুৰসুৰণি পোৱাৰ