পৃষ্ঠা:একুৰি এটা গল্প.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ১১৯
 

দৰে কৰি গাটো জোকাৰ মাৰি দি পাছত তাইক কোলাত তুলি বহুৱাই লয়। কিন্তু আজি একো নহ'ল। অকণমান সময়ৰ পাছত দেউতাকে তাইক ‘চাওঁ, আমনি নকৰিবা, ভিতৰলৈ গৈ খেলাগৈ যোৱা বুলি আঁতৰাই দিলে। যদিও দেউতাকে তাইক খঙত একো কোৱা নাছিল, তথাপি তাইৰ ভাল নালাগিল। তাইৰ কলৈ যাওঁ, কি কৰো যেন লাগিল। এইবাৰ তাই মাকৰ ওচৰলৈ খোজ আগবঢ়ালে। সন্তৰ্পণে তাই মাক ক'ত আছে লক্ষ্য কৰিলে। ঘৰৰ আনবোৰ মানুহ একোটা নিৰ্দিষ্ট সময়ত একোটা নিৰ্দিষ্ট ঠাইত থাকিলেও মাকৰ যেন কোনো নিৰ্দিষ্ট ঠাই নাই। কুঁৱাৰ পাৰৰ পৰা শাকনি বাৰী, গোহালিঘৰ, শোৱাঘৰ, পাকঘৰ সকলো ঠাইতে সকলো সময়তে মকব খদম্। তাই কুঁৱাৰ পাৰত হোৱা বাচনৰ জননি শুনি নিশ্চিত হ’ল যে মাক কুঁৱাৰ পাৰতে আছে। তাই গৈ তাত উপস্থিত হ'লগৈ। এনেয়ে খৰধৰকৈ কাম কৰাত অভ্যস্ত মানুহজনী যেন আজি আৰু খৰ হৈছে! খৰখেদাকৈ ইখনৰ পাছত সিখনকৈ বাচন ধুই থকা মাকৰ তাইলৈ চাবৰ যেন আহৰিয়েই নাই! এনেয়ে হলে তাইক তাত দেখিলে মাকে ইমান ৰ’দত কুঁৱাৰ পাৰত থিয় হৈ থকাৰ বাবে মিহিকৈ বকনি এটা জাৰিলেহেঁতেন। বাচনখিনি ধুই শেষ কৰি বান্টিটোত থকা অৱশিষ্ট পানীখিনি পেলাই মাকে বাচনবোৰ তুলি গঙ্গকৈ ভিতৰলৈ খোজ পেলালে। তায়ো পিছে পিছে আহি পাকঘৰ পালেহি। পাকঘৰৰ দুৱাৰদলিত ৰৈ তাই মাকলৈ চালে। গোলকৈ বগা মুখখন গৰমত গুলপীয়া হৈ উঠিছে। তথাপি তাইৰ ভাল নালাগিল। আনদিনাৰ দৰে ফৰকাল—এই হাঁহিব, এই হাঁহিব যেন লগা ভাবটো মুখখনত নাই। গোমোঠা মুখ এখন লৈ ইখনৰ পাছত সিখন কাম কৰি গৈছে। তাই মাকৰ মুখৰ পৰা মাত উলিয়াবলৈ কি কৰা যায় ভাবিলে। তাই পাকঘৰৰ দুৱাৰখনত তলা লগাবলৈ লগোৱা ৰিংটো ধৰি হাতেৰে সেইটোকে দুৱাৰখনত মাৰি খটং খটংকৈ শব্দ কৰিবলৈ ধৰিলে। ৰিংটো তাইৰ উচ্চতা অনুপাতে যথেষ্ট ওপৰত থকা বাবে হাতখন দাঙি দাঙি কিছুপৰ খটং খটংকৈ মৰাৰ পাছত তাইৰ হাতখন বিষাই গ'ল। তাই সেইটো এৰি দিলে। ইয়াৰ পাছত তাই কি কৰিব? উপায় এটা পালে। কাটিবলৈ উলিয়াই থোৱা ভাতকেৰেলাকেইটালৈ তাইৰ চকু গ'ল। এখোজ দুখোজকৈ ভিতৰলৈ গৈ তাই ভাতকেৰেলাকেইটাৰ দীঘল দীঘল ঠাৰিকেইডাল লগ লগালে। আঁৰ চকুৰে তাই এবাৰ মাকলৈ চালে। মাক মাছ ভজাত ব্যস্ত। এইবাৰ তাই কেৰেলাকেইটা ভেন্টিলেটৰত লগাই থোৱা ৰছিডালত বান্ধিবলৈ থিয় হ'ল। তাই ঢুকি নাপায়। ভেন্টিলেটৰখনৰ পৰা ওলমি থকা ৰছিদুডালৰ মূৰকেইটা তাইতকৈ বহু ওপৰত। তাই লাহেকৈ মূঢ়া এটা চোঁচোৰাই আনিলে। তাৰ ওপৰত উঠি তাই নিশ্চয় ঢুকি