পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প•১২১
 

তুমিচোন আমি অসমীয়া, গতিকে আমি অসমীয়াহে পঢ়িব লাগে বুলি কৈ মোক এইবোৰ কিতাপ পঢ়ুৱাই আছিলা! এতিয়া মই এ, বি, চি, ডি পঢ়িব নোৱাৰো। সেইবোৰ মই বুজিকে নাপাওঁ মই অ-আ, ক-খহে পঢ়িম। অ’ মা, মই এয়াহে পঢ়িম। — উমা থৰ লাগি ৰ'ল। কি ক’ব তাই? কালি গৌতমে কোৱা কথাখিনি তাইৰ এতিয়াও হজম হোৱা নাই....।
 গৌতম আৰু উমাৰ জুলিয়েই একমাত্ৰ সন্তান। গৌতমে দূৰৰ চহৰ এখনত চাকৰি কৰে। মাহেকত সি চাৰি-পাঁচদিনৰ বাবে এবাৰ ঘৰলৈ আহে। বৃদ্ধা শাহুৱেকক অকলশৰীয়া নকৰো বুলিয়েই নিজৰ সকলো লাহ-বিলাহ ত্যাগ কৰি কেৱল নৈতিকতাৰ খাতিৰতে উমাই শাহুৱেকৰ লগত থাকিবলৈ লৈ নিজকে চাৰিবেৰৰ। মাজত আবদ্ধ কৰিছিল। উমাহঁতৰ ঘৰখন এখন সৰু চহৰত যদিও শাকনিবাৰীৰ পৰা পাৰ-কুকুৰা আৰু গৰু-গাইৰে এখন পূৰ্ণাংগ ঘৰৰ দায়িত্ব উমাইঅকলে মূৰপাতি লৈ গৌতমক সকলো ফালেৰে সন্তুষ্ট কৰি আহিছে। বিয়াৰ দুবছৰ পাছত জন্মা জুলিক তাই নিজৰ জীৱনত কৰিব নোৱৰা অথবা নোপোৱাখিনিৰে পূৰ্ণ কৰি তুলিব বিচাৰিছিল। ঘৰুৱা কামৰ ফাঁকে ফাঁকে সেয়ে তাই দুই-আঢ়ৈ বছৰমানৰ পৰাই। জুলিক শিক্ষাগ্ৰহী কৰি তুলিছিল। বাহিৰৰ জগতখনৰ লগত উমাৰ বৰ বেছিহলিগলি নাছিল। বাতৰি কাকত, ৰেডিঅ’, টিভি আৰু আলোচনীবোৰেই আছিল তাইৰ সংগী। স্কুলীয়া অৱস্থাৰ পৰাই ভাষা-সাহিত্যৰ প্ৰতি আকৃষ্ট উমাই বৰ ইচ্ছা কৰা সত্ত্বেও অসমীয়াত উচ্চশিক্ষা ল'ব নোৱাৰিলে। সেয়ে বোধহয় তাইৰ মনত তাইৰ অজানিতে এটা অসমীয়া প্ৰেমে বাহ লৈছিল। আজিকালিৰ সৰহভাগ ল'ৰা-ছোৱালীকে ইংৰাজী মাধ্যমত পটুওৱাৰ কথাটোৰ তাই সম্পূৰ্ণ পৰিপন্থী আছিল। আজিকালি বেছিভাগ অসমীয়া মানুহৰ লজ্জাজনক অসমীয়া ভাষাজ্ঞানৰ পৰা জাতিটোক উদ্ধাৰ কৰাৰ দায়িত্ব যেন তাইৰ নিজৰ। যিমানে বেয়া পৰিৱেশত নহওক লাগে, তাই তাইৰ জুলিক এই ৰঘুমলাডালৰ পৰা বচাই ৰাখি এক পূৰ্ণাংগ ৰূপ দিয়াৰ সিদ্ধান্ত লৈছিল। প্ৰতিমাহে চাৰি-পাঁচদিনৰ বাবে ঘৰলৈ অহা গৌতমক তাই মাহটোৰ খবৰবোৰ দিয়াৰ লগতে তাইৰ অন্তৰৰ এনেবোৰ ভাৱনা মুকলিকৈ কওঁতে কওঁতে তাইৰ কথাবোৰ লেথাৰি নিছিগা গুণগুণনিত পৰিণত হয়; আৰু সেয়ে চাগে তাই অনৰ্গলভাৱে কথাবোৰ কৈ থাকোতে মাজে মাজে গৌতমৰ চকুদুটা জাপ খাই আহে। উমাই অভিমানতে তাৰ গাটো জোকাৰি দি কয়— এই, মই কি কৈছো শুনিছানে নাই?
 —হুঁ! শুনিছো। তুমি যি ভাবিছা তাকেই কৰিবা বাৰু। মই এইবোৰত তোমাক বাধা নিদিওঁ।
 আৰু এতিয়া! এতিয়া গৌতমে তাইক তাইৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটোতে