পৃষ্ঠা:একুৰি এটা গল্প.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প•১২৩
 

শংকৰদেৱৰ দ্বিতীয় অৱতাৰ নহয়তো? শুনা উমা, কেৱল তোমাৰ জুলিক অসমীয়া মাধ্যমত পঢ়িবলৈ দিলেই দেশৰ প্ৰতি এটা ডাঙৰ দায়িত্ব পালন কৰিলো বুলি ভাবিলে নহ'ব। আৱেগিক হৈলাভনাই। আমি আমাৰ সন্তানৰ ভৱিষ্যৎ চাম। এইবোৰ ফান্টু আদৰ্শৰ বাবে মইজুলিৰ ভৱিষ্যৎ অন্ধকাৰ কৰিব নোৱাৰো। তুমি নিজেই ৰিজাই চোৱা—আজিৰ অসমীয়া স্কুল আৰু ইংৰাজী স্কুল দুয়োটাকে। এটা যেন বিহ মেটেকাৰে পূৰ্ণ খাল আৰু আনটো পদুম পুখুৰী। মই আমাৰ জুলিক পদুম পুখুৰীত চৰিবলৈ দিম। আজিকালি অসমীয়া স্কুলৰ শিক্ষা কি? নাই পৰিপাটি, নাই পৰিষ্কাৰ-পৰিছন্নতা, নাই কোনো শিক্ষাৰ বাতাবৰণ। আৰু শিক্ষক মহাশয়বোৰ একো একোটা ফোঁপজহী ৰঙাই। এসোপামান টকা ভেটি দি প্ৰাৰ্থী নিৰ্বাচনৰ তালিকাত একেবাৰে শেহৰ ফালে নাম থকা কেইজনমানে চাকৰি পায়, যিবোৰে শিক্ষকতা কৰাতকৈ টকা ঘটাতহে মন দিয়ে বেছি। সেইবোৰে কি শিকাব আমাৰ জুলিহঁতক...? আৰু উমা, তুমি এইবোৰ বিষয়ত মাত নমতাই ভাল। যিহেতু বাহিৰৰ প্ৰেটিকেল জগতখনৰ বিষয়ে তুমি একো নাজানা, তেনেস্থলত এনেবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত তোমাৰ মত জাহিৰ কৰিবলৈ যোৱাটো তোমাৰ মূৰ্খামি। তুমি যিহেতু পাকঘৰ, গোহালিঘৰতে আৱদ্ধ, তোমাৰ জ্ঞানৰ টোপোলাটোও সিখিনিত ৰাখিলেই ভাল হ'ব।
 গৌতম ওলাই গ'ল। তাৰ কথাখিনি শুনাৰ পাছত উমা থৰ হৈ ৰ'ল। কি শুনিলে বাৰু তাই? যাৰ বাবে তাই তাইৰ বৈচিত্ৰতাপূৰ্ণ জগতখনৰ মায়া এৰি নিজকে চাৰিবেৰৰ মাজত আৱদ্ধ কৰি ৰাখিলে তাৰ মুখতে এনে কথা! তায়ো কি ইচ্ছা কৰা হ'লে মিছেছ বৰাহঁতৰ দৰে বৃদ্ধ মাক-বাপেকক অকলশৰে এৰি বাহিৰৰ ৰঙীন পৃথিৱীখনৰ লগত মিলি যাব নোৱাৰিলেহেঁতেন; য'ত গৌতমে কোৱা সংসাৰৰ ‘প্ৰেকটিকেল’খিনি আছে? পাকঘৰৰ চাৰিচুক আৰু গোহালিৰ গৰুবোৰক দিয়াৰ যোগ্যতাহে আছে নেকি তাইৰ জ্ঞানৰ? তাইৰ চিন্তাবোৰ ইমান লঘু নে যে তাৰ দ্বাৰা তাই একমাত্ৰ সন্তানটোৰো ভৱিষ্যৎ অন্ধকাৰ হৈ যাব! তাই বুজি নাপায়, কিয় গৌতমে পাহৰি গ'ল যে সিও ত্ৰিভুজাকৃতিৰ অসমীয়া আখৰবোৰ পঢ়িয়েই বিশ্ববিদ্যালয়ৰ শেষ ডিগ্ৰী লোৱাৰ উপৰিও এটা উচ্চ পদত নিয়োজিত হ’ব পাৰিছে! কিয় বাৰু সি পাহৰি গ'ল যে আনহে নালাগে স্বয়ং তাৰ দেউতাকেও প্ৰাইমেৰী। স্কুলৰ প্ৰধান শিক্ষক হৈ থাকি শিক্ষকতা আৰু পাণ্ডিত্য গুণৰ বাবে এতিয়াও এই অঞ্চলটোতে এক সুকীয়া সন্মান থৈ যাব পাৰিছে! ভাবি ভাবি তাইৰ দুচকু ভৰি আহিল। স্বভাৱতে শান্ত উমাই পৰিস্থিতি চম্ভালিবলৈ কিছু সময় ল'লে। কালিৰে পৰা আজি গোটেই দিনটো ভাবি ভাবি তাই ঠিক কৰিলে যে নিজৰ মতভেদ বাবে পাৰিবাৰিক অশান্তিৰ সৃষ্টি কৰি জুলিক এটা অসহনীয় পৰিৱেশ দিয়াতকৈ