প্ৰয়োজন
চাৰি বছৰীয়া ল'ৰাটোৰ সৰু হোৱা কাপোৰেৰে ঘৰৰ আলমাৰি, ড্ৰয়াৰ, বাছকেট
সকলোবোৰ ঠাহ খাই পৰিছে। অদৰকাৰী কাপোৰৰ দমটো দেখি দেখি তৃষ্ণাৰ
অসহ্য লগা হৈছে। কিন্তু কৰিবনো কি? দিবলৈও কোনো নাই। নিবলৈও কোনো
নাই। দিবনো কাক? বান্ধৱীহঁতৰ স’তে কথা পাতোতে কেতিয়াবা পুৰণা কাপোৰৰ
কথা ওলালে অইনে কোৱা শুনে– “দি দিব লাগে। ঘৰত ৰাখি থ'ব নালাগে। কিন্তু
দিব কাক? পুৰণা কাপোৰ বিচাৰি নাহিলে উপযাচি কাক দিবলৈ যাব? যদি বেয়া
পায়? নিজৰেচোন কেনেবা কেনেবা লাগে!
— “কিয় বাইদেউ! বাবুলালৰ ল'ৰা-ছোৱালীকেইটাকে দিব পাৰেচোন।
সিহঁতৰ কাপোৰ-কানিৰ হেনো বৰ অভাৱ।
ওচৰৰ মায়া নামৰ মানুহগৰাকীৰ কথা মতে তৃষ্ণাই ভাবি চালে। এৰাতো!
বাবুলালৰ ঘৰততো আৰ্জন মাত্ৰ চকিদাৰী কৰি বাবুলালে পোৱা টকাকেইটাহে।
ল'ৰা-ছোৱালী হ’ল পাঁচোটা। গতিকে....।
স-সংকোচে তৃষ্ণা এদিন মায়াৰ লগত বাবুলালৰ ঘৰলৈ গ'ল। উদ্দেশ্য ঘনিষ্ঠতা
আনি অলাগতীয়াল তাইৰ সম্পদখিনিৰে তৃষ্ণাই বাবুলালৰ অভাৱ দূৰ কৰিব।
বাবুলালৰ ঘৈণীয়েক চাৰু ওলাই আহি তৃষ্ণাহঁতক দেখি চকু ডাঙৰ কৰিলে— “ঔ
আই! আজিনো আমাৰ এনে ভাগ্যনে? বাইদেউহঁত নিজে নিজে আহিল?
— এহ কিনো ভাগ্ য! ওচৰতে থাকা। খবৰ এটাকে কৰো বুলি আহিলো—
তৃষ্ণাৰ সংকুচিত মাত।
আথে-বেথে বাবুলালৰ গৃহিণীয়ে মূঢ়া দুটা উলিয়াই আনি দুয়োকে আদৰিলে।
মূঢ়া দুটাৰ শলাবোৰ ওপৰলৈ ওলাই আহিবলৈ ধৰি মানুহ বহিব লগা ঠাইডোখৰ
আৰু দ হৈ পৰিছে। তাতে বহি তৃষ্ণাই ঘৰৰ চৌপাশে দৃষ্টি ফুৰালে।
তিনিফালে তৰ্জা আৰু এফালে গোবৰ মাটিৰে লেপি লোৱা বেৰ। ওপৰত খেৰ
আৰু তাৰ ওপৰত ফুটাৰে পানী নপৰিবলৈ দিয়া নীলা ৰঙৰ প্লাষ্টিকেৰে আৱৰা চাল।
একমাত্ৰ দৰ্জাখন বাঁহৰ ঢাৰিত কামী বান্ধি দিয়া। খিৰিকী বুলিবলৈ দুঠাইত বৰ্গক্ষেত্ৰাকাৰ তিনিটামানকৈ ফুটা। এখন বাঁহৰ চাং। কেইবাঠাইতো ফিচিকি যোৱা কাপোৰ কিছুমানেৰে ঢাকি থোৱা আছে। কোঠাটোৰ এচুকত চৌকা। কাষত খৰিৰ দম এটা। চৌকাৰ ওপৰৰ তক্তা এচলা তাঁৰেৰে ওলমাই, কিছুমান মামৰে ধৰা বিবৰ্ণ