টেমা থোৱা আছে। চৌকাৰ আনটো কাষত কলহ-টেকেলি দুটামান। বাঁহৰ চাংখনৰ
তলত দুখন পীৰা, তামোলৰ ঢকুৱা আৰু বস্তা দুখনমান। বোধহয় বহাৰ আসন।
মুহূৰ্ততে চকু ফুৰাই তৃষ্ণাই মায়ালৈ চালে। তাই চাৰুৰ লগত কথা জমাবলৈ
চেষ্টা কৰিছে। বাবুলালৰ ডেৰবছৰীয়া ছোৱালীজনীয়ে মাকক আমনি দি থকা
বাবে মাকে দুঢকামান দি তাইক ডাঙৰকেইটাৰ ওচৰলৈ আঁতৰাই পঠিয়ালে। তৃষ্ণাৰ
কিবাকিবি ক’বৰ মন গৈছিল। কিন্তু তাই যি ক'ব সেয়াই যেন তাত অখঁজা হৈ
পৰিব। সেয়ে তাই একো নক'লে। মায়াও তৃষ্ণাৰ ওচৰতে বহিলত চাৰু চাহ কৰিবলৈ
চৌকাৰ কাষ পালে।
—‘নাই নাই, চাহ নকৰিবা। আমি এনেয়েহে আহিছিলো। ’
তৃষ্ণাৰ প্ৰবল আপত্তিৰ অন্তত মায়াই ক'লে—“দিবলৈ আছে যদি তামোলকে
দিয়া, সেয়ে হ’ব। চাহ নালাগে।
চাৰু নাচোৰবান্দা— ‘কেলেই হ’ব? আপোনালোক দুয়ো আজি উপযাচি
এই দুখীয়াৰ ঘৰলৈ আহিছে। চাহ একাপ খাবই লাগিব।
কৈ কৈ তাই চাহৰ আয়োজনত ব্যস্ত হ’ল। খুটুং-খাটাংকৈ বিচাৰি বিচাৰি
টেমাকেইটাৰ এটাৰ পৰা বিস্কুটকেইখনমান আনি তাই প্লাষ্টিকৰ প্লেট এখনত থ’লে।
আথে-বেথে গাৰ মলিয়ন চাদৰখনেৰে জুইৰ ওপৰৰ পৰা চচ্পেনটো ধৰি আনি
চাহ বাকিলে আৰু সম্ভ্ৰমেৰে দুয়োলৈ আগবঢ়াই দিলে।
লওঁ–নলওঁকৈ তৃষ্ণাই চাহকাপ তুলি মায়ালৈ চালে। পাৰিবনে চাহকাপ খাব?
আৰু বিস্কুট? নাই নাই, ঘিণ কৰাৰ লগতে তৃষ্ণাৰ মনত দুখো লাগিল। সাঁচতীয়া
বিস্কুটকেইখন সিহঁত অহা বাবেই খৰচ হ’ল। তাইতো কিবা এটা আনিবও
পাৰিলেহেঁতেন! আৰু চাহ কৰোতে খৰচ হোৱা চেনি-চাহপাতখিনি? আয়ৈ দেহি!
মুহূৰ্ততে তৃষ্ণাৰ মনত ঘিণ ভাবটো কমি সহৃদয়তাই ঠাই ল’লে। তাই এঢোক এঢোককৈ
চাহ খাবলৈ ধৰিলে। এখন বিস্কুট তুলি ল'লে। সেমেকিছে। বোধহয় বহুদিনৰ পুৰণি।
তৃষ্ণাক দেখি মায়ায়ো চাহ খাবলৈ ধৰিলে। চাহ খাই তৃষ্ণা আৰু সহজ হ’ল।
—‘তামোল এখন দিয়া। তৃষ্ণাই বাবুলালৰ গৃহিণীক উদ্দেশ্যি ক'লে। চাহ
খাই লগা অকটা ভাবটো যেন তৃষ্ণাই তামোল খাই দূৰ কৰিব!
চাৰুৱে তামোল কাটি থৈছিলেই। সযতনে আগবঢ়াই দিলে। হেৰি নহয়
চাৰু—তোমাৰতো ল'ৰা-ছোৱালী পাঁচোটা! উপাৰ্জনো কম। যদি বেয়া নোপোৱা
মোৰ ল'ৰাটোৰ সৰু হোৱা কাপোৰকেইটামান দিম। ল’বানে?’তৃষ্ণাই অহাৰ উদ্দেশ্য
বেকত কৰিলে।
পৃষ্ঠা:একুৰি এটা গল্প.pdf/৪৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৪৭