সমললৈ যাওক

একুৰি এটা গল্প/ভয়

ৱিকিউৎসৰ পৰা
[ ৪২ ]

ভয়

 হাঁহি হাঁহি আটাইকেইজন ঢলি পৰিছিলো। দহ-পঁচিশৰ শেষ চালটো মাৰি মাসীমাৰ মুখখন চাই আমি আটায়ে তৃপ্তিত হাঁহিছিলো। দহ-পঁচিশ খেলত ইমান নিমগ্ন হৈ যোৱা মানুহ মাসীমাৰ বাহিৰে মই দ্বিতীয় এজন দেখা নাই। মন-মগজু সমগ্ৰ তেওঁ খেলতেই কেন্দ্ৰীভূত কৰি দিয়ে। হাৰিলে পাৰ্টনাৰজনৰ ৰক্ষা নাই। চাল মাৰিব নাজানে, চাল দিওঁতে পৰামৰ্শ নলয় ইত্যাদি ... এশ-এবুৰি দোষ। এয়া খং কেৱল চাল আৰু গুটিবোৰ সামৰি মোনাটোত ভৰোৱা সময়লৈহে, তাৰ পাছত তেওঁ চেপা মাতেৰে ধমক দিয়ে— ‘চুপ কর, চুপ কর। খিট খিট করে হাসিয়া বাইরের মানুষকে শোনাইবার দৰ্কার নেই।’ লগে লগে আমি চুপ হৈ যাওঁ। চুপ হৈ যোৱা মানে মৰিশালিৰ নিস্তব্ধতা। বাহিৰত শুকান গছৰ পাত সৰিলেও আমি তাৰ উমান পাওঁ।

 চাকৰিৰ খাতিৰত চহৰৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ দ্ৰেংদিছা। নামৰ ঠাইখনলৈ গৈছিলো। প্ৰথমদিনাই মাৰুতি গাড়ীৰে কোনোমতে তালৈ গৈ কামত জইন কৰিয়ে মনটো শংকিত হৈছিল। পাৰিম জানো এনেকুৱা পিছপৰা এখন ঠাইত থাকিব? আশে-পাশে ঘূৰি চোৱাৰ পাছত সন্মুখৰ বাঁহ-টিন ঘৰটোৰ দুৱাৰমুখত এখন মুখ দেখিছিলো- মাসীমাৰ, সোমাই গ'লো, চা-চিনাকি হলো। তেওঁ আছে জীয়েকৰ লগত। তেওঁৰ সৰু ছোৱালীজনী সেই ঠাইৰে আন এখন স্কুলৰ শিক্ষয়িত্ৰী। এনে পিছপৰা ঠাই এখনত গাভৰু ছোৱালীজনীক অকলে এৰিব নোৱাৰে বাবে তেওঁ তাত থাকে। সেই যে সোমালো আৰু সোমায়ে মাত দিলো মাসীমা বুলি —পাছৰ জীৱনছোৱাত মাসীমা মোৰ বুকুৰ কুটুম হ’ল। সঁচাকৈয়ে মাসীমা নোহোৱা হলে সেইখন ঠাইত মোৰ দ্বাৰা চাকৰি কৰা সম্ভৱ নহ'লহেঁতেন চাগৈ।

 চুটি-চাপৰ গাঠলু শৰীৰৰ মাসীমাৰ ক’লা মুখখনত মাতৃত্বৰ মৰম সনা হাঁহিটোৰে মোক আদৰি ঠাই দিছিল তেওঁৰ একোঠালিৰ সংসাৰখনত। আন সময়ত গাৰ্জেন হোৱা মাসীমা দহ-পঁচিশৰ সময়ত ১০/১২ বছৰীয়া কিশোৰী হয়। খেলত হাৰিব খুজিলেই পৰিৱৰ্তন হোৱা তাইৰ মুখখনত ক্ৰোধৰ আভা বিয়পি পৰে। যেন খেলত জিকাটোৱেই তেওঁৰ একচেটিয়া স্বত্ব। কিন্তু খেল সামৰাৰ পাছতেই আকৌ আগৰ মাসীমা।

[ ৪৩ ]   দহ-পঁচিশ সামৰি আমি আটায়ে নিজৰ নিজৰ ঘৰলৈ আহো। আমি বুলিলে সেই স্কুল পৰিসীমাৰ ভিতৰত থকা দুজন আধা বয়সীয়া মানুহ (দুয়োজন স্কুলৰ শিক্ষক), মাসীমাৰ জীয়েকৰ লগত একেলগে কাম কৰা চুমী নামৰ শিক্ষয়িত্ৰীগৰাকীৰ লগতে তাইৰ মাক আৰু মই। কৰিবলৈ একো নথকা বাবে আবেলিৰ পৰা ৰাতি শোৱাৰ পৰলৈকে আমি আটায়ে মাসীমাৰ ঘৰত দহ-পাঁচিশ খেলৰ আড্ডা পাতো। খেলৰ শেষত হাতে হাতে টৰ্চ লৈ আমি আহো বাস্তৱৰ কঠোৰ পৰিৱেশলৈ। বিজুলী-বাতিৰ ব্যৱস্থা নোহোৱা ঠাইখনত কৃষ্ণপক্ষ হলে কথাই নাই। উস্! কি আদিম অন্ধকাৰ! চাৰিওফালে পাহাৰৰ মাজৰ দ ঠাইখনত আমাৰ বসতি। অলপ আঁতৰে আঁতৰে থকা জনজাতীয় মানুহবোৰৰ ঘৰবোৰ সন্ধিয়াতে নিজম পৰে। মাত্ৰ ডেকা বয়সৰ কোনো কোনো সাৰে থাকে। তাকো খুব কম। এই সাৰে থকা ডেকাবোৰলৈহে মাসীমাৰ ভয়। ক’বতো নোৱাৰি কাৰ মনত কেতিয়া পিশাচ সোমায়। সেই কাৰণে ৰাতি হলে জোৰেৰে হঁহা, চিঞৰা আদি বন্ধ।
  তলা খুলি ঘৰ সোমোৱালৈকে মাসীমাই আন্ধাৰতে তেওঁৰ ঘৰৰ বাৰীৰ পৰা চাই থাকে। মোৰ ঘৰটো তেওঁৰ ঘৰৰ সীমাতে লগা। ঘৰলৈ সোমোৱাৰ পাছতে মিহি মাতেৰে তেওঁ সোধে —‘হৈছেনি? মই সমান মিহি মাতেৰে উত্তৰ দিওঁ— ‘হা, হৈছে। মানে মই ঘৰত সোমাই দৰ্জা বন্ধ কৰিলো। তাৰ পাছত সকলো চুপ। তেতিয়াহে মোৰ নিজকে বেলেগ পৃথিৱীৰ মানুহ যেন লাগে। মই যেন এটা অন্য গ্ৰহত আছো। বহুদিনীয়া শুকান ঘৰটোৰ বেৰবোৰ তৰ্জাৰ। চাল টিনৰ। বাতাম কাঠৰ। বেৰত মাটি লিপা নাই বাবে বাঁহৰ বেৰৰ ফাঁকেৰে বাহিৰৰ পৰা ভিতৰখন দেখি। সেয়ে সামান্য পোহৰত কাম কৰিবলগীয়া হয়। ৰাতি বাহিৰলৈ যাবলগীয়া হ'লেও ভয় ভয় ভাৱেৰে যাবলগীয়া হয়। কাৰণ সেই আদিম অন্ধকাৰৰ স’তে ইয়াৰ আগতে মই কাহানিও পৰিচিত নাছিলো।
  সিদিনা কোঠাটোত সোমোৱাৰ পাছতে কিনকিনীয়া বৰষুণ পৰিবলৈ ধৰিলে। লেমটো-অকণমান বঢ়াই দি ভাতকেইটা লৰালৰিকৈ খাই উঠিছোহে, বাৰাণ্ডাৰ মোৰ অপৈণত হাতেৰে বান্ধি দিয়া জপনাখন জোৰেৰে ঠেলি কোনোবা সোমাই আহিল। ক্ষণিকৰ বাবে মোৰ শৰীৰৰ সমগ্ৰ কাৰ্য যেন বন্ধ হৈ গ'ল। কোন আহিল? কি হ’ব এতিয়া? বিবাহিত হলেও মোৰ দেহত যৌৱন আছে। যৌৱন থাকক-নাথাকক মই নাৰী। সতীত্ব নাশ হলে এইখন সমাজত ....। নাঃ, মই ভাবিব নোৱাৰিলো। অকণমান সময়ৰ পাছত মোৰ কোঠাৰ কাঠৰ দৰ্জাখনত [ ৪৪ ] কোনোবাই ঢকিয়াই দিলে— নাই। এনেকৈ হাৰ মানি গলে নহ'ব। সাহস কৰি এই পিছপৰা বস্তি এলেকালৈ চাকৰি কৰিবলৈ আহিছোৱেই যেতিয়া সাহস গোটাই লৈ যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বই লাগিব। বাহিৰত দ্বিতীয়বাৰ দৰ্জাত আঘাত পৰিল। মই মাত নিদি হাতত অকণমান কটাৰী (একমাত্ৰ অস্ত্ৰ)খন লৈ খুপি খুপি বেৰৰ কাষলৈ আহিলো। জুপি জুপি ফুটাৰে বাহিৰলৈ চাবলৈ চেষ্টা কৰিলো। বাহিৰত মাথোঁ আন্ধাৰ। কোনোবাই লাহে লাহে পিতলৰ খাৰুযোৰ (তলা মৰা) জোকাৰি দিলে। মই সাহস গোটাই মাত দিলো। কৌন? বাহৰ মে কৌন হ্যায়? অলপ জোৰেই সুধিছিলো নেকি? বাহিৰৰ পৰা ধমহ কৰে দৰ্জাখনৰ ওপৰত আঘাত পৰিল। মই আৰু ৰব নোৱাৰিলো। সাতামপুৰুষীয়া দৰ্জা, হেলেক-পেলেক বেৰ, খহি পৰিবলৈ কিমান পৰ? প্ৰাণকাতৰ চিঞৰ মাৰিলো— ‘মাসীমা ...., আ-আমাকে বাচাও মাসীমা। পিছৰ বাৰৰ মাসীমা শব্দটো চাগৈ মহিমাময়ী মাসীমাৰ কাণত পৰিছিল। মই খিৰিকীখন খুলি অকণমান ফাঁক কৰি চিঞৰ মাৰিলো— ‘মাসীমা, মাসীমা, বাচাও আমাকে...' বুলি কৈ মোৰ দুৰ্বল খিৰিকীখন জপাই দিলো। চকু মুদি ভগৱানক মাতিলো ‘মোক ৰক্ষা কৰা, মোক সাহস দিয়া, বাহিৰত থকা মানুহজনৰ মনত সততা জগাই দিয়া প্ৰভু, মোক ৰক্ষা কৰা....। ' এ, তোৰ কি হৈছে ৰে? শুন্‌ছো কি হৈছে....?' সেয়া মাসীমাৰ মাত। হাতত টৰ্চ লৈ তেওঁ ঘৰৰ খিৰিকীৰে মুখ উলিয়াই মোক সুধিলে। মই খিৰিকীখন অকণমান খুলি ক'লো— ‘আমার বারাণ্ডায় কেও একজন আছে মাসীমা.... আমাকে বাচাও.... আমাকে নিয়া যাও। '

 কিন্তু মাসীমা আহে কেনেকৈ? নিজৰ গাভৰু জীয়েকজনীক লৈ তেওঁ মোৰ ঘৰলৈ এই আন্ধাৰ নিশা আহি মোৰ বাৰাণ্ডাত থকা অসুৰটোৰ পৰা মোক বচায় কেনেকৈ? কিন্তু মাসীমাৰ সহায় নহলেযে মোৰো উপায় নাই। বাহিৰৰ দৰ্জাত আকৌ কৰাঘাত। মাসীমা, আমাকে নিয়া যাও....। ' মোৰ মাতত আকুল। মিনতি। বৰষুণজাক শাম কাটিছিল। অকণমান পাছতে বেৰৰ ফুটাৰে দেখিবলৈ পালো হাতে হাতে ধৰা-ধৰি কৰি মাসীমাই তেওঁৰ ছোৱালীজনীৰ লগত মোৰ ঘৰৰ ফালে আহি আছে। মাসীমাৰ হাতত লেম আৰু ছোৱালীজনীৰ হাতত এডাল লাঠি। তেওঁলোকে মোৰ ঘৰৰ পদূলিমুখত থিয় দি বাৰাণ্ডালৈ টৰ্চৰ পোহৰ মাৰি চালে— ‘ক’ই কেও নাইতো! তোর বারাণ্ডায় কেও নাইরে। ’ মই সাহস পাই মাত দিলো—‘আছে, আছে। ভালকৈ চোৱা। টৰ্চৰ পোহৰটোও কমি আহিছিল। সেয়ে সাহস কৰি তেওঁ জীয়েকক হাতেৰে ধৰি ৰাখি নঙলা খুলি মোৰ বাৰাণ্ডাৰ [ ৪৫ ] ওচৰ চাপি আহিল। তাৰ পাছত...? মাক-জীয়েকৰ খুক্​ খুক্​ হাঁহি। মই অবাক হৈ গ’লো। ভিতৰত মই ভয়ত কাঠ হোৱাৰ উপক্ৰম হৈছো আৰু বাহিৰত? লাহেকৈ দৰ্জাখন খুলি বাহিৰ ওলাই আহিলো। বাহিৰলৈ আহি মোৰো ভয়ত শুকাই যোৱা মুখত মিচিকি হাঁহি এটা খেলি গ'ল। এটা প্ৰকাণ্ড ভাবোলা ছাগলী। বৰষুণজাকৰ পৰা ৰক্ষা পাবলৈ সি মোৰ হেলেক-পেলেক বেৰ ভাঙি বাৰাণ্ডাত আশ্ৰয় লৈছিল। আৰু গাৰ পৰা পানী সৰুৱাবলৈকে চাগে সি মোৰ দৰ্জাখনত গা ঘঁহাইছিল। হায়! হায়!

 চকু-মুখত কৃত্ৰিম খং লৈ থপ থপককৈ মাসীমা মোৰ কোঠালৈ সোমাই আহিল আৰু যেনেকৈ আছিল তেনেকৈয়ে বিছনাৰ কাপোৰখিনি নুৰিয়াই মূৰত তুলি কোঠাৰ লেমটো নুমুৱাই দি ক'লে— ‘চল্​, এখানে থাক্​বার কাম নাই। আমার ঘরে তোর শোবার জন্য অনেক জায়গা আছে। চল্​...। ময়ো বাধ্য শিশুৰ দৰে দৰ্জাৰ তলাটো মাৰি হাতত টৰ্চ লৈ সেমেকা বনৰ ওপৰে ওপৰে মাসীমাৰ পিছে পিছে গতি কৰিলো....। মহিমাময়ীৰ ঘৰটো সৰু যদিও অন্তৰখনযে সাগৰৰ দৰে বহল....।