পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৭৭
 


লাগিব, তদুপৰি ‘লোন’ দিওঁতাসকলকো দিব লগা হয় ‘পাৰ্চেন্টেজ’। সি নোৱাৰিলে। মাজতে ৰিক্সা চলাওঁ বুলি ৰিক্সা এখন লৈছিল— তিনিদিন চলাই তাৰ গাৰ বিষ আৰু জ্বৰ হ’ল। বিধৱা, দুখীয়া হলেও মাকে তাক নয়নৰ মণিৰ দৰে আলফুলে ডাঙৰ-দীঘল কৰিছিল। ৰিক্সা টনাৰ দৰে কঠোৰ কাম তাৰ দেহাই নসহে। মাক আৰু ভনীয়েক দুজনীৰ কাতৰ মিনতিত সি সেইটো বাদ দিলে। মাকে তাক চাকৰিয়ালৰ ৰূপত চাবলৈ বিচাৰে। মাকৰ অনুৰোধ মৰ্মেই সি যোৱা চাৰিটা বছৰত বহুতো ‘ইণ্টাৰভিউ’ দি জনতা ভৱনলৈ আৰু সচিবালয়লৈ মন্ত্ৰী-বিধায়ক আৰু আমোলা-বিষয়াক লগ কৰিবলৈ তাঁতবাটি কাঢ়ি আছে। তাৰ অহা-যোৱাৰ বাবে মাকে গোটাই দিয়া টকাকেইটা খৰচ কৰাৰ পৰত বাৰে বাৰে তাৰ বুকুৰ তেজ গোট মৰা যেন হয়। তথাপি সি আহি আছে— মাকৰ আশা, ভনীয়েক দুজনীৰ সপোন আৰু ভায়েকৰ উজ্জ্বল ভৱিষ্যৎ গঢ়িবলৈ সি মন্ত্ৰী-বিষয়াৰ ককৰ্থনা শুনিছে আৰু গৈছে, শুনিছে আৰু গৈছে।
  ৰতন পোন হৈ বহিল। বেলি কৰিলে ঘৰ গৈ পাওঁতে দেৰি হ'ব। তাতে বাটে-পথে কিমান যে ‘চেকিং’! উগ্ৰবাদী বিচৰাৰ নামত নিৰীহ মানুহৰ হয় হাৰাশাস্তি, ইফালে উগ্ৰবাদীয়ে কৰিবলগা কাম নিৰ্বিচাৰে কৰিয়েই থাকে। সি ডাক্তৰণীক লগ ধৰি ঘৰমুৱা হোৱাৰ কথা ভাবিলে। তেনেতে হঠাতেই হুলস্থূল লাগি পৰিল। শান্ত-নিমাওমাও হৈ থকা হাস্পতালখনত যেন দানৱৰহে কিৰিলি! কান্দোন-কাটোন, চিঞৰ-বাখৰ, দৌৰা-দৌৰি! কি হল? কি হ’ল?
  ৰতনে গম পালে— অলপ আগতে, বোধহয় সি দৰব লৈ থকাৰ সময়তে জনতা ভৱনৰ সন্মুখত বোমা ফুটিছে। এটা নহয়, একেলগে তিনিটা। বহু মানুহ মৰিছে, বহুতো আহত হৈছে। বহু ঘৰ–বাৰী জ্বলিছে। চৌদিশে মুহূৰ্ততে হাঁহাঁকাৰ। মানুহবোৰৰ হায়ে-বিয়ৈ দেখি সি আঁঠু, হাত আৰু গালত পোৱা দুখ আৰু পঞ্চল্লিশ টকাৰ হিচাপ পাহৰি গ'ল। এখোজ-দুখোজকৈ অগা-পিছা কৰি সিও মানুহবোৰৰ মাজত মিলি গ'ল। সাধ্যানুসাৰে সি ক'ব নোৱৰাকৈয়ে মানুহবোৰক সাহায্য দিবলৈ ধৰিলে। টেলিভিছনৰ সাংবাদিকৰ কেমেৰা আৰু লাইটে তাকো সাঙুৰি ল'লে।
কোনোবা এজনে তাক সুধিলে— আপুনি ক'ৰ পৰা আহিছে?
 — বৰপেটাৰোডৰ পৰা। – সি উত্তৰ দিলে।
 — ক’লৈ আৰু কি কামত আহিছিল?
 — জনতা ভৱনলৈ। চাকৰিৰ আশাত। আজি তিনি-চাৰিবছৰ ধৰি আহিয়েই আছো।
 — ক’ত দুখ পাইছে?