পৃষ্ঠা:একুৰি এটা গল্প.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৮১
 

নীহাৰিকাই ৰতনক বৰ ব্যস্ততাৰে ভিতৰলৈ মাতি আনি এখন চকীত বহিবলৈ দিলে⸺কওকচোন...।
  — বাইদেউ, মানে মোৰ এটা কথা আছিল।
  — কি কথা?
  — মানে বাইদেউ, মোৰ নামটো আহতসকলৰ ‘লীষ্টত সোমালনে নাই এবাৰ চাই দিব লাগিছিল।
  — আহতসকলৰ ‘লীষ্ট’ত! ডাক্তৰণীৰ মাতটো ডাঙৰ হৈ মুখখন মেল খাই গ'ল। আপুনিতো লীষ্টত নাম পঠিয়াবলগীয়া পেচেণ্ট নহয়!
  — জানো বাইদেউ, কিন্তু কোৱা শুনিছো, বোমা বিস্ফোৰণত আহতসকলক হেনো কাইলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা পঞ্চাশ হাজাৰকৈ টকা দিব। মোৰ নামটোও যদি...।
  ডাক্তৰ নীহাৰিকাৰ খং উঠিল। ইমান সময় পৰম নিষ্ঠাৰে সেৱা আগবঢ়াই অহা মানুহজনৰ প্ৰতি ক্ৰোধত ফাটি পৰিবলৈ লৈও তেওঁ যথাসম্ভৱ সংযত হৈ ক'লে—নহ’ব। মিছা কথাৰে মই আপোনাৰ নাম লীষ্টত ভৰাব নোৱাৰিম। আপুনি যাওক, মোৰ বৰ ভাগৰ লাগিছে।
 খপ্‌কৈ ৰতনে ডাক্তৰণীৰ ভৰিৰ ওচৰত বহি পৰি ক'লে — বাইদেউ, মোৰ নামটো আহতসকলৰ ‘লীষ্ট’ত গলে পঞ্চাশ হাজাৰ টকা যদি পাওঁ, মোৰ পৰিয়ালটোৰ প্ৰতি বৰ সহায় কৰা হয়। যোৱা চাৰি বছৰ ধৰি চাকৰিৰ আশাত ইণ্টাৰভিউ দিয়াৰে পৰা যিমানবাৰ জনতা ভৱনলৈ আহিলো আৰু ডাঙৰ ডাঙৰ অফিচাৰক লগ কৰাৰ বাবে পিয়ন-কেৰাণীৰ হাতত গুঁজি গুঁজি টকা দিলো— হিচাপ কৰিলে চাগৈ গোটেইবোৰ মিলি পঞ্চাশ হাজাৰৰ বেছি হ'ব! বাইদেউ, আপুনিয়েই মোক চিনিছে, বাকী সকলোৱেই মোক বোমা বিস্ফোৰণত আহত বুলিয়েই ধৰি লৈছে। সাংবাদিকে মোৰ ফটো আৰু নাম লৈ গৈছে। কেৱল হাস্পতালৰ লীষ্টত মোৰ নামটো ভৰাই মোক এইকণ দয়া কৰক। পঞ্চাশ হাজাৰ টকা আমাৰ আমোলা-বিষয়াসকলে এবছৰত ৰাজহুৱা ধনৰ পৰাই কেইবাবাৰো আত্মসাৎ কৰি ধনী হয়। সেইসকলৰ বাবে পঞ্চাশ হাজাৰ টকা একো নহ'লেও আমাৰ দৰে মানুহৰ বাবে আকাশ-কুসুম। বাইদেউ, মোক কিবা এটা উপায় কৰি দিয়ক....।
 সেই সময়ত ভৰিৰ ওচৰত বহি অনৰ্গল কথা কৈ যোৱা ৰতন নামৰ ত্ৰিশ-পইত্ৰিশ বছৰীয়া ল'ৰাটোৰ মুখলৈ চাই চাই নীহাৰিকা থৰ লাগিছিল। তেওঁৰ মুখত তেতিয়া ছাঁ-পোহৰে খেলা কৰি আছিল।