পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬ • একুৰি এটা গল্প
 


চাই কিবা কিবি ভাবি ফোনটো উঠাই লৈ কাৰোবাৰ লগত কথা পাতিলে। অলপপৰ বাধ্য ছাত্ৰীৰ দৰে কথা কৈ ফোনটো থৈ প্ৰেচক্ৰিপ্‌শ্যন মতে তাক দৰবখিনি দি কেনেকৈ খাব লাগে বুজাই দিলে। কথাখিনি তাক ডাক্তৰণীয়েও কৈছিল। সেয়ে সি দৰব খাই বেঞ্চখনতে কুচি-মুচি বহি আছিল। ঘৰৰ পৰা ৰাজধানীলৈ অহা-যোৱা কৰা পইচাকেইটা আজি তাৰ এনেয়ে গ’ল। ক’ত আৰু এতিয়া সি জনতা ভৱন পাবগৈ! গ'লেও জানো মানুহজনক লগ পাব! মানুহবোৰ অফিচবোৰত মৰীচিকা। আহিবৰ পৰত মাকে গণি গণি এটা এটাকৈ জাপ খুলি তাক দিয়া ৮ খন দহটকীয়া নোটৰ ইতিমধ্যে চাৰে তিনিখন শেষ হৈছে। তাৰ হাতত এতিয়া আছে মাত্ৰ চাৰিখন দহটকীয়া আৰু এখন পাঁচটকীয়া নোট, অৰ্থাৎ পঞ্চলিশ টকা।
  তাৰ মনটো উৰি গ'ল বৰপেটাৰোডৰ তাৰ নিজ ঘৰখনলৈ। য’লৈ সি উভতি গ’লেই কিবা আশাব্যঞ্জক খবৰ কঢ়িয়াই নিব বুলি বাট চাই থাকে চাৰিহাল চকুৱে। বিধৱা মাকজনীৰ কষ্ট, গাভৰু ভনীয়েক দুজনীৰ একোখন ঘৰ হোৱাৰ আশা, সৰু ভায়েকটোক পূৰ্ণ শিক্ষিত কৰাৰ তাৰ হেঁপাহ— এই সকলোবোৰেই ৰৈ থাকে সি উভতি যোৱালৈ। তাৰ মুখৰ এটা আশাভৰা বাক্যই যেন সলনি কৰি দিব সিহঁতৰ কপালৰ লিখন। ক্ষণিকতে উজলি উঠে সিহঁতকেউটাৰে মুখবোৰ — যেতিয়া সি হাঁহিমুখে ঘৰলৈ ওভতে। কিন্তু অলপপৰ পাছতে মুখবোৰৰ উজ্জ্বলতা নোহোৱা হৈ যায় আৰু অ’ত ত’ত জুপুকা মাৰি বহি বহি সিহঁতে ভাবিবলৈ ধৰে সিহঁতৰ অন্ধকাৰ ভৱিষ্যতৰ কথা। কেতিয়াবা সি নিজকে এক অপদাৰ্থ বুলি ভাবিবলৈ লয়। হয়েইতো! বাপেক সিপুৰীলৈ যোৱাৰ সময়ত সি আছিল হাইস্কুলৰ তলৰ শ্ৰেণীত। মাকে হাঁহ-ছাগলী পোহাৰ উপৰি ঘৰতে তাঁত বৈ আৰু কেতিয়াবা লোকৰ হৈ ধান ৰুই-কাটি যি আঁজুৰি আনিছিল তাৰে তাৰ পঢ়াৰ খৰচটো ওলাইছিল আৰু কেউটাই কোনোমতে খাই-বৈ থাকিব পাৰিছিল। বাকী ল’ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনাৰ প্ৰতি মাকৰো বিশেষ গুৰুত্ব নাছিল। তেওঁ ভাবিছিল—ৰতনৰ পঢ়া-শুনা হব— সি চাকৰি পাব— চাকৰি হ'লেই ছোৱালী দুজনী একোঘৰলৈ গতাব। সেয়ে ছোৱালী দুজনী হাইস্কুলৰ ডেওনাখনৰ আধালৈকে গৈ ঘৰতে থাকিল। আৰ্থিক দীনতাই সিহঁতক কুৰিতে বুঢ়ী কৰিবলৈ ধৰিছে। উপচি পৰা যৌৱন ঢাকিবলৈ যেতিয়া পৰ্যাপ্ত কাপোৰো নাথাকে, তেতিয়া বাৰু কোন যৌৱনমতীৰ মনত জীৱন সম্বন্ধে বিতৃষ্ণা নাহিব? এইসকলোবোৰৰ বাবে মাকে তেওঁলোকৰ ভাগ্য আৰু ৰতনে তাক নিজকে দোষী বুলি ভাবে। বেংকৰ ‘লোন’লৈ ব্যৱসায় কৰো বুলি মন মেলিছিল— কিন্তু দেখিলে তাতো বোকা। ‘লোন’ এপ্লাই কৰিবলৈ উপযুক্ত পৰিমাণৰ মাটিবাৰী দেখুৱাব লাগিব, মাৰ্জিন মানী’ ৰাখিব