পৃষ্ঠা:একুৰি এটা গল্প.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একুৰি এটা গল্প • ৭৯
 


সংখ্যা বৰ্তমানলৈ এঘাৰজন। আহতৰ প্ৰকৃত সংখ্যা ওলোৱা নাই। নিহতসকলৰ প্ৰত্যেকৰে পৰিয়ালে ক্ষতিপূৰণ হিচাপে পাব মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দুই লাখকৈ টকা। আৰু...। কথা কৈ থকা মানুহজনক কোনোবা এজনে মতাত কথা আধাতে এৰি তেওঁ আঁতৰি গ'ল। বেঞ্চত বহি থকা মানুহজনে ভাবুক মানুহৰ দৰে দুই উৰুৰ মাজত হাত দুখন সুমুৱাই চেপি ধৰি আঁঠু দুটা নচুৱাই তললৈ চাই বহি থাকিল। ৰতনৰ অশান্তি লাগিল। নিহত, অৰ্থাৎ যিবোৰ মৰিল সিবোৰৰ পৰিয়ালে দুই লাখকৈ টকা পায়; তেন্তে আহতসকলেও নিশ্চয় কিবা পাব! কি বা পায়? কাক সুধিব? তাৰ মূৰত এটা নতুন অথচ উদ্ভট চিন্তাই পাক-ঘূৰণি খাবলৈ ধৰিলে। কিছুপৰ অন্তৰ্দ্বন্দ্বত ভুগি থাকি সি মনে মনে যেন এটা সিদ্ধান্ত লৈ পেলালে। সি কাষত বহি থকা মানুহজনক সুধিলে— হেৰি, কেই বাজিছে?
  — সাত বাজিছে।
  — হেৰি নহয়! দুখ পোৱা মানুহবোৰক বাৰু একো চৰকাৰী সাহায্য নিদিয়ে নেকি?
  —কিয় নিদিব? দিব। দিবই লাগিব। ঔষধ, চিকিৎসা সকলো ফ্ৰী— লগতে পঞ্চাশ হাজাৰ টকা।
  ৰতনৰ মুখখন মেল খাইগ’ল। কোনোমতে ক'লে—প-পঞ্চাশ হাজাৰ টকা!
  — অঁ, পঞ্চাশ হাজাৰ। আপোনাৰ দৰব-পাতিততো পইচা লোৱা নাই! কবতো নোৱাৰি, এইমখা, এই ডাক্তৰ-নাৰ্ছসোপাও হ’বলা কম বদমাছ...! ৰতন ব্যস্ত হৈ উঠিল— নাই নাই নাই। এক পইচাও লোৱা নাই, সকলো ফ্ৰী। আৰু মোক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে চাই থাকিম বুলিও কৈছে।
  — অঁ, বাৰু। মানুহজনে শলাগিলে আৰু তাৰ পাছত নিমাতে ৰ’ল। আগতে কথা কৈ থাকি মাজতে কাৰোবাৰ আহ্বানত আঁতৰি যোৱা মানুহজন আকৌ ঘূৰি আহিল— দিব বুজিছে, কাইলৈৰ ভিতৰতে পইচা দিব। মুখ্যমন্ত্ৰীয়ে নিজেই দিবহি। অলপ আগতে আহত-নিহতসকলৰ এখন তালিকা খুজি পঠিয়াইছে। হাস্পতালত এন্ট্ৰি থকাসকলৰ নাম যাব...।
  ৰতনৰ মনৰ ভিতৰখন ৰিংৰিঙাই গ'ল— আঃ! তাৰ নামটো গলনে নাই জানো! তাৰ নামটো সাংবাদিকেহে সুধিছিল! হাস্পতালত তাৰ নামটো এন্ট্ৰি কৰোতে বোমাটো ফুটাই নাছিল। তেনেস্থলত? কোনে নাম এন্ট্ৰি কৰিছে, কত কৰিছে সি একোৱেই নাজানে। কাক সুধিব? ওচৰত থকা মানুহ দুজনৰ লগত বেছি কথা পাতিবৰ তাৰ সাহস হোৱা নাই। মানুহ দুজন চাগৈ কোনোবা সংগঠনৰ