পৃষ্ঠা:একুৰি এটা গল্প.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৮ • একুৰি এটা গল্প

বিয়া নোহোৱা হ'লেই ভাল আছিল। মনেৰে বৰণ কৰা পুৰুষজনক মনেৰেই ভালপাই চিৰদিন কটাই দিব পৰাহ'লে!

 সেইদিনা সময় যোৱাৰ লগে লগে মোৰ অভিমান বাঢ়িছিল। প্ৰতি মুহূৰ্ততে আশা কৰিছিলো তেওঁ মোক সুধিব— তেতিয়া তেনেকৈ কোৱাৰ বাবে বেয়া পাইছো নেকি? কিন্তু নাই। তেওঁ যেন মোৰ কোনো নহয়েই! ক্ষুব্ধ হৈছিলো এটা সময়ত। কি অপৰাধত মোক এনে ব্যৱহাৰ কৰা হ’ল? মোৰ দোষনো কি বুজাই নিদিলে মই বাৰু কেনেকৈ দুখবোৰ পাতলাওঁ!

 নিশা শুবলৈ আহিছিলো। তাতে মোৰ কোনো উচ্ছাস নাছিল। মধুৰ কথাৰ পৰিৱৰ্তে নীতিগত দৈহিক মৰমবোেৰ মোৰ ক্ৰমে আমনি লগা হৈছিল। মোৰ প্ৰেম আছিল মনসৰ্বস্ব। কিন্তু তেওঁৰ চাগে দেহসৰ্বস্ব। দৈহিক কামনা মোৰো আছিল। কিন্তু দেহৰ বাসনা পূৰোৱাৰ আগতে মোৰ অশান্ত মনটো শান্ত হ’ব বিচাৰিছিল মোৰ কাণৰ কাষত তেওঁৰ মিঠা কথাৰে। সিদিনা ৰাতি মই সৰ্বান্তঃকৰণেৰে আশা কৰিছিলো যে মোৰ দেহটোক আঁকোৱালি লোৱাৰ আগতে তেওঁ মোক অন্ততঃ মোৰ ভুলটো ক’ত হ’ল তাকে কওক! কিন্তু বিছনাৰ ওচৰলৈ আহি দেখিছিলো মোতকৈ আগতে শুই পৰা প্ৰিয়তম টোপনিতে লালকাল। কতো যেন একো হোৱাই নাই। তেওঁৰ ওচৰত শুবলৈ যেন আন কোনো নাই। এনে ভাৱত কেনে নিৰ্লিপ্ততাৰে শুইছে! চাই চাই মোৰ দুচকু ভৰি আহিছিল। আৰু নীৰৱে মই কান্দিবলৈ ধৰিছিলো। আমাৰ মাজত থকা দুফুটমান খালী ঠাই যেন মৰুভূমি হৈছিল আৰু তাৰ পৰা বিকিৰণ হোৱা প্ৰচণ্ড উত্তাপত আমাৰ প্ৰেমবোৰ যেন শুকাই গৈছিল! সিদিনাযে মোৰ কিমান দুখ লাগিছিল মই কাকো বুজাব নোৱাৰো। কান্দি কান্দি কেতিয়া শুই পৰিলো গমকে নাপালো। ৰাতিপুৱা পাঁচ বাজি যোৱাত সাৰ পাই দৈনন্দিনৰ হিচাপত ধৰি থোৱা চুমাটোৰ আশাত বিছনাত খৰমৰাই দিয়াত তেওঁ সাৰ পালে। কিন্তু মোলৈ এবাৰ চায়েই আকৌ শুই পৰিল। ক্ষোভ আৰু বেদনাত অসহ্য হৈ আকৌ এবাৰ কান্দি পেলালো। উঠি আহি ঘৰুৱা কামত হাত দিলো।

 গোটেই দিনটো মনটো বেয়া লাগি থাকিল। আকৌ নিশা আহিল। তেওঁ আগতেই শুবলৈ আহিছিল। গভীৰ টোপনিত পৰা মানুহৰ দৰে অলৰ অচৰ হৈ তেওঁ বিছনাত পৰি আছিল। মই একো নকৰিলো। কিন্তু কোঠাটোত সোমাই থাকিবলৈকো মোৰ অসহ্য লাগিছিল। ওলাই গ'লেও ঘৰৰ আন মানুহে জানিব। সেইটো মই হ’বলৈ দিব খোজা নাছিলো; তাকো বিয়াৰ ইমান কম দিনৰ ভিতৰত!

 পিছদিনা পুৱাও একো আশা কৰা নাছিলো যদিও বাহি বিছনাতে বহি