পৃষ্ঠা:একুৰি এটা গল্প.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩০ একুৰি • এটা গল্প

 —‘একো কোৱা নাই’।
 —‘একোৱে কোৱা নাইনে?’

 অতিষ্ঠ হৈ ক'লো— ‘অঁ কৈছো, তুমি মোক কোনো কাৰণ নোহোৱাকৈ এইকেইদিন মাত বোল কৰা নাই। তাকে কৈছো। ...’ আৰু কিবা ক'ব খুজিছিলো; বাধা দি ৰাখিব নোৱৰাকৈ উজাই অহা দুখত উচুপি উঠাৰ বাবে আৰু একো কবি নোৱাৰিলো। তেওঁ ক'লে— 'ৰ'বাচোন। কন্দা-কটা নকৰিবা। সিদিনা ৰাতিপুৱা তুমি মোক কি কৈছিলা? মোৰ তেতিয়াৰে পৰা খংটো উঠি আছে। তেনেকৈ কিয় কৈছিলা?’ অবাক বিস্ময়ত মোৰ চকুপানীয়েও হাৰ মানিছিল। কি কৈছিলো বাৰু?

 তেওঁ পুনৰ সুধিছিল— ‘মনত পৰিছেনে? কিয় কৈছিলা তেনেকৈ?’

 ওঁহো। মনত পৰা নাছিল। কি কৈছিলো? কথা ক'বলৈ মইচোন তেওঁক কাষত পোৱাই নাছিলো! তেওঁকেই সুধিলো— ‘কি কৈছিলো মনত পৰা নাই। তুমিয়েই কোৱা। ’ তেওঁ কৈছিল— “কিয়, সিদিনা তুমি ৰাতিপুৱা দেউতাৰ সন্মুখতে মোক ‘ফেচফেচাই থকা’ বুলি কোৱা নাছিলা?

 —‘হে ভগৱান’! মোৰ মুখৰ মাত হৰি গৈছিল। উচুপনি মোৰ বন্ধ হৈছিল। ইয়াৰ বাবেই ইমানখিনি কষ্ট! এই সাধাৰণ কথাটোৰ বাবেই ইমান অশান্তি! তেওঁ কৈ গৈছিল— ‘দেউতাৰ আগত তেনেকৈ কোৱাৰ বাবে দেউতাই বাৰু কি ভাবিছে? ভাবিছে চাগে তুমি মোক প্ৰাপ্য সম্মান নকৰা। মই কোৱা কথাবোৰ তুমি বেয়া পোৱা.... ইত্যাদি। মোৰ কাণত আৰু একোকে নোসোমাল। বহু কথাই ক’বলৈ উমুকনি দি আছিল। কিন্তু একো ক'ব নোৱাৰিলো। কেনে অবুজন এই মানুহটো? সাধাৰণ অশিক্ষিত গৃহস্থৰ দৰে মোৰ সামান্য দুটা শব্দতে তেওঁ সন্মান লঘু হোৱা বুলি ভাবে? কি বুলি ভাবে তেওঁ নিজকে? প্ৰভু নে পতিদেৱতা? আৰু মই বিচাৰো....। যাওক সেইবোৰ কৈ লাভ নাই। তেওঁ মোৰ হৃদয়ৰ কথা বুজা হ'লে এই চাৰিদিনীয়া নাটকখনৰ অভিনয় নচলিলেহেঁতেন। মই তেওঁক কেনেদৰে বিচাৰো এইবোৰ কৈ মোৰ আত্মাভিমানী মানুহটোৰ শান্তিত নিশ্চল হৈ যাবলৈ ধৰা মুখখনলৈ আকৌ অশান্তিৰ ছাঁ নমাই আনিব নুখুজিলো। তেওঁলৈ চালো। হাত ভৰি মেলি উন্মুক্ত কৰি থোৱা বহল বুকুখনে যেন মোকেই মাতিছে। সেয়া তেওঁ চাইছে মোৰ ফালে। পৰম মমতাৰে কুৰুকি কুৰুকি মই তেওঁৰ বুকুৰ মাজলৈ সোমাই গ'লো। গভীৰ আবেগেৰে তেৱে মোক সাৱটি ধৰিলে। আনন্দ আৰু তৃপ্তিত তেওঁৰ বুকুৰ মাজতে আকৌ এবাৰ চকুদুটা পানীৰে ভৰি আহিছিল। তেওঁৰ অজানিতে মচি এই নাটকৰ পুনৰাবৃত্তি নহ’বলৈ ভগৱানক খাটিছিলো। এইবোৰত অভিনয় কৰাও যে বৰ কষ্টকৰ।