পৃষ্ঠা:একুৰি এটা গল্প.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একুৰি এটা গল্প • ২৯

তেওঁৰ ফালে চাইছিলো। অচিনাকি যেন লাগিছিল। এইজনেই তেওঁনে? নামি ওলাই আহিলো। সু-গৃহিণী সাজি দিনটো আগৰ দৰে কাম বন কৰি থাকিলো। নিজম দুপৰীয়া আন দিনাৰ দৰে আজিও মোৰ পতিদেৱে কামকৰা ছোৱালীজনীক পকা চুলি চিঙিবলৈ লগাই দি হাঁহি হাঁহি টিভি চোৱাত ব্যস্ত। আৰু কোঠাত তেওঁৰ বাবেই অপেক্ষাত থাকিলো তেওঁৰে নৱবিবাহিতা পত্নীয়ে। লাহে লাহে মোৰ অভিমানে অপমানৰ ৰূপ লৈছিল। ব্যৰ্থ আক্ৰোশত মই অশান্ত হৈ উঠিছিলো। কি হ’ল মোৰ? মোৰ দোষ কি? ভাবি ভাবি উত্তৰ নাপাই মই পুনৰ কান্দি দিছিলো। সেই সময়তে শাহুআই আহি কান্দি থকা দেখি মোক সুধিলে— কিয় কান্দিছো? ঘৰলৈ মনত পৰিছে নেকি? তাৰ পাছত তেওঁ বোৱাৰী হ'লে কেনেকৈ চলিব লাগে; মাকৰ ঘৰখন ছোৱালীৰ বাবে সদায় আপোন হ'ব নোৱাৰে। স্বামীৰ ঘৰখনহে ছোৱালীৰ প্ৰকৃত ঘৰ, ইত্যাদি বুজনি দিবলৈ ধৰাত আমনি পাই মই ক'লো— ‘ঘৰলৈ মনত পৰি মই কন্দা নাই। তেওঁ মোক কিয় নমতা হৈছে? মইতো একো দোষ কৰা নাই; কি অপৰাধত তেন্তে তেওঁ মোৰ লগত মাত বোল বন্ধ কৰিছে?

 মোৰ কথা শুনি শাহুআই নীৰৱ হ'ল। মোৰ কোঠাৰ পৰা লাহেলাহে তেখেত ওলাই গ'ল। পাছত শাহুআয়ে তেওঁক চাগে কিবা ক'লে। কাৰণ সিদিনা ৰাতি শুবলৈ আহি তেওঁক সোঁহাতখন কপালত থৈ চকুমেলি পৰি থকা দেখিলো। লাহে লাহে পিন্ধা সাজযোৰ সলাই মূৰ আঁচুৰি বিছনাত নিঃশব্দে শুই পৰিছিলো। নাই, মাত বোল তেতিয়াও হোৱা নাই। নিঃশব্দ ৰাতি। ওপৰত চিলিং ফেনখন পূৰ্ণগতিত চলি আছে। তাৰ শব্দইহে নিৰ্জনতাক কিছু পাতল কৰিছিল। হঠাতে মূৰৰ ওপৰৰ ফালে জেঠী এটাই টিক্‌টিকাই উঠিল। উচপ খাই উঠি জেঠীটোৰ ফালে চাইছিলো। তেৱোঁ চাইছিল। জেঠীটোৰ ফালে নহয়; মোৰ ফালে। চকুৱে চকুৱে পৰাতো তেওঁ চকু আঁতৰাই নিয়া নাছিল। ধুমুহা শেষ হোৱাৰ আগজাননী যেন পাইছিলো। কাৰণ তেওঁৰ সেই চাৱনিত কিবা এটা আছিল। কিন্তু একো কোৱা নাছিল। অভিমানতে বেৰৰ ফালে মুখখন ঘূৰাই শুবলৈ যত্ন কৰিছিলো। কিছুপৰ তেনেদৰে থকাৰ পাছত তেওঁ এখন হাতেৰে মোৰ গাত ধৰি মোক ওচৰলৈ টানিছিল। মই বিদ্ৰোহ কৰিছিলো। অশান্ত মনটোৱে তেওঁৰ দৈহিক সান্নিধ্য মানি লবলৈ টান পাইছিল। হাতখন গুচাই দিছিলো। ক্ষন্তেক পাছতে আকৌ টানিছিল। বিতৃষ্ণাত কৈ উঠিছিলো—‘এৰি দিয়া’। —‘ৰ'বাচোন, ইমান খং কিয়? মই তোমাক কি কম’। ‘কি ক'ব লগা আছে তাৰ পৰাই কোৱা। মোক ওচৰলৈ নিব নোৱাৰি তেওঁ নিজেই মোৰ ওচৰ চাপি আহি মোক সুধিলে— ‘তুমি

মাৰ আগত কি কৈছা’? আকৌ সমস্যা। কিনো ক’লো মাৰ আগত?