পৃষ্ঠা:একুৰি এটা গল্প.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একুৰি এটা গল্প • ২৫

লাগিলে সেয়া সঁচাই হওক, তেওঁৰ গাত পৰাটো মোৰ সহ্যৰ বাহিৰত আছিল। তেনে পৰিস্থিতিত মই নিজৰ গাত দোষ জাপি লৈয়ো তেওঁক ৰক্ষা কৰিছিলো। তেনে কৰিবলৈ যাওঁতে মোৰ কষ্ট হৈছিল— কিন্তু তাতে যেন কিবা এটা সুখ আছিল। বিয়াৰ আগতে তেওঁৰ কথা ভাবিলেই আনন্দ অনুভৱ কৰিছিলো। মোক যে এজন মানুহে কোনো সামাজিক বন্ধন নথকা মানুহ এজনে ভালপায়— এইকথাটোৱে মোক সদায় পুলকিত কৰি ৰাখিছিল। আৰু এই আনন্দৰ আগত মোক আমাৰ সম্পৰ্কটোৰ বাবে আনে জাপি দিব খোজা অপবাদ, গালি-শপনিবোৰ তুচ্ছ যেন লাগিছিল। যিমানে বিয়াৰ বাবে দেৰি হৈছিল়— সিমানে মই আতুৰ হৈ উঠিছিলো। দৈহিক কামনাত নহয়; মনত তাড়নাত। আমাৰ মনৰ সম্পৰ্ক স্থাপন হোৱা পাঁচ-ছবছৰ হ'লেও মই কোনো কথাতে তৃপ্ত হোৱা নাছিলো। ছাঁয়া-মৰীচিকাৰ দৰেই মই মাজে সময়েহে তেওঁক লগ পাইছিলো। কেতিয়াও হৃদয় উজাৰি কথা কোৱাৰ সুযোগ-সুবিধাও পোৱা নাছিলো। বিয়াৰ আগতে তেওঁক অন্ততঃ এবাৰ কাষত পোৱাৰ, তেওঁক হেঁপাহ পলুৱাই চোৱাৰ কিযে এক দুৰ্বাৰ আছিল মই কাকোৱেই বুজাব নোৱাৰিম।

 কিন্তু বিয়াৰ পাছৰে পৰা মোৰ হেঁপাহত যেন বাধা পৰিল। আবেগবোৰ স্তব্ধ হৈ ৰৈ গ'ল। ৰ'ব খোজা নাছিল। ৰ’বলৈ বাধ্য কৰালে মোৰ মানুহজনে। আগতে তেওঁক কেতিয়াও কাষত পোৱা নাছিলো। সেইবাবে তেওঁৰ স্বভাৱ বা আচৰণ আদিৰ বিষয়ে জনাৰ উপায়ো নাছিল। মই তেওঁক দেখিছিলো আৰু তেওঁৰ চিঠি পাইছিলো। দেখা আৰু চিঠিৰ সংবেদনশীল ভাষাৰ মাজত মই মনে বিচৰা মৰমিয়াল মানুহজনক বিচাৰি পাইছিলো। মই তেওঁৰ পৰা আন একো আশাও কৰা নাছিলো। মাত্ৰ বিচাৰিছিলো– এবুকু মৰম। সঁচা মৰম। যাৰ দ্বাৰা মই মোৰ মনৰ শূন্যতা ভৰাই দিব পাৰিম। তেওঁৰ সুঠাম বাহু আৰু বহল বুকুত মূৰ থৈ স্বৰ্গীয় শান্তিত জিৰণি ল'বলৈ মোৰ অশান্ত মনে হাহাকাৰ কৰিছিল। তেওঁৰ পৰা মই মাত্ৰ মৰম আৰু ভালপোৱা বিচাৰিছিলো—তাৰ বিনিময়ত সংসাৰৰ যিকোনো কামেই কৰি যাবলৈ মই প্ৰস্তুত হৈছিলো। তেওঁক মোৰ মনৰ মাজতে অতি প্ৰেমময়, মৰমিয়াল ৰূপত সজাইছিলো আৰু মোৰ সেই ধাৰণাই বোধহয় সিদিনাৰ সেই সামান্য কথাষাৰতে পোৱা অসামান্য কষ্টৰ কাৰণ। মই যদি তেওঁক তেনে মৰমিয়াল পুৰুষৰ ৰূপত নসজালোহেঁতেন, তেওঁৰ তেনে ব্যৱহাৰত মই চাগে মই ইমান দুখ নাপালোহেঁতেন। কিন্তু আগতে তেওঁৰ এনে ৰুক্ষ স্বভাৱৰ কথা মই অনুভৱ নকৰিলো কিয়? তেৱোঁ মোক এবাৰো নজনালে কিয় যে বিয়াৰ পাছত তেওঁ মোৰ স্বামীহে। হ’ব, প্ৰিয়তম পুৰুষ নহয়। হায় আশা! সিদিনা মোৰ ভাৱ— হৈছিল মোৰ যেন