আমাৰ চিনাকি তচদ্দুক/হৃদয়ত লিখি থোৱা এটি নাম

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ১৪ ]
 

হৃদয়ত লিখি থোৱা এটি নাম
বাদল দাস

 

১৯৪৩ চনৰ গুৱাহাটী। চেনীকুঠী এল. পি স্কুল। তেতিয়া স্কুলঘৰটো ঠিক এতিয়াৰ ঠাইত নাছিল। এতিয়া স্কুল মানিকচন্দ্ৰ ৰোডৰ দাঁতিত, কামৰূপ একাডেমিৰ গাতে লগা। কিন্তু তেতিয়া কমলাকান্ত ভট্টাচাৰ্য্য গলিটো পশ্চিমমূৰে যি ঠাইত মাণিকচন্দ্ৰ বৰুৱা পথত লগ লাগি তিনি আলিৰ সৃষ্টি কৰিছে তাৰ বিপৰীত ফালে ৺পমপু সিংহৰ ঘৰৰ দক্ষিণ সীমাত আছিল স্কুলখন। আজিতকৈ দুকুৰি বছৰৰো ওপৰৰ কথা।

শৈশবৰ সোঁৱৰণ

আমি তেতিয়া দ্বিতীয়মান শ্ৰেণীত। পিছৰ বছৰতে এল. পি. বৃত্তি পৰীক্ষা দিব লাগিব। সেইবাবে ৺চণ্ডীচৰণ শৰ্মা (প্ৰধান শিক্ষক) তেতিয়াৰপৰাই আমাক লৈ ব্যস্ত। ঠিক সেইবছৰতে আমাৰ শ্ৰেণীলৈ আহিল এজন নতুন ল’ৰা। দেউতাক মাটিৰ বৰ হাকিম এ-ডি-এল-আৰ (ADLR)। ফিটফাট সাজপাৰ পিন্ধা ল’ৰাজনক আদিত্য ছাৰে প্ৰথম [ ১৫ ] দিনাখনেই আগবেঞ্চত মোৰ কাষতে বহিব দিলে। বহিল। নামটো ক’বলৈ দিয়াত তপৰাই কলে— “তচদ্দুক ইউছুফ”। আদিত্য ছাৰৰ পিছৰ হুকুমটো হ’ল— “ব’ৰ্ডলৈ আহা আৰু বনানটো লিখা।” সম্ভবতঃ ছাৰে নামৰ বানানটো কি লিখিব ধৰিব পৰা নাছিল। সিদিনা ল’ৰাজনে ব’ৰ্ডত লিখা নামটো ছাৰৰ হাজিৰা বহীত নিৰ্ভুলভাবে উঠিল। আৰু প্ৰায় লগে লগেই নামটো আমাৰ শ্ৰেণীৰ ডেৰকুৰিৰো ওপৰ ল’ৰা-ছোৱালীৰ মনৰ ফলিত লিখা হৈ ৰ’ল। মাত্ৰ এবছৰ আমাৰ শ্ৰেণীত আছিল তচদ্দুক। কিন্তু আমাৰ হৃদয়ৰ আসন অধিকাৰ কৰি লৈছিল তেওঁ। কাৰণটো কওঁ।

দাদাগিৰি

কেবল সাজ-পাৰত ফিট্‌ফাট্ হলেই কথা নাছিল, কথাই বতৰাই কামে-কাজে সকলোতে ফিট্‌ফাট্। আনকি সমনীয়াৰ লগত বাদবিসম্বাদতো। দাম্ভিক দুৰ্দান্ত দলনেতা দমন কৰাত ‘বাপু’ (তচদ্দুকৰ ঘৰত মতা নাম) আছিল সিদ্ধহস্ত। ইয়াৰ আগলৈকে শাৰিৰীক সক্ষমতাৰ বলত নেতা বোলাই থকা ল’ৰাই ৰণভংগ দি ‘বাপু’ক নেতৃত্বৰ ভাৰ এৰি দিলে। আজিকালি ইয়াকেই সম্ভৱ ‘দাদাগিৰি’ বোলে। আমাৰ লগত থকা সময়খিনি চেনীকুঠী স্কুলৰ [ ১৬ ] সমনীয়াৰ মাজত ‘তচদ্দুক’ ‘দাদা’ হৈ থাকিল। আনহাতে আকৌ তেতিয়া মোৰ দৰে কৃশকায় ল’ৰাৰ প্ৰতি ‘বাপু’ৰ আছিল অপৰিসীম কৰুণা, গভীৰ সহানুভূতি। ফলত কোনো বাদবিসম্বাদতে আমাৰ ওপৰত কোনোৱে জুলুম কৰিবলৈ সাহ কৰা নাছিল। একমাত্ৰ ‘দলপতি’ৰ কৰুণাৰ বাবে। আজিও কথাষাৰ যেতিয়া চিন্তা কৰোঁ− তেতিয়াই মনলৈ প্ৰশ্ন আহে− দুৰ্বলৰ প্ৰতি এই পক্ষপাতিত্ব সেই ল’ৰাজনৰ কৰুণা নে পুতৌৰ চানেকি? হয়তো দুয়োটাই। স্বাভাৱিকতে নেতৃত্ব ল’ব পৰা গুণৰ অধিকাৰী হৈয়ো ‘তচদ্দুক’− শিল্পী তচদ্দুকে আনক নেতৃত্ব দিয়াৰ কথা বাদেই, নিজকেই ঠিকমতে পৰিচালিত কৰিব নোৱাৰিলে কিয়? বহু সৃষ্টিৰ সম্ভাৱনা লৈয়ো সৃষ্টিবিমুখ হৈ তেওঁ আঁতৰি গ’ল কিয়? হয়তো তেওঁৰ বাবে এই পৰিণতিয়েই নিৰ্ধাৰিত আছিল।

চিলঠৰ ‘উড়ন্ত চাকি' আৰু ‘বুমেৰাং’

এদিনাখনৰ কথা। মোৰ চিলঠখনত কাঠৰ ‘বাও’ (ফ্ৰেম)প্ৰায় নাছিলেই। বাওকিডল প্ৰায়ে খুলি হাতত তুলি লওঁ। স্কেলৰ অভাৱত আঁক মাৰিবলৈ ব্যৱহাৰ কৰোঁ আৰু দৰকাৰ হলে (সমনীয়াৰ লগত বাদানুবাদত আত্মৰক্ষাৰ বাবে) প্ৰায়ে কাঠৰ তৰোৱালৰ [ ১৭ ] কাম কৰে। নগেন ছাৰৰ উপাধি আছিল শৰ্মা। তাতে আকৌ ‘বাও’ নথকা চিলেঠ দেখিলে ‘টিপটপ’ ছাৰ খঙত আৰু ‘অগ্নিশৰ্মা’ হয়। এনেতে এদিন শ্ৰুতলিপি লিখাৰ সময়ত এইজন শৰ্মাৰ হাতত পৰিলোঁ ধৰা! নগেন ছাৰে আবিষ্কাৰ কৰিলে— মোৰ চিলঠখন টিনৰ যদিও ‘বাও’ নাই। ছাৰ খঙত টিঙিৰিতুলা হ’ল। কিয় জানো মোৰ ওপৰত দৈহিক শাস্তি নহ’ল যদিও হ’লগৈ চিলঠখনৰ ওপৰত। খঙতে দিলে দলিয়াই চিলঠ খিৰিকীয়েদি। উৰন্ত চাকিৰ দৰে দুৰন্ত গতিত উৰি গৈ টিঙৰ চিলেঠখন চকোৱাৰ সিদাঁতিৰ ‘জাৰ্মানী’ বনৰ মাজত হেৰাই গ’ল। সকাহ লৈ নগেন ছাৰৰ অসমাপ্ত শ্ৰুতলিপি দিয়াৰ কাম আকৌ আৰম্ভ হল। কিন্তু ‘হা হতোম্মি’। ছাৰে পিছমুহূৰ্ততে দেখিলে উৰন্ত চাকি হৈ গুচি যোৱা চিলঠখন ‘বুমেৰাং’ হৈ আকৌ মোৰ সন্মুখত। অৰ্থাৎ সেই বাওবিহীন চিলেঠ খনকে লৈ নিৰ্বিকাৰভাবে মই শ্ৰুতলিপি লিখি আছোঁ। চাৰ কাষ ছাপি আহিল। আচৰিত হৈ মোলৈ চালে। তাৰ পিছত হঠাৎ যেন কিবা এটা আবিষ্কাৰ কৰাৰ ভাৰ লৈ তচদ্দুকলৈ চকু গ’ল দৃষ্টিৰ অৰ্থ যেনিবা “তোমাৰ বাহিৰে আৰু কোনে এই অসাধ্য সাধন কৰিব পাৰে? এই কঠিন কাম [ ১৮ ] বাদলৰ সাধ্যৰ বাহিৰত। “গতিকে এই ‘মিৰাকল’ৰ একমাত্ৰ সম্ভাব্য গুৰু তচদ্দুকেই, ঠিকেই অনুমান কৰিছিল। নাটৰ গুৰু যে তচদ্দুক— ওলাই পৰিল। লগে লগে ওলাই পৰিল ব’ৰ্ড এখনেৰে ঢাকি থোৱা পিছফালৰ বেৰত এটা গাঁত। এই গাঁতৰ খনিকৰ তথা মালিক একাধাৰে তচদ্দুক ইউছুফ। একমাত্ৰ তেৱেঁই অইনৰ অতৰ্কিতে ওলোৱা সোমোৱা কৰে আৰু তেৱেঁই আনে গম নোপোৱাকৈয়ে চিলঠখন বাহিৰৰপৰা আনি মোক পুনৰ হস্তান্তৰ কৰিছিল। মৌলিক চিন্তাৰ গৰাকী দুঃসাহসী অভিযানৰ আবিষ্কৰ্তা এইজনেই এসময়ৰ কিশোৰ কালৰ গৰ্ভত তেওঁৰ মৌলিক চিন্তাই খোপনি নাপালে। দুঃসাহসী অভিযানেও ভবিষ্যতত সম্ভাৱনাৰ চানেকী ৰাখিব নোৱাৰিলে। এটা সম্ভাৱনাময় প্ৰতিশ্ৰুতিৰ অংকুৰটো কোনোবা এক অশুভ মুহূৰ্তত এক অশুভ কীটৰ দংশনত দগ্ধ হ’ল।

এটা চকু হেৰাল

এক কৰুণ কাহিনীৰে তেওঁৰ শৈশৱ কৈশোৰৰ অধ্যায়টো সামৰিম। ধেনু-কাঁড় লৈ দুয়োজন ল’ৰাই খেলি আছে। ককায়েক ‘বাপু’ আৰু ভায়েক ‘দীলু’। খেলি থকা অবস্থাতে হঠাতে কাঁড় ডাল ওপৰলৈ মাৰি পঠিয়ালে ভায়েক দীলুৱে আৰু [ ১৯ ] একান্ত আগ্ৰহেৰে ওপৰলৈ চাই ৰ’ল ককায়েক বাপুৱে— কাঁড়ডাল উভতি অহা। কাঁড়ডাল ঠিকেই উভতি আহিল। কিন্তু ভাগ্যৰ কি পৰিহাস! সেই কাঁড়ডালেই উভতি আহি পোনচাটেই সোমাল বাপুৰ চকুত। এটা চকু চিৰকাললৈ ঘূণীয়া হৈ গ’ল। সেয়েহে পাথৰৰ চকুৰ মণি লগোৱা তচদ্দুকে সদায় ডাঠ ৰঙীন চচমাৰে চকু আৱৰি ৰাখিব লগীয়া হ’ল— আজীৱন, আমৃত্যু, আৰু আমিও শৈশৱতে খেলৰ লামলাকটু সামগ্ৰীৰপৰা আমাৰ প্ৰিয় ‘ধেনু-কাঁড়’ চিৰকালৰ বাবে হেৰুৱাব লগীয়া হলোঁ। অভিভাবকৰ কঠোৰ শাসনত ধেনু-কাঁড় লৈ খেলাৰো মুদা মৰি থাকিল।

ডেকাবয়সত

ইয়াৰ পিছত তচদ্দুক ইউছুফক ডেকা বয়সত আমি আকৌ লগ পাওঁ গুৱাহাটীত। তেওঁ তেতিয়া কলেজীয়া চফল ডেকা। কটন কলেজত সম্ভবতঃ তেওঁ দুবছমানহে পঢ়িছিল। ইতিমধ্যে তেওঁৰ কণ্ঠস্বৰত আহি পৰিছে এক সুগভীৰ স্বৰমাধুৰ্য্য আৰু বচনভংগীত থিতাপি লৈছে এক নিজস্ব বৈশিষ্ট— স্বকীয় ষ্টাইল। এই অননুকৰণীয় সম্পদেৰে বলীয়ান হৈ তেওঁ পদাৰ্পণ কৰিলে মঞ্চৰ লগতে ৰেডিঅ’ত। স্বৰগ্ৰামৰ আৰোহণ অবৰোহণৰ নিজা খেল [ ২০ ] বৰ সুযোগ ওস্তাদ তচদ্দুক ৰেডিঅ’ নাটকত হৈ পৰিল এক বিশিষ্ট শিল্পী। প্ৰায় তিনি দশকৰো ওপৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বহু নাটকত, বহুতো বৈচিত্ৰময় চৰিত্ৰ ৰূপায়ণ কৰিছে তেওঁ। সুনাম আৰু প্ৰশংসাও অৰ্জন কৰিছে ইয়াৰ বাবে।

যুৱমহোৎসৱত সাফল্য

১৯৫৪-৫৫ চনৰ কথা। সেইবাৰ প্ৰথম সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় যুব মহোৎসব অনুষ্ঠিত হয় নতুন দিল্লীত মৌলানা আজাদৰ পৌৰুহিত্যত, পণ্ডিত নেহৰুৰ সাক্ষাতত। মহোৎসৱত যোগ দিয়া গুৱাহাটী বিশ্ববিদ্যালয় আৰু অনাতাঁৰ কেন্দ্ৰ দুয়োটাই ৬ বছৰীয়া চালুকীয়া অনুষ্ঠান। নাটকৰ নাম ‘এৰা বাটৰ সুৰ’। ৰচনা, প্ৰযোজনা আৰু সংগীত বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ভূপেন হাজৰিকাৰ। সহশিল্পী সকল (সৰ্বশ্ৰী) শৈল বৰুৱা, লিলি দাস (পিছত মালিক), দুৰ্গেশ্বৰ বৰঠাকুৰ, অঞ্জলী মেছ আৰু এই নিবন্ধৰ নিবন্ধকাৰ। লগতে গীতাংশত (সৰ্বশ্ৰী) বীৰেন দত্ত, জ্যোতিৰ্ময় কাকতি, তফজ্জুল আলি, শেৱালী দেবী আৰু যন্ত্ৰ সংগীতত বিজয়শংকৰ দাস (বেহেলা)

সেইবাৰেই ভাৰতৰ বিভিন্ন প্ৰান্ত বিভিন্ন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি দিল্লী পাইছিলগৈ বহুতো [ ২১ ] খ্যাতনামা অভিনেতা-শিল্পীসকল। তাৰে ভিতৰত দুই-তিনিজনৰ নাম কলেই যথেষ্ট হ’ব। তেওঁলোক আছিল সৰ্বশ্ৰী সৌমিত্ৰ চেটাৰ্জী (কলিকতা), বিজয় আনন্দ (বোম্বাই), সংগীতাংশত মংগেশকৰ ভগ্নীদ্বয় মীণা আৰু উষা। কিন্তু তথাপিতো এনে মানদণ্ডৰ শিল্পীৰ লগত প্ৰতিদ্বন্দিতা কৰিও গৌৰবৰ বিজয় মুকুট কঢ়িয়াই আনিলে। ৰেডিঅ’ নাটকৰ এই সৰ্বভাৰতীয় সাফল্যত এক বুজন পৰিমাণৰ অৰিহণা যোগাইছিল তচদ্দুক ইউছুফৰ প্ৰাণবন্ত অভিনয়ে।

চলচিত্ৰত অভিনয়

চলচিত্ৰ অভিনয় তচদ্দুক ইউছুফৰ শিল্পী জীৱনৰ এক উল্লেখযোগ্য মাইলৰ খুটা। সংখ্যাৰে নহলেও গুণগতভাবে তেওঁ অভিনয় কৰা প্ৰতিখন ছবিত নিজৰ প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সঁচা; কিন্তু পূৰ্ণভাবে প্ৰতিভাৰ বিকাশ আটাইকেইখনত সমানে হোৱা নাই। কোনো কোনোখনততো একেবাৰেই হোৱা নাই। উদাহৰণ স্বৰূপে ক’ব পাৰি ‘এৰাবাটৰ সুৰ’। যুব মহোৎসবৰ সফল ৰেডিঅ’ নাটক ‘এৰাবাটৰ সুৰ’ক যেতিয়া ভূপেন হাজৰিকাই চিত্ৰনাট্য কৰি ছবি তুলিবৰ আয়োজন কৰিলে— তেতিয়া স্বাভাবিকতেই শিল্পী নিৰ্বাচন [ ২২ ] কৰিলে তচদ্দুক ইউছুফকো। আৰম্ভ’কলহ তেওঁৰ চলচিত্ৰত জয় যাত্ৰা। ‘এৰাবাটৰ সুৰ’ৰ পিছৰ ছবিখনত বিশেষকৈ ‘ধুমুহা’, ‘পূবেৰুণ’, ‘কাঁচঘৰ’, ‘পূৱতি নিশাৰ সপোন’, ‘নিয়তি’ আদিত তেওঁৰ অভিনয়ে পূৰ্ণ উৎকৰ্ষ লাভ কৰিব নোৱাৰিলে। হয়তো সেই চলচিত্ৰ সমূহত তেওঁ পোৱা সীমিত সুযোগৰ বাবেই হওক বা অন্য কাৰণতেই হওক। ‘পাপ আৰু প্ৰায়শ্চিত্ত’ ‘কাজিৰঙাৰ কাহিনী’ আদি চৰিত্ৰৰ অভিনয়তো একপ্ৰকাৰ মেনাৰিজিম্‌ৰ প্ৰভাব সুস্পষ্ট। অৱশ্যে কাঁচঘৰ, অৰণ্য আৰু দূৰণিৰ ৰঙত তেওঁৰ অভিনয়ৰ বলিষ্ঠতাৰ ছাপ প্ৰতিফলিত হৈছে।

কিন্তু তাতোকৈ দুভাৰ্গ্যৰ কথা, পিছলৈ প্ৰযোজক পৰিচালকৰ কাৰণে তেওঁ নিতান্ত দুষ্প্ৰাপ্য দুৰ্বোধ্য শিল্পী হিচাপে পৰিগণিত হ’বলৈ ধৰিলে। ইংৰাজীতে যাক ‘Hot potato’ বোলা হয়। বিশেষকৈ তেওঁৰ Steriotyped mannerism আৰু ইউনিটত দুৰ্বোধ্য, অসংবৰণীয় আচৰণৰ কাৰণে বহু চলচিত্ৰত অভিনয় কৰিবলগীয়া হোৱা সত্বেও শেষ মুহূৰ্তত হৈ নুঠিলগৈ। অথচ সেইবোৰ চলচিত্ৰ তেওঁৰ বাবে যোগ্য ভাও আছিল যাৰ যোগেদিও তেওঁৰ প্ৰতিভা বিকশিত হোৱা পৰ্য্যাপ্ত সুযোগ [ ২৩ ] আছিল। সি যি কি নহওক, তেওঁ শিল্পী জীৱনৰ সাফল্যৰ ওলোটা ফালে থকা ব্যৰ্থতাৰ এয়া এক কৰুণ পৰিণতি।

মঞ্চত এপিটাফ

তেওঁ মঞ্চৰ লগতো জড়িত আছিল। নগাঁৱত থকা কালত কেবাখন নাটক প্ৰযোজনা কৰিছিল; লগতে অভিনয়ো। তাৰ ভিতৰত কোনো এখনৰ নাম বিশেষভাবে উল্লেখ কৰিবলগীয়া নহয়। তেওঁৰ ‘মঞ্চৰ এপিটাফ’ হ’ল Six characters in search of a dramatist— ‘নাট্যকাৰৰ সন্ধানত ছটি চৰিত্ৰ’। আমাৰ বিশ্বাস এই নাটখনৰ প্ৰযোজনা, পৰিচালনা আৰু অভিনয়েই আমাক মঞ্চত তেওঁৰ নাম সুৱঁৰি থাকিবলৈ সকিয়াই দিব।

জীৱনৰ শেষৰ পিনে মাত্ৰ সৌ সিদিনাখন তেওঁ ভ্ৰাম্যমান নাট্যজগতত প্ৰবেশ কৰিছিল। ব্যাবসায়িক নাট্য গোষ্ঠী এটিত যোগদান কৰি নিজে ৰচা ‘প্ৰেম যমুনা’ নামৰ নাটখন পৰিচালনা কৰি লগতে এটি বিশিষ্ট চৰিত্ৰ ৰূপায়নৰ মানসেৰে আখৰাতো অংশ গ্ৰহণ কৰিছিল। তেওঁৰ সেই কাম অসম্পূৰ্ণ হৈয়ে ৰ’ল। কলঙৰ হাত ধৰি কালে তেওঁক লৈ গ’ল। কোনে জানে হয়তো তাতেই তেওঁ শিল্পী সত্ত্বাৰ বিকাশৰ বাবে শেষ চেষ্টাত ব্ৰতী হ’লহেঁতেন নে নাই!

 
[ ২৪ ]

খেলপথাৰৰ পৰা

বৰদলৈ ট্ৰফি, স্বাধীনতা দিবস কাপ, ডুগৰ ছিল্ড, এ টি পি এ ছিল্ড ফুটবল প্ৰতিযোগিতা আদিত গুৱাহাটী, নগাওঁ, তেজপুৰ, যোৰহাট আদিত বিভিন্ন খেল পথাৰৰপৰা আকাশবাণীৰ যোগেদি ধাৰা-বিবৰণী দিয়া তচদ্দুক ইউছুফৰ উদাত্ত কণ্ঠস্বৰ আমি আৰু শুনিবলৈ নাপাওঁ। “এয়া মই তচদ্দুক ইউছুফে কৈছোঁ” বুলি কৰা সেই বলিষ্ঠ ঘোষণা চিৰকালৰ কাৰণে ৰূদ্ধ হৈ গ’ল। খেল সমূহৰ উত্তেজনাপূৰ্ণ মুহূৰ্তবোৰৰ নাটকীয় আৰু আবেগিক বৰ্ণনাৰ যি আকৰ্ষণীয় বৈশিষ্ট আছিল সিও সময়ৰ বুকুত হেৰাই গ’ল।

কোন দায়ী

কোনে জানে তেওঁৰ মনৰ ক্লান্তি নে বিভ্ৰান্তি ইয়াৰ বাবে দায়ী। তেওঁৰ জীৱনৰ সকৰুণ পৰিণতিৰ বাবে ফ্ৰাষ্টেচনেই দায়ী নে অন্য কিবা কাৰণ হ’ব পাৰে? এই কথাৰ উত্তৰ আমি আজি বিচাৰি পোৱা নাই যদিও অনুসন্ধান কৰিলে এদিন নিশ্চয় ওলাব। তেওঁ স্বইচ্ছাই কলঙৰ বুকুত আশ্ৰয় ললে নে দুৰ্ঘটনাৰ সুযোগ লৈ কলঙেই তেওঁক বুকুত চপাই ললে এই কথাৰ উত্তৰো সিদিনাই পোৱা যাব পাৰে। অৱশ্যে আমি দুখেৰে সুঁৱৰিম বহুদিনৰ [ ২৫ ] আগেয়ে দেউতাক জিয়াউদ্দিন ইউছুফেও এদিন তেজপুৰ-শিলঘাট ফেৰিৰপৰা জঁপিয়াই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছিল। পানীত পৰি হোৱা মৃত্যু বা অপমৃত্যুৰ উৎস, কাৰণ আৰু প্ৰতিক্ৰিয়াক লৈ এইহাল পিতাপুত্ৰই মৃত্যুৰ সিপাৰৰ জগতখনত পাৰস্পৰিক তথ্যানুসন্ধানত মিলিত হ’ব জানো? তথাপিতো তেওঁলোকৰ আত্মাৰ সদ্‌গতিৰ বাবে প্ৰাৰ্থনা কৰাৰ দায়িত্ব আমাৰ বুলিয়ে গ্ৰহণ কৰিছোঁ। সেই দায়িত্ব আমি পালনো কৰিছোঁ। তেওঁলোকৰ আত্মাই চিৰশান্তি লভক।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।