পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খ্যাতনামা অভিনেতা-শিল্পীসকল। তাৰে ভিতৰত দুই-তিনিজনৰ নাম কলেই যথেষ্ট হ’ব। তেওঁলোক আছিল সৰ্বশ্ৰী সৌমিত্ৰ চেটাৰ্জী (কলিকতা), বিজয় আনন্দ (বোম্বাই), সংগীতাংশত মংগেশকৰ ভগ্নীদ্বয় মীণা আৰু উষা। কিন্তু তথাপিতো এনে মানদণ্ডৰ শিল্পীৰ লগত প্ৰতিদ্বন্দিতা কৰিও গৌৰবৰ বিজয় মুকুট কঢ়িয়াই আনিলে। ৰেডিঅ’ নাটকৰ এই সৰ্বভাৰতীয় সাফল্যত এক বুজন পৰিমাণৰ অৰিহণা যোগাইছিল তচদ্দুক ইউছুফৰ প্ৰাণবন্ত অভিনয়ে।

চলচিত্ৰত অভিনয়

চলচিত্ৰ অভিনয় তচদ্দুক ইউছুফৰ শিল্পী জীৱনৰ এক উল্লেখযোগ্য মাইলৰ খুটা। সংখ্যাৰে নহলেও গুণগতভাবে তেওঁ অভিনয় কৰা প্ৰতিখন ছবিত নিজৰ প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে সঁচা; কিন্তু পূৰ্ণভাবে প্ৰতিভাৰ বিকাশ আটাইকেইখনত সমানে হোৱা নাই। কোনো কোনোখনততো একেবাৰেই হোৱা নাই। উদাহৰণ স্বৰূপে ক’ব পাৰি ‘এৰাবাটৰ সুৰ’। যুব মহোৎসবৰ সফল ৰেডিঅ’ নাটক ‘এৰাবাটৰ সুৰ’ক যেতিয়া ভূপেন হাজৰিকাই চিত্ৰনাট্য কৰি ছবি তুলিবৰ আয়োজন কৰিলে— তেতিয়া স্বাভাবিকতেই শিল্পী নিৰ্বাচন

২১