পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ সুযোগ ওস্তাদ তচদ্দুক ৰেডিঅ’ নাটকত হৈ পৰিল এক বিশিষ্ট শিল্পী। প্ৰায় তিনি দশকৰো ওপৰ কাল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বহু নাটকত, বহুতো বৈচিত্ৰময় চৰিত্ৰ ৰূপায়ণ কৰিছে তেওঁ। সুনাম আৰু প্ৰশংসাও অৰ্জন কৰিছে ইয়াৰ বাবে।

যুৱমহোৎসৱত সাফল্য

১৯৫৪-৫৫ চনৰ কথা। সেইবাৰ প্ৰথম সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় যুব মহোৎসব অনুষ্ঠিত হয় নতুন দিল্লীত মৌলানা আজাদৰ পৌৰুহিত্যত, পণ্ডিত নেহৰুৰ সাক্ষাতত। মহোৎসৱত যোগ দিয়া গুৱাহাটী বিশ্ববিদ্যালয় আৰু অনাতাঁৰ কেন্দ্ৰ দুয়োটাই ৬ বছৰীয়া চালুকীয়া অনুষ্ঠান। নাটকৰ নাম ‘এৰা বাটৰ সুৰ’। ৰচনা, প্ৰযোজনা আৰু সংগীত বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ ভূপেন হাজৰিকাৰ। সহশিল্পী সকল (সৰ্বশ্ৰী) শৈল বৰুৱা, লিলি দাস (পিছত মালিক), দুৰ্গেশ্বৰ বৰঠাকুৰ, অঞ্জলী মেছ আৰু এই নিবন্ধৰ নিবন্ধকাৰ। লগতে গীতাংশত (সৰ্বশ্ৰী) বীৰেন দত্ত, জ্যোতিৰ্ময় কাকতি, তফজ্জুল আলি, শেৱালী দেবী আৰু যন্ত্ৰ সংগীতত বিজয়শংকৰ দাস (বেহেলা)

সেইবাৰেই ভাৰতৰ বিভিন্ন প্ৰান্ত বিভিন্ন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি দিল্লী পাইছিলগৈ বহুতো
২০