পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খেলপথাৰৰ পৰা

বৰদলৈ ট্ৰফি, স্বাধীনতা দিবস কাপ, ডুগৰ ছিল্ড, এ টি পি এ ছিল্ড ফুটবল প্ৰতিযোগিতা আদিত গুৱাহাটী, নগাওঁ, তেজপুৰ, যোৰহাট আদিত বিভিন্ন খেল পথাৰৰপৰা আকাশবাণীৰ যোগেদি ধাৰা-বিবৰণী দিয়া তচদ্দুক ইউছুফৰ উদাত্ত কণ্ঠস্বৰ আমি আৰু শুনিবলৈ নাপাওঁ। “এয়া মই তচদ্দুক ইউছুফে কৈছোঁ” বুলি কৰা সেই বলিষ্ঠ ঘোষণা চিৰকালৰ কাৰণে ৰূদ্ধ হৈ গ’ল। খেল সমূহৰ উত্তেজনাপূৰ্ণ মুহূৰ্তবোৰৰ নাটকীয় আৰু আবেগিক বৰ্ণনাৰ যি আকৰ্ষণীয় বৈশিষ্ট আছিল সিও সময়ৰ বুকুত হেৰাই গ’ল।

কোন দায়ী

কোনে জানে তেওঁৰ মনৰ ক্লান্তি নে বিভ্ৰান্তি ইয়াৰ বাবে দায়ী। তেওঁৰ জীৱনৰ সকৰুণ পৰিণতিৰ বাবে ফ্ৰাষ্টেচনেই দায়ী নে অন্য কিবা কাৰণ হ’ব পাৰে? এই কথাৰ উত্তৰ আমি আজি বিচাৰি পোৱা নাই যদিও অনুসন্ধান কৰিলে এদিন নিশ্চয় ওলাব। তেওঁ স্বইচ্ছাই কলঙৰ বুকুত আশ্ৰয় ললে নে দুৰ্ঘটনাৰ সুযোগ লৈ কলঙেই তেওঁক বুকুত চপাই ললে এই কথাৰ উত্তৰো সিদিনাই পোৱা যাব পাৰে। অৱশ্যে আমি দুখেৰে সুঁৱৰিম বহুদিনৰ
২৪