পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কাম কৰে। নগেন ছাৰৰ উপাধি আছিল শৰ্মা। তাতে আকৌ ‘বাও’ নথকা চিলেঠ দেখিলে ‘টিপটপ’ ছাৰ খঙত আৰু ‘অগ্নিশৰ্মা’ হয়। এনেতে এদিন শ্ৰুতলিপি লিখাৰ সময়ত এইজন শৰ্মাৰ হাতত পৰিলোঁ ধৰা! নগেন ছাৰে আবিষ্কাৰ কৰিলে— মোৰ চিলঠখন টিনৰ যদিও ‘বাও’ নাই। ছাৰ খঙত টিঙিৰিতুলা হ’ল। কিয় জানো মোৰ ওপৰত দৈহিক শাস্তি নহ’ল যদিও হ’লগৈ চিলঠখনৰ ওপৰত। খঙতে দিলে দলিয়াই চিলঠ খিৰিকীয়েদি। উৰন্ত চাকিৰ দৰে দুৰন্ত গতিত উৰি গৈ টিঙৰ চিলেঠখন চকোৱাৰ সিদাঁতিৰ ‘জাৰ্মানী’ বনৰ মাজত হেৰাই গ’ল। সকাহ লৈ নগেন ছাৰৰ অসমাপ্ত শ্ৰুতলিপি দিয়াৰ কাম আকৌ আৰম্ভ হল। কিন্তু ‘হা হতোম্মি’। ছাৰে পিছমুহূৰ্ততে দেখিলে উৰন্ত চাকি হৈ গুচি যোৱা চিলঠখন ‘বুমেৰাং’ হৈ আকৌ মোৰ সন্মুখত। অৰ্থাৎ সেই বাওবিহীন চিলেঠ খনকে লৈ নিৰ্বিকাৰভাবে মই শ্ৰুতলিপি লিখি আছোঁ। চাৰ কাষ ছাপি আহিল। আচৰিত হৈ মোলৈ চালে। তাৰ পিছত হঠাৎ যেন কিবা এটা আবিষ্কাৰ কৰাৰ ভাৰ লৈ তচদ্দুকলৈ চকু গ’ল দৃষ্টিৰ অৰ্থ যেনিবা “তোমাৰ বাহিৰে আৰু কোনে এই অসাধ্য সাধন কৰিব পাৰে? এই কঠিন কাম

১৭