পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বাদলৰ সাধ্যৰ বাহিৰত। “গতিকে এই ‘মিৰাকল’ৰ একমাত্ৰ সম্ভাব্য গুৰু তচদ্দুকেই, ঠিকেই অনুমান কৰিছিল। নাটৰ গুৰু যে তচদ্দুক— ওলাই পৰিল। লগে লগে ওলাই পৰিল ব’ৰ্ড এখনেৰে ঢাকি থোৱা পিছফালৰ বেৰত এটা গাঁত। এই গাঁতৰ খনিকৰ তথা মালিক একাধাৰে তচদ্দুক ইউছুফ। একমাত্ৰ তেৱেঁই অইনৰ অতৰ্কিতে ওলোৱা সোমোৱা কৰে আৰু তেৱেঁই আনে গম নোপোৱাকৈয়ে চিলঠখন বাহিৰৰপৰা আনি মোক পুনৰ হস্তান্তৰ কৰিছিল। মৌলিক চিন্তাৰ গৰাকী দুঃসাহসী অভিযানৰ আবিষ্কৰ্তা এইজনেই এসময়ৰ কিশোৰ কালৰ গৰ্ভত তেওঁৰ মৌলিক চিন্তাই খোপনি নাপালে। দুঃসাহসী অভিযানেও ভবিষ্যতত সম্ভাৱনাৰ চানেকী ৰাখিব নোৱাৰিলে। এটা সম্ভাৱনাময় প্ৰতিশ্ৰুতিৰ অংকুৰটো কোনোবা এক অশুভ মুহূৰ্তত এক অশুভ কীটৰ দংশনত দগ্ধ হ’ল।

এটা চকু হেৰাল

এক কৰুণ কাহিনীৰে তেওঁৰ শৈশৱ কৈশোৰৰ অধ্যায়টো সামৰিম। ধেনু-কাঁড় লৈ দুয়োজন ল’ৰাই খেলি আছে। ককায়েক ‘বাপু’ আৰু ভায়েক ‘দীলু’। খেলি থকা অবস্থাতে হঠাতে কাঁড় ডাল ওপৰলৈ মাৰি পঠিয়ালে ভায়েক দীলুৱে আৰু
১৮