পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আছিল। সি যি কি নহওক, তেওঁ শিল্পী জীৱনৰ সাফল্যৰ ওলোটা ফালে থকা ব্যৰ্থতাৰ এয়া এক কৰুণ পৰিণতি।

মঞ্চত এপিটাফ

তেওঁ মঞ্চৰ লগতো জড়িত আছিল। নগাঁৱত থকা কালত কেবাখন নাটক প্ৰযোজনা কৰিছিল; লগতে অভিনয়ো। তাৰ ভিতৰত কোনো এখনৰ নাম বিশেষভাবে উল্লেখ কৰিবলগীয়া নহয়। তেওঁৰ ‘মঞ্চৰ এপিটাফ’ হ’ল Six characters in search of a dramatist— ‘নাট্যকাৰৰ সন্ধানত ছটি চৰিত্ৰ’। আমাৰ বিশ্বাস এই নাটখনৰ প্ৰযোজনা, পৰিচালনা আৰু অভিনয়েই আমাক মঞ্চত তেওঁৰ নাম সুৱঁৰি থাকিবলৈ সকিয়াই দিব।

জীৱনৰ শেষৰ পিনে মাত্ৰ সৌ সিদিনাখন তেওঁ ভ্ৰাম্যমান নাট্যজগতত প্ৰবেশ কৰিছিল। ব্যাবসায়িক নাট্য গোষ্ঠী এটিত যোগদান কৰি নিজে ৰচা ‘প্ৰেম যমুনা’ নামৰ নাটখন পৰিচালনা কৰি লগতে এটি বিশিষ্ট চৰিত্ৰ ৰূপায়নৰ মানসেৰে আখৰাতো অংশ গ্ৰহণ কৰিছিল। তেওঁৰ সেই কাম অসম্পূৰ্ণ হৈয়ে ৰ’ল। কলঙৰ হাত ধৰি কালে তেওঁক লৈ গ’ল। কোনে জানে হয়তো তাতেই তেওঁ শিল্পী সত্ত্বাৰ বিকাশৰ বাবে শেষ চেষ্টাত ব্ৰতী হ’লহেঁতেন নে নাই!

 

২৩