আমাৰ চিনাকি তচদ্দুক/মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা!

ৱিকিউৎসৰ পৰা
[ ২৬ ]
 

মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা!
সমৰেন্দ্ৰনাৰায়ণ দেৱ

 

‘মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা।’— এয়া এজন কলংপৰীয়া কবিৰ জীৱনৰ গভীৰ উপলব্ধি। কলঙৰ পাৰত জন্ম আছে, কলঙৰ পাৰত শৈশৱ আছে, কলঙৰ পৰত কৈশোৰ আছে, কলঙৰ পাৰত যৌৱন আছে, কলঙৰ পাৰত প্ৰেম আছে, বিৰহ আছে, মিলন আছে, কলঙৰ পাৰত বাৰ্ধক্য আছে, মৃত্যু আছে। কিন্তু কলঙে অকালতে কাৰোবাক সাবতি লোৱাৰ বুৰঞ্জী আছে জানো? হয়তো আছে কোনোবাই কলঙৰ বুকুতেই চিৰশান্তি লোৱাৰ, জীৱনতকৈও মৃত্যুকেই শ্ৰেয় বুলি ভবাৰ। এয়া এক কৰুণ উপলব্ধি, এয়া মানৱ জীৱনৰ এক কৰুণ সমাপ্তি।

বাপুদা— বাপুদায়ে হয়তো কলঙ পাৰত থিয় হৈ আকৌ এবাৰ কলং পনীয়া কবিৰ কবিতাটো আবৃত্তি কৰিছিল— ‘মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা।’ বহুদিন বাপুদাৰ কাষত বহি শুনিছিলোঁ অসমীয়া, বঙালী, উৰ্দু শ্বায়েৰ, ইংৰাজী নাটকৰ [ ২৭ ] সংলাপ আৰু কবিতা। বাপুদাৰ কণ্ঠৰ দৰে খুব কমৰেই ইমান মধুৰ আবৃত্তিৰ কণ্ঠ আছিল। বাপুদাৰ কণ্ঠ অসমৰ সকলোৰে বৰ চিনাকি, বৰ মৰমৰ; সেয়া নাটকৰ সংলাপেই হওক বা ফুটবলৰ চলন্ত ধাৰা বিবৰণীয়েই হওক। কিন্তু এই কণ্ঠ হঠাতে স্তব্ধ হৈ গ’ল, মৃত্যুৰ গভীৰ শীতে সোণালী কণ্ঠ সাৱতি ধৰিলে।

ভাতৃসম ল’ৰাজনে বৰ বিষন্ন মনে মোক সুধিছিল কথাটো সচাঁনে? মই উচপ্ খাই উঠিছিলোঁ। কি? কি ক’লা? কলঙৰ বুকুৰ পৰা তচদ্দুক ইউছুফৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই নিৰ্মম কথাটো তোমাক কোনে ক’লে? এৰা বহুতেই কৈছে, ৰেডিঅ’ই কৈছে, বাতৰি কাকতে কৈছে। মুহূৰ্ততে মোৰ মনৰ মাজত বহুতো স্মৃতি ভাঁহি উঠিল। টুকুৰা টুকুৰ কিছুমান দ্ৰুত ধাৱমান ছবি— যাক ফিল্মৰ ভাষাত কোৱা হয় ‘মন্‌টাজ’। বাপুদা মানে তচদ্দুক ইউছুফৰ সতে মোৰ সম্বন্ধ ফিল্মৰ। ফিল্মৰ মাজেদিয়েই তচদ্দুক ইউছুফৰ সতে মোৰ গভীৰ সম্পক গঢ়ি উঠিছিল। ফিল্ম যিদৰে মোৰ প্ৰাণৰ বন্ধু, বাপুদাও আছিল মোৰ তেজৰ সম্বন্ধ থকা এজন আত্মীয়তকৈও বেছি অপোনজন। তিনিটা বিশেষ ঘটনাৰ বাবেই তচদ্দুক ইউছুফ [ ২৮ ] মোৰ জীৱনৰ স্মতিপটত এজন বিশেষ ব্যক্তি হিচাপে সদায় জিলিকি থাকিব।

এক— জীৱনত মই প্ৰথম ছিনেমাৰ ছুটিং (দৃশ্য গ্ৰহণ) দেখোঁ তেজপুৰৰ আমাৰ ভিনদেউহ’তৰ ঘৰত স্বৰ্গীয় ফণী শৰ্মাদেৱৰ ‘পুৱতি নিশাৰ সপোন’ৰ। ছবিখনৰ নায়ক আছিল বাপুদা। তচদ্দুক ইউছুফক মই জীৱনত প্ৰথম দেখিছিলোঁ মুখত মেক্‌আপৰে এজন ফিল্মৰ অভিনেতা হিচাপে তেজপুৰতেই। সিদিনা।

দুই— মোৰ পৰিচালিত প্ৰথম তিনিখন ছবি অৰণ্য, কাজিৰঙাৰ কাহিনী (মুক্তি অৱশ্যে বহুত পিচত হৈছে), পুতলা ঘৰত একাদিক্ৰমে তেখেতে অভিনয় কৰিছে। অৰণ্য আৰু পুতলা ঘৰত তেওঁ যি আন্তৰিকতাৰে অভিনয় কৰিছিল, সিয়ে মোক ছুটিং কৰি থাকোঁতে এখন ভাল ছবি কৰাৰ মানসিকতাৰ সৃষ্টি কৰি দিছিল। তাৰ বাবে তেখেতৰ ওচৰত মই কৃতজ্ঞ।

তিনি— তেখেতৰ ওচৰত মোৰ আটাইতকৈ বেছি শ্ৰদ্ধা উপজিছিল এটা বিশষে কাৰণতহে। এসময়ত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনটো ‘জাতীয় নাট্যশালা’ হ’ব লাগে বুলি বৰকৈ দাবী উঠিছিল। হঠাতে চৰকাৰেও ঘোষণা কৰিলে ৰবীন্দ্ৰ ভৱনটো ‘জাতীয় [ ২৯ ] নাট্যশালা’লৈ ৰূপান্তৰিত কৰা হ’ব। শিল্পী সাহিত্যিক সকলৰ গাত তত্ নোহোৱা হৈ পৰিল— আমাৰ এটা ‘জাতীয় নাট্যশালা’ হ’ব— তাত ভাগ ল’বলৈ উখল-মাখল লাগি পৰিল। তাৰ মাজতে কিছুমানে অৱশ্যে প্ৰশ্ন কৰিলে ‘জাতীয় নাট্যশালা’ মানেনো কি? তাৰ উত্তৰখিনি ৰান্ধনি ঘৰৰ শিকিয়াত তুলি থোৱা হ’ল। মাথোন কমিটি কৰিব লাগে আৰু তাত ভাগ ল’ব লাগে। অসমৰ ইমূৰৰপৰা সিমূৰৰ স্বনামধন্য ব্যক্তি সকলেৰে এখন কমিটিও গঠন কৰা হ’ল; কিন্তু দুখৰ বিষয়, শেষত দেখা গ’ল কমিটিখনত এজনো মুছলমান লোক লোৱা ন’হল। গতিকে লৰালৰি কৰি তচদ্দুক ইউছুফৰ নামটো কমিটিত লোৱা হ’ল। হায়! সংস্কৃতিৰ কি কৰুণ প্ৰকাশ! তচদ্দুক ইউছুফে তাৰ প্ৰতিবাদ কৰিলে— মই যদি সংস্কৃতিৰ মানুহ নহওঁ, সংস্কৃতিৰ ক্ষেত্ৰত অসমত যদি মোৰ কোনো বৰঙণি নাই, তেনেহলে ‘জাতীয় নাট্যশালা’ৰ কমিটিত এজন মুছলমান প্ৰতিনিধি হিচাপে মই নাথাকোঁ। এক তীব্ৰ প্ৰতিবাদ। লগতে তেওঁ প্ৰশ্নও কৰিলে ‘জাতীয় নাট্যশালা’ মানেনো আপোনালোকে কি বুজিছে? উত্তৰ শূন্য। টেঙৰ বুদ্ধিজীবীসকল আজিও নিমাত। সেয়েহে সংস্কৃতিক ভালাপোৱা, জ্ঞানক ভালপোৱা নতুন পুৰুষ এজনেও আজি শিক্ষা-সংস্কৃতিৰ কমিটি [ ৩০ ] এখন গঠন কৰিবলৈ গৈ ঘৃণনীয় সাম্প্ৰদায়িকতাৰ আশ্ৰয় লয়। আজিৰ অসমৰ এই পৰিবেশৰ মাজত তচদ্দুক ইউছুফে, মোৰ অগ্ৰজ বাপুদাই সেয়েহে কলং পাৰত থিয়হৈ কলংপাৰৰ কবিৰ উক্তিকেই পুনৰ আবৃত্তি কৰিলে— “মৃত্যু কিনো? মাথোঁ এটি ক্ষণিকৰ কথা’। ইয়াতকৈ দুখৰ, ইয়াতকৈ মৰ্মান্তিক আৰু একোৱেই হ’ব নোৱাৰে, যদিহে সংস্কৃতিক উপলব্ধি কাৰোবাৰ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।