আভাস কাব্য/সুভদ্ৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আভাস কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ২৬ ]

সুভদ্ৰা।

 যদুকুল কন্যা তুমি, বসুদেৱ সুতা,
লাঙ্গলি, কৃষ্ণৰ তুমি স্নেহৰ ভনিতী;
বিষ্ণুতেজ বিৰাজিত দেহাত তোমাৰ,
পাৱত তোমাৰ কবি কৰিছে প্ৰণতি॥

[ ২৭ ]

বেদব্যাস মুখে, দেবি! (কাব ৰূপী মুখে)
অপূৰ্ব্ব আখ্যান তযু কৰিছোঁ শ্রবণ।
দ্বাপৰ যুগত, সেই প্রভাস তীৰত
অৰ্জ্জুনৰ প্রাণ মন কৰিলা হৰণ॥
মোহিনী ৰূপত মোহি অৰ্জ্জুনে যেতিয়া
তোমাক হাতত ধৰি তুলিলে ৰথত;
কোৰোধত অন্ধ হুই, যাদৱৰ সেনা
ধনুশৰ লই সবে আহিলা যুদ্ধত॥
সিকালত তুমি, দেবি! পাৰ্থৰ সাৰথী,——
বিজুলী সঞ্চাৰে ৰথ কত যে চলালা;
বীৰাঙ্গনা ৰূপ ধৰি, যাদৱ সেনাৰে
অৰ্জ্জুনক তুমি সেই যুদ্ধ কৰোৱালা॥
নহলা হেতেন যদি সাৰথী পার্থৰ;
নিদিলা তোমাৰ যদি সাহস পার্থক,
নোৱাৰিলে হয় জানো লভিব তোমাক
সমৰত হৰুৱাই যাদৱ সবক॥
 বীৰঙ্গনা তুমি, দেবি। বীৰৰ জননী
ভূবন বিখ্যাত তয় অভিমন্যু ধন,
ষোল বছৰতে যিটে ব্যুহ ভেদ কৰি
মহাৰথী সপ্তৰথী স’তে কৰি ৰণ,

[ ২৮ ]

তিয়াগিলে মৰ্ত্ত্যলোক, নশ্বৰ জীবন,—
ভাৰতত ৰাখি কীৰ্ত্তি, অমূল্য মৰ্ত্ত্যত;
বীৰৰ জননী তুমি, নকৰিলা শোক,
নুটুকিলা চকুপানী পুত্ৰৰ শোকত॥
পাণ্ডৱৰ ঘৰে ঘৰে-অভিমন্যু-শোকে
চকুপানী টুকি টুকি সবে কান্দি ছিলা;
পুত্ৰৰ অতুল কীৰ্ত্তি শুনি সমৰত
তুমি কিন্তু বীৰ মাতা আনন্দ লভিলা॥
অতি জ্ঞানৱতী তুমি, দিক্ষিতা ধৰ্ম্মত,—
ভাগৱত-ধৰ্ম্মতত্ত্ব তুমি বুজিছিলা,—
শক্ৰ মিত্ৰ, ভিনপৰ, নাছিল তোমাৰ
সকলোকে সমভাব তুমি কৰিছিলা॥
 ঘোৰ যুদ্ধ, কুৰুক্ষেত্ৰ, সেই সমৰত
অকালত যত যোদ্ধা পৰাণ ত্যজিলা,—
সকলোকে সমভাবে,—মাতৃৰ নিচিনা—
অন্তিমত চেনেহৰে সুশ্ৰুষা কৰিলা॥
জানিছিলা তুমি, দেবি! বিপক্ষৰো প্ৰাণ
একে প্ৰাণ, পঞ্চভূতে সকলো গঠিত।
শক্ৰ মিত্ৰ, ** পুত্ৰ সকলো সমান,—
ভিনপৰ, একো ভিন নাই পৃথবীত॥

[ ২৯ ]

কুৰুক্ষেত্ৰ সমৰত-সাধিলা যি ব্ৰত,
আহতক সেৱা কৰি অন্তিম কালত,—
যি চিত্ৰ দেখালা তুমি, পবিত্ৰ নিৰ্ম্মল,—
ৰাখিলা যে কীৰ্তিস্তম্ভ, ভাৰত মাজত,
জানো,—দেবি! নেই কীৰ্ত্তি সেই ব্ৰতফলে
ৰাখিছে তোমাৰ সেই প্ৰতিমা উজ্জ্বল
শ্ৰীক্ষেত্ৰত আজিল'কে, কৃষ্ণ বলৰামে স’তে
উদ্ধাৰিছা মানৱক কৰি মুক্তি দান,
দেখাই মোহিনী মুৰ্ত্তি, পবিত্ৰ নিৰ্ম্মল॥