আভাস কাব্য/ৰোহিণী
[ ২৪ ]
ৰামৰূপে অৱতাৰ ধৰোতে শ্ৰীহৰি
অযোধ্যাৰ কৌশল্যাৰ জনমি গৰ্ভত,
সুমিত্ৰা নন্দনে ম’তে, লই বৈদেহীক,
পিতৃ আজ্ঞা মতে ভ্ৰমি ফুৰিলা বনত॥
কত যত্নে কত দুখে সুমিত্ৰা নন্দনে
অৰণ্যত পিতৃ সম সেবিলা ৰামক,
দয়াৰ সাগৰ ৰাম, তুষ্ট হই মনে,
সিকালত এই বৰ দিলা লক্ষ্মণক॥
“জ্যেষ্ঠ ভ্রাতৃ সম তুমি পালিলা আমাক
কতযে যতন কৰি এই অৰণ্যত,
প্রতিদান তাৰ, ভাই! কি দিম তোমাক?
সুজিব নোৱাৰোঁ ঋণ এই জনমত॥
ইয়াৰ পাছত কিন্তু দ্বাপৰ যুগত
পৃথিবীত কৃষ্ণৰূপে হম অৱতাৰ;
সিকালত তুমি, ভাই! জ্যেষ্ঠ হবা মোৰ
কৃষ্ণ নামে হ’ম মই কনিষ্ঠ তোমাৰ॥
যেনেকই আজি তুমি সেবিলা আমাক,
দ্বাপৰত তেনেকই তোমাক সেবিম,
একেল'গে দুয়োটীয়ে যমুনা তীৰত
ব্ৰজ গোপলেৰে স’তে ৰঙ্গে উমলিম॥”
পূৰ্ব্ব জনমৰ পুণ্য আছিলে তোমাৰ
ত্ৰেতাৰ লক্ষ্মণে, দেবি! ল’লেহি জনম
তোমাৰ গৰ্ভত আহি বলৰাম ৰূপে;
সাৰ্থক জনম তযু, সার্থক জীৱন॥
কৃষ্ণ অগতিৰ গতি, বিষ্ণু অৱতাৰ।
তাৰে এক কলা তযু পুত্ৰ বলৰাম;
অতি ভাগ্যৱতী তুমি, দেবী স্বৰূপিনী।
তোমাৰ পাৱত কবি কৰিছে প্ৰণাম॥
কিন্তু জানো, কি কাৰণে বুজিব নোৱাৰোঁ,
ভাৰতীয় কবি সবে পুৰণী কালৰ
নাকিলে তোমাৰ চিত্ৰ (কাহিণী নিৰ্ম্মল)
পূৰ্ণ ভাবে,—নেদেখালে ছবি মনোহৰ॥
আভাস মাথোন আঁকি, আভা দেখুৱালে,
বিজুলী ৰেখাৰ দৰে খন্তেক দেখিলো,—
ৰাজিছিলে জানো, কত অপূৰ্ব জেউতী।
তোমাৰ চিত্ৰত দেবি! একো নুবুজিলো॥