পৃষ্ঠা:আভাস কাব্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

আভাস কাব্য

তিয়াগিলে মৰ্ত্ত্যলোক, নশ্বৰ জীবন,—
ভাৰতত ৰাখি কীৰ্ত্তি, অমূল্য মৰ্ত্ত্যত;
বীৰৰ জননী তুমি, নকৰিলা শোক,
নুটুকিলা চকুপানী পুত্ৰৰ শোকত॥
পাণ্ডৱৰ ঘৰে ঘৰে-অভিমন্যু-শোকে
চকুপানী টুকি টুকি সবে কান্দি ছিলা;
পুত্ৰৰ অতুল কীৰ্ত্তি শুনি সমৰত
তুমি কিন্তু বীৰ মাতা আনন্দ লভিলা॥
অতি জ্ঞানৱতী তুমি, দিক্ষিতা ধৰ্ম্মত,—
ভাগৱত-ধৰ্ম্মতত্ত্ব তুমি বুজিছিলা,—
শক্ৰ মিত্ৰ, ভিনপৰ, নাছিল তোমাৰ
সকলোকে সমভাব তুমি কৰিছিলা॥
 ঘোৰ যুদ্ধ, কুৰুক্ষেত্ৰ, সেই সমৰত
অকালত যত যোদ্ধা পৰাণ ত্যজিলা,—
সকলোকে সমভাবে,—মাতৃৰ নিচিনা—
অন্তিমত চেনেহৰে সুশ্ৰুষা কৰিলা॥
জানিছিলা তুমি, দেবি! বিপক্ষৰো প্ৰাণ
একে প্ৰাণ, পঞ্চভূতে সকলো গঠিত।
শক্ৰ মিত্ৰ, ** পুত্ৰ সকলো সমান,—
ভিনপৰ, একো ভিন নাই পৃথবীত॥

২০