আভাস কাব্য/উত্তৰা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আভাস কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ২৯ ]

উত্তৰা।

 কুৰুক্ষেত্ৰ পুণ্যঠাই আজি যে শ্মশান প্ৰায়
জ্বলিছে চিতাৰ জুই উজ্জ্বলি গগন,
সাদৰে অভিক জানো দিব আলিঙ্গন॥
সপ্তৰথি স’তে ৰণ কৰি বীৰ অগনন
ষোল বছৰতে ৰাখি কীৰ্ত্তি অতুলন,
নৰ দেহা এৰি স্বৰ্গে কৰিলে গমন॥

[ ৩০ ]

বহু ক্লেশ শৰীৰত পাই বীৰ সমৰত
শেহত চিতাত সঁপি দেহাটি নশ্বৰ
চিৰশান্তি সুখ আজি লভিছে স্বৰ্গৰ॥
 এনুৱা কালত, হায়! কোন উন্মাদিনী-প্ৰায়?
কোন তুমি শ্মশানত মেলি চুলি-তুলি?
কি লাগে তোমাক? কিয় আউলি-বাউলী?
তুমি কি বিৰাট কন্যা? যাৰ জনমত ধন্যা
বিৰাট-ৰাজ-মহিষী সুদেষতা-জীৱন?
তুমি কি উত্তৰা? দেবী সুভদ্ৰাৰ ধন?
তুমি কি অভিৰ প্ৰাণ? তুমি কি অভিৰ জ্ঞান!
তুমি কি অভিৰ সেই জীৱন-সঙ্গিনী?
সৰলতা সনা ছবি সতত ৰঙ্গিনী?
তুমি কি সছা উত্তৰা? নিতউ যি হাঁহি-ভৰা?
শোক বিষাদৰ ছঁয়া যি চিনি না পায়?
তুমি নে উত্তৰা যাৰ হৰিষ সদাই?
তুমি নে উত্তৰা সেই? কৰিছিলে শিক্ষা যেই
গীতবাদ্য অধ্যয়ন অৰ্জ্জুনৰ ঠাই
(বৃহন্নলা ৰূপে যৱে আছিলে লুকাই)?
যৱে কুৰুসেনা স’তে উত্তৰৰ যুদ্ধ ঘটে
বৃহন্নলা যায় ৰথে সাৰথী ৰূপেৰে,—

[ ৩১ ]

তুমি কি নোহোৱা তেঁও? ক’লে যি সাদৰে;—
“দৰা কনিয়া” ৰে স’তে খেলিম ছোৱালী হঁতে,
“আনি দিবা, বৃহন্নলা! বিবিধ বসন
কৌৰৱ-সেনাৰ গাৰ, কৰি ৰণ॥”
নোহোৱা কি তুমি, সোণ! ভোমোৰাৰ গুণ্‌ গুণ্‌,
বাসন্তী কুলিৰ কুউ মলয়াৰ বা-ই
যাৰ চাৰুফালে কালি আছিলে শুৱায়?
তুমি কি নোহোৱা, আই? কালি বীনখনি বাই,
কোকিলাৰ মধুময় সুৰত মিলাই
গালা যি মধুব গীত পৰাণ ভৰাই?
পিন্ধি যুদ্ধ-সাজপাৰ মণিমুক্তা অলঙ্কাৰ
অভয়ে যেতিয়া আহি মাগিলে বিদায়,
তুমি কি উত্তৰা সেই? যি বুলিলে চাই;—
মুদু মিচিকিয়া হাঁহি (শুৱনী গোলাপ পাহি)
“প্ৰাণনাথ! আজি মোৰ ল’ৰাটিৰ বিয়া—
কাতৰে মাতিছোঁ, আজি যুদ্ধ এৰি দিয়াঁ॥”
এই বুলি পাছে তুমি নাইনেকি দিয়াঁ আনি।
হাঁহি হাঁহি পুতলিটি স্বামীৰ হাতত?
কত ৰঙ্গে চুমা খাই লাহৰী গালত?
খিল্‌ খিল্‌ কৰে হাঁহি তুলিলই পুতলিটি

[ ৩২ ]

অতিয়ে কি হাঁহি হাঁহি কোৱা নাই কিয়া
“নউপাওঁতেই ল’ৰা পোৱাঁতী কেতিয়া?”
আভিৰ কথাটি শুনি খঙ্গ মুৱাকই তুমি
তুমি নেকি ভালে পৰ ৰোঁহ পতা নাই?
নমতা-নোবোলা হই, মুখ ওফোন্দাই?
তাৰ পাছে অভিয়েকি নিৰূপায় যেন দেখি
“মানভঞ্জন’”খেলা তাত খেলা নাই?
নাই হঁহা নেকি তুমি খিল্‌ খিল্‌,—আই?
 তুমি কি উত্তৰা তেনে? কিয় দশা আজি এনে?
সেই হাঁহি, সেই বীণা ক’ত পাহৰিলা?
আদৰৰ “দৰাকন্যা” ক’তনো ৰাখিলা?
মূলৰ লাৱণ্য মুৰ্ত্তি পৰে কিয় ভূমি লুটি?
হাঁহিৰ নামেৰে লেশো কিয় মুখে নাই?
কিয় উন্মাদিনী আজি? কিয় কান্দা, আই?
দেবী সুভদ্ৰাৰ প্ৰাণ বিৰাট-কন্যাৰ ধ্যান
অৰ্জ্জুনৰ প্ৰিয় পুত্ৰ ভাগিনা কৃষ্ণৰ
গইছে স্বৰ্গত, ত্যজি দেহা মানৱৰ॥
সেই শোকতেকি তুমি স্বামীৰ শোকত কান্দি
অউলী বাউলী হই, হলা হত-জ্ঞান
সহিব নোৱাৰি ভূমি,—কোমল পৰাণ?

[ ৩৩ ]

*  *  *  *
*  *  *  *
 দপ্‌ দপ্‌ দপ্‌ কই জ্বলিলে চিতাৰ জুই,
অভিৰ দেহাটি লই কোলা খনি ভৰি,
কুৰুক্ষেত্ৰ শ্মশানৰ অন্ধকাৰ হৰি॥
পাছে ধীৰে ধীৰে উঠি কৰি বহু তুতি-নতি
সাতবাৰ প্ৰদক্ষিণ কৰি অগণিক
বুলিলা, উত্তৰা!—“কৃপা কৰিবা দাসীক
স্বামী-সহবাস-সখ নঘটিলে ভাগ্যে মোৰ,
ছমাহ মাথোন দেখা স্বামীৰ লগত,
মন-আশা ভাল পোৱা থাকিলে মনত!!
কৃপা কৰি, দেৱ! মোক অন্তিমত দিবা সুখ,
স্বামীৰ লগত যাওঁ নেদেখা ৰাজত,
নঘটে বিচ্ছেদ য’ত স্বামীৰ লগত॥”
কিন্তু এনে সময়ত দৈববাণী আকাশত
“ক্ষান্ত হোৱা, সতি! তুমি, শান্ত কৰাঁ প্ৰাণ;
তোমাৰ গৰ্ভত আছে অভিৰ সন্তান॥
আাধা ফুলা ঢোপাকলি অকালে নানিবা তুলি
নকৰিবা শিশু বধ অগণি কুণ্ডত;
শান্ত হোৱাঁ;—যোৱা, সতি! উলটি ঘৰত॥”

[ ৩৪ ]

এই দৈববাণী শুনি, কিভাব মনতে গুণি
দীঘল দুখৰ এটি হুমুনীয়া কাঢ়ি,—
নিৰাশ প্ৰাণেৰে তুমি আহিলা, সুন্দৰি!