আভাস কাব্য/তাৰা

ৱিকিউৎসৰ পৰা

[ ৫৪ ]
তাৰা।

 ৰাম ৰঘুবৰে স’তে মিত্ৰ ভাব কৰি
সুগ্ৰীবে যেতিয়া, সতি! কিষ্কিন্ধ্যাত গই
যুদ্ধ হেতু আহ্বানিলা স্বামীক তোমাৰ
নতুন তেজেৰে পুনু বলীয়ান হই॥
সিকালত তুমি, সতি! বুলিলা বালীক
(প্ৰাণৰ স্বামীক তযু) “উঠি ৰাতি পুঁৱা
গধুলীৰ বাহিফুল যি দৰে পেলায়,—
সি দৰে তিয়াগী ক্ৰোধ, তুমি শান্ত হোঁৱা॥
শুনা, নাথ! কথা মোৰ, ক্ষান্ত দিয়াঁ আজি,—
সুগ্ৰীবে সইতে যুদ্ধ না লাগে কৰিব:—
সুগ্ৰীব তোমাৰ ভাই, তুমি জৈষ্ঠ তাৰ,—
ভ্ৰাতৃ বিৰোধত মাথোঁ শক্ৰৱে হাহিব॥
কি কাজ সমৰ কৰি ভ্ৰাতৃয়ে সইতে?
কিবা লাভ আছে, নাথ! ভ্ৰাতৃ বিৰোধত?
সুগ্ৰীবক যুবৰাজ কৰি অভিষেক
ৰুমাক * পঠাই দিয়া স্বামীৰ কাষত।

উমা বুলি প্ৰখ্যাত। ক'লাকৃত্তীবাসী ৰামায়ণতে উমা বুলি লিখিছে। [ ৫৫ ]
 

না জানো, কি হেতু নাথ! তাৰাৰ অন্তৰ
অকস্মাতে কঁপি আজি উঠে আশঙ্কাত
সিবুলি, বীনয় কৰি বুলিছো তোমাক,—
কাজ নাই আজি, নাথ! সমৰ সজ্জাত॥
আৰু নাথ! চোৱাঁ ভাবি; কালি সন্ধ্যা বেলা
তিষ্ঠিব নোৱাৰি তবু বীৰত্ব-তেজত
প্ৰাণ লই গইছিলে সুগ্ৰীব পলাই;—
আজি পুনু মাগে ৰণ তোমাৰ কাষত॥
আশঙ্কা মনত এয়ে—পাইছে সহায়
কোনো দেৱ, দানৱৰ সুগ্ৰীবে তোমাৰ
সি কাৰণে কওঁ, নাথ! না যাবা যুদ্ধত,
তোমাৰ পাৱত এয়ে মিনতি তাৰাৰ॥
আৰু, নাথ! চোৱা ভাবি, সুৰীব তোমাৰ
নোহে পৰ, আপোনাৰ সহোদৰ ভাই;
যত বন্ধু, প্ৰিয়জন আছে সংসাৰত
ভ্ৰাতৃৰ সমান বন্ধু জগতত নাই॥
সুগ্ৰীবে সইতে কৰি পুনু ভাতৃ ভাব,
যদি তোমাদুয়ো থাকা মিলেৰে সদাই,
তাতকই আৰু সুখ কিবা জগতত
আছে নাথ? চোৱাঁ তুমি মনকে বুজাই।”

[ ৫৬ ]

এই দৰে তুমি, সতি! কতনো বুলিলা,
কিন্তু নামানিলে বাধা স্বামীয়ে তোমাৰ,—
সুগ্ৰীবে সইতে পুনু কৰি ঘোৰ ৰণ,
শ্ৰীৰামৰ শৰে পাছে, ত্যজিলা সংসাৰ॥
তাৰ পাছে গই তুমি, স্বামীৰ শোকত
আউলি-বাউলী হই, বুলিলা ৰামক,
“শুনিছে তাৰাই, প্ৰভু! পূৰ্ণ ব্ৰহ্মা তুমি,
পূৰ্ণ অৱতাৰ হৰি পাতকী-তাৰক॥
সত্যনিষ্ঠ, ন্যায়বান, কিন্তু কি কাৰণে
নাশিলা স্বামীক মোৰ কপট যুদ্ধত?
তুমি যদি কৰা এনে নিন্দনীয় কাম,
তেন্তে প্ৰভু! ক’ত আৰু ধৰ্ম্ম জগতত?
ধৰ্ম্ম অধৰ্ম্মৰ, প্ৰভু! তুমি আদি মূল
আমি নাৰী, তিৰীমতি কিৰূপে বুজিম?
অবলা তিৰুতা আমি, স্বামীৰ বিহনে
অসহায়, কি বাপেৰে জীৱন ধৰিম?
যি শৰেৰে, প্ৰভু! তুমি নাশিলা স্বামীক,—
সেই শৰে কৰা বধ তাৰাৰ জীৱন;
স্বামীৰ আশ্ৰিতা আমি, তৰুৰ বিহনে
লতাৰ নিচিনা, হ’ব তাৰাৰো পতন॥

[ ৫৭ ]

ইয়াকে মাথোন খাটো তোমাৰ পাৱত,—
পিতৃ মাতৃ হীন পুত্ৰ অঙ্গদ আমাৰ,
শোকত অধীৰ হই কৰিলে ক্ৰন্দন,
শোন্তনা কৰিবা প্ৰভু! কৰুণা আধাৰ!”
এই বুলি তুমি, সতি! ৰামৰ পাৱত
কান্দিলা বহুত পৰি;—পৰ দুখে দুখী
কোমল হদয় ৰাম, তোমাৰ শোকত
কান্দিলা দুখেৰে বহু, চকু পানী টুকি॥
তাৰ পাছে, আহা! সতী! যেতিয়া তোমাৰ
স্বোৱামীৰ মৃত দেহা নিয়ে শ্মশানত,
বিলাপি তুমিও গ’লা বিজৰ্জ্জিব প্ৰাণ
প্ৰাণৰ স্বামীয়ে স’তে অগনি কুণ্ডত॥
কমল লোচন ৰাম বুলিলে তোমাক,
“ক্ষান্ত হোৱা তুমি, সতি। যোৱা ঘৰলই;
পতিব্ৰতা, সাধ্বী তুমি, আমাৰ বৰত
সংসাৰত আৰু শোক তোমাৰ নহয়॥
মানৱ সমাজে গাব সুযশ তোমাৰ,—
পবিত্ৰ তোমাৰ নাম ঘোষিব জগতে;
“প্ৰাতঃ স্মৰণীয়া’’ তুমি ৰমণী কুলৰ,—
“অনন্ত অক্ষয় যশ তোমাৰ ভাবতে॥”