আভাস কাব্য/মন্দোদৰী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৫৮ ]
মন্দোদৰী।

 গন্ধৰ্ব্ব জীয়াৰী তুমি, দশানন প্ৰিয়া,
পুত্ৰ তযু ইন্দ্ৰজিত দেৱৰাজ অৰি,
চেনেহৰ পুত্ৰ-বধু দেবা অনুপমা
ময় দানৱৰ কন্যা প্ৰমিলা সুন্দৰী॥
ৰাক্ষস কুলৰ লক্ষী, পতিব্ৰতা সতী;
ধৰ্ম্ম পৰায়না তুমি লঙ্কাৰ ঈশ্বৰী,
কুলৰ মঙ্গল অৰ্থে ভক্তিৰ ফুলেৰে
পূজিছিলা নিতে, সতি! শঙ্কৰ শঙ্কৰী॥
কিন্তু কিবা কুক্ষেণত স্বামীয়ে তোমাৰ
লক্ষমী স্বৰূপিণী সীতা কবিলে হৰণ
পঞ্চবটী বনমাজে, চদ্ম যোগী বেশে
বিসম ভবিষ্যফল নকৰি চিন্তন॥
 ধৰ্ম নিষ্ঠা তুমি, সতি! বুলিলা স্বামীক,—
“পৰত্নী হৰণ পাপ অতি গুৰুতৰ,
বিশেষত, সতী সীতা, লক্ষ্মী স্বৰূপিণী
পূৰ্ণ-লক্ষ্মী অৱতাৰ, পূজিতা মৰ্ত্ত্যৰ॥
কথা, শুনা, প্ৰাণনাথ! লঙ্কাৰ ঈশ্বৰ!—
ক্ষমা মাগা বৈদেহীৰ ধৰি চৰনত;

[ ৫৯ ]

ক্ষমাৱতী সতী সীতা, ক্ষেমিব তোমাৰ
যি কৰিলা অপৰাধ অজ্ঞান দোষত॥
লঙ্কাৰ মঙ্গল হেতু জানকী দেবীক
ওলোটাই দিয়া, নাথ! ৰামৰ কাষত;
কমল লোচন ৰাম, দয়াৰ সাগৰ।
ক্ষেমিব,-মাগিবা ক্ষম৷ ধৰি চৰণত।”
তোমাৰ স্বামীয়ে কিন্তু একো নামালিলে,
অন্তিমত ৰোগী যেনে নাখায় ঔষধ;
আশোক বনত কৰি বন্দনী সীতাক,
নুশুনি তোমাৰ বাধা, ঘটালে বিপদ॥
 সতী তুমি; জানিছিলা সতীত্ব কি ধন,
সি বুলি সতীত্ব তুমি ৰখালী সীতাৰ;
নতু,—অসহায় সীতা, কি কৰি ৰাখিব
ৰাৱনৰ হাতে সতী-ধৰ্ম্ম আপোনাৰ?
তুমি, সতি। জ্ঞানৱতী; নুশুনি তোমাৰ
নীতি পূৰ্ণ উপদেশ লঙ্কা নাশ পালে;
এক লক্ষ বীৰ পুত্ৰ, চৱা লক্ষ নাতী
সমৰক্ষেত্ৰত প্ৰাণ ত্যজিলে অকালে!!
প্ৰাণসম প্ৰিয় পুত্ৰ ইন্দ্ৰজিত-শোকে
কান্দিলা বহুত তুমি হই উন্মাদিনী;