পৃষ্ঠা:আভাস কাব্য.pdf/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

এই দৰে তুমি, সতি! কতনো বুলিলা,
কিন্তু নামানিলে বাধা স্বামীয়ে তোমাৰ,—
সুগ্ৰীবে সইতে পুনু কৰি ঘোৰ ৰণ,
শ্ৰীৰামৰ শৰে পাছে, ত্যজিলা সংসাৰ॥
তাৰ পাছে গই তুমি, স্বামীৰ শোকত
আউলি-বাউলী হই, বুলিলা ৰামক,
“শুনিছে তাৰাই, প্ৰভু! পূৰ্ণ ব্ৰহ্মা তুমি,
পূৰ্ণ অৱতাৰ হৰি পাতকী-তাৰক॥
সত্যনিষ্ঠ, ন্যায়বান, কিন্তু কি কাৰণে
নাশিলা স্বামীক মোৰ কপট যুদ্ধত?
তুমি যদি কৰা এনে নিন্দনীয় কাম,
তেন্তে প্ৰভু! ক’ত আৰু ধৰ্ম্ম জগতত?
ধৰ্ম্ম অধৰ্ম্মৰ, প্ৰভু! তুমি আদি মূল
আমি নাৰী, তিৰীমতি কিৰূপে বুজিম?
অবলা তিৰুতা আমি, স্বামীৰ বিহনে
অসহায়, কি বাপেৰে জীৱন ধৰিম?
যি শৰেৰে, প্ৰভু! তুমি নাশিলা স্বামীক,—
সেই শৰে কৰা বধ তাৰাৰ জীৱন;
স্বামীৰ আশ্ৰিতা আমি, তৰুৰ বিহনে
লতাৰ নিচিনা, হ’ব তাৰাৰো পতন॥

৪৮