পৃষ্ঠা:আভাস কাব্য.pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

তাৰা

ইয়াকে মাথোন খাটো তোমাৰ পাৱত,—
পিতৃ মাতৃ হীন পুত্ৰ অঙ্গদ আমাৰ,
শোকত অধীৰ হই কৰিলে ক্ৰন্দন,
শোন্তনা কৰিবা প্ৰভু! কৰুণা আধাৰ!”
এই বুলি তুমি, সতি! ৰামৰ পাৱত
কান্দিলা বহুত পৰি;—পৰ দুখে দুখী
কোমল হদয় ৰাম, তোমাৰ শোকত
কান্দিলা দুখেৰে বহু, চকু পানী টুকি॥
তাৰ পাছে, আহা! সতী! যেতিয়া তোমাৰ
স্বোৱামীৰ মৃত দেহা ** শ্মশানত,
বিলাপি তুমিও গ’লা বিজৰ্জ্জিব প্ৰাণ
প্ৰাণৰ স্বামীয়ে স’তে অগনি কুণ্ডত॥
কমল লোচন ৰাম বুলিলে তোমাক,
“ক্ষান্ত হোৱা তুমি, সতি। যোৱা ঘৰলই;
পতিব্ৰতা, সাধ্বী তুমি, আমাৰ বৰত
সংসাৰত আৰু শোক তোমাৰ নহয়॥
মানৱ সমাজে গাব সুযশ তোমাৰ,—
পবিত্ৰ তোমাৰ নাম ঘোষিব জগতে;
“প্ৰাতঃ স্মৰণীয়া' তুমি ৰমণী কুলৰ,—
“অনন্ত অক্ষয় যশ তোমাৰ ভাবতে॥”

৪৯