পৃষ্ঠা:আভাস কাব্য.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তাৰা।

 ৰাম ৰঘুবৰে স’তে মিত্ৰ ভাব কৰি
সুগ্ৰীবে যেতিয়া, সতি! কিষ্কিন্ধ্যাত গই
যুদ্ধ হেতু আহ্বানিলা স্বামীক তোমাৰ
নতুন তেজেৰে পুনু বলীয়ান হই॥
সিকালত তুমি, সতি! বুলিলা বালীক
(প্ৰাণৰ স্বামীক তযু) “উঠি ৰাতি পুঁৱা
গধুলীৰ বাহিফুল যি দৰে পেলায়,—
সি দৰে তিয়াগী ক্ৰোধ, তুমি শান্ত হোঁৱা॥
শুনা, নাথ! কথা মোৰ, ক্ষান্ত দিয়াঁ আজি,—
সুগ্ৰীবে সইতে যুদ্ধ না লাগে কৰিব:—
সুগ্ৰীব তোমাৰ ভাই, তুমি জৈষ্ঠ তাৰ,—
ভ্ৰাতৃ বিৰোধত মাথোঁ শক্ৰৱে হাহিব॥
কি কাজ সমৰ কৰি ভ্ৰাতৃয়ে সইতে?
কিবা লাভ আছে, নাথ! ভ্ৰাতৃ বিৰোধত?
সুগ্ৰীবক যুবৰাজ কৰি অভিষেক
ৰুমাক * পঠাই দিয়া স্বামীৰ কাষত।

উমা বুলি প্ৰখ্যাত। ক'লাকৃত্তীবাসী ৰামায়ণতে উমা বুলি লিখিছে।

৪৬