আভাস কাব্য/অৰজা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আভাস কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৬৫ ]

অৰজা।

শুক্ৰ গুৰু কন্যা তুমি, অৰঙ্গ সুন্দৰি!
গঢ়িলে বিধতা জানো কত যতনত
তোমাৰ মোহিনী মুৰ্তি জেউতিৰে ভৰা;
যোগীৰ যে ভুলে মন তোমাৰ ৰূপত॥
বনৰ হৰিনী, দেবি।! সঙ্গিনী তোমাৰ,
আপোনাৰ দেহ-ছঁয়া সখী চেনেহৰ;
ফুলৰাৰ দৰে ফুৰা তপোবন-মাজে
আপোন ৰূপত কৰি ফুলনী পোহৰ॥
আনন্দময়ীৰ দৰে তুমিও ৰঙ্গিনী,—
নিজে খেলা, নিজে হাঁহা, আপুনি বজাই
প্ৰাণৰ লাহৰী বীণ, নিজে গোৱা গীত
(মন প্ৰাণ মুগ্ধকৰ)—পৰাণ ভৰাই॥
কিন্তু, দেবি! কান্দে প্ৰাণ! কৰ্ম্ম দশ ফলে
দেখিলে তোমাৰ ৰূপ দণ্ডক ৰাজন,—

[ ৬৬ ]

কামমদে মাতি ৰজা ধৰিলে তোমাক
সতী-ৰতন তযু কৰিব হৰণ॥
বীনয় বচনে তুমি বুলিলা, সুন্দৰি!
“নকৰাঁ। গহিত কৰ্ম্ম কৰি বলৎকাৰ;
শুক্ৰৰ জীয়াৰী মই, কন্যা অকুমাৰী,
শুনিলে শাপিব পিতা নাপাবা নিস্তাৰ॥
কিন্তু যদি, মহাৰাজ! আছে ইচ্ছা মোত
ক্ষন্তেক অপেক্ষা কৰা, শুধিবা গুৰুক,—
মহানন্দে দিব সপি তোমাৰ হাতত
অৰজাক,—পাছে, ৰজা! কৰিবা সম্ভোগ॥”
কামমদে মত্ত ৰজা নুশুনিলে মানা
বলেৰে কৰিলে তযু সতীত্ব হৰণ;
এনেয়ে অবলা তুমি, তাতে অসহায়,
কি কৰিবা? মাথোঁ, হায়! কৰিলা ক্ৰন্দন॥
সন্ধ্যা কৰি, আাহি গুৰু সৰযু তীৰত,
তোমাৰ দুৰ্দ্দশা যত ধ্যান বলে জানি,
কোৰোধত অন্ধ হই শাপিলে দণ্ডক,—
“সপ্ত দিনে ৰাজ্য তোৰ নাশিব অগণি। *


* এই শাপতেই দণ্ডক ৰজাৰ গোটাই ৰাজ্য সাদিনৰ দিনা, অগ্নিয়ে পুৰি ধ্বংশ কৰে। ৰজা নিজেও প্ৰজাদিয়ে সৈতে সেই জুইতে ধ্বংস পায়। আজি কালি সেই ঠাইকে “দণ্ডকাৰণ্য” বোলে। [ ৬৭ ]

সি অগ্নিত পুৰি তয়ো সবান্ধৱে স’তে
ধ্বংশ পাবি, দুৰাচাৰ দণ্ডক অধম!
যতদূৰ ৰাজ্য তোৰ,-তোৰ অধিকাৰ,—
অগণিয়ে ততদূৰ কৰিব দহন॥”
তাৰ পাছে শুক্ৰে, দেবি! বুলিলে তোমাক,—
“কি হ’ব কান্দিলে আৰু? এয়ে কৰ্ম্ম ফল!
দুধে সুখে ইবনত থাকি সাত দিন,
তাৰ পাছে যাবা স্বৰ্গে তিয়াগি ভূতল॥”
পিতৃ আজ্ঞা মতে, পাছে, থাকি সিবনত
সাত দিন, তাৰ পাছে উন্মাদিনী হই,
কি ভাব মনত ভাবি, সৰযু গৰ্ভত
আপোনাৰ দেহা, দেবি! দিলা উটুৱাই॥
আধাফুলা ঢোপাকলি, শুকালা অকালে
ফুলনী পোহৰ কৰি নাপালা ফুলিব’।
অকুমাৰী কন্যা তুমি, নিচিনিলা প্ৰেম
সংসাৰ-লীলাৰ চিত্ৰ নাপালা দেখিব’!!

আভাস কাব্য (page 67 crop)